Tuesday, March 12, 2024

অহা ৪৮ ঘণ্টাত হ’ব মূষলধাৰ বৰষুণ,ধুমুহা! এইসমূহ ৰাজ্যত সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে - IMD Weather Report


Weather Alert: অহা ৪৮ ঘণ্টাত হ’ব মূষলধাৰ বৰষুণ,ধুমুহা! এইসমূহ ৰাজ্যত সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে

ইটোৰ পিছত সিটোকৈ পশ্চিমীয়া ধুমুহাৰ সতৰ্কবাণী। সমগ্ৰ দেশতে বতৰ দ্ৰুতগতিত সলনি হৈছে।

 ইটোৰ পিছত সিটোকৈ পশ্চিমীয়া ধুমুহাৰ সতৰ্কবাণী। সমগ্ৰ দেশতে বতৰ দ্ৰুতগতিত সলনি হৈছে। আইএমডিৰ পূৰ্বাভাস অনুসৰি অহা তিনিদিনত মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ সম্ভাৱনা আছে।

 ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মঙলবাৰে পূৰ্বাভাসত প্ৰকাশ কৰিছে যে পশ্চিমীয়া ধুমুহাই উত্তৰ-পশ্চিম ভাৰতৰ বতৰত প্ৰভাৱ পেলাব।

 ১৩ আৰু ১৪ মাৰ্চত জন্মু-কাশ্মীৰ লাদাখ, হিমাচল প্ৰদেশ, উত্তৰখণ্ডত বজ্ৰপাতৰ আশংকা আছে।

 ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলৰ পশ্চিম ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে কাইলৈ ​​১৩ মাৰ্চ বুধবাৰে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত লঘু বৰষুণ হ’ব।

 ইফালে, ১৪ মাৰ্চলৈকে পশ্চিম বংগ আৰু ছিকিমত লঘু বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে আই এম ডিয়ে। গংগা পশ্চিম বংগ অঞ্চলত ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ লঘু বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

 বতৰ বিজ্ঞান বিভাগে ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ওড়িশাত লঘু বৰষুণৰ অশংকা কৰিছে। ১৬ আৰু ১৭ মাৰ্চত ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় অঞ্চলতো লঘু বৰষুণৰ সম্ভাৱনা আছে।

 আগন্তুক ৩দিনত অসমতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

 ১২ মাৰ্চত পৰৱৰ্তী ৩ দিন দুদিন কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু পুডুচেৰীৰ ওপৰত বতৰৰ পৰিস্থিতি অধিক গৰম আৰু আৰ্দ্ৰ হ’ব।

ইতিমধ্যে উষ্ণতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। সোমবাৰে ৰাজধানী দিল্লীত মাৰ্চ মাহৰ সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড গঢ়ে। মঙলবাৰে দিল্লীৰ তাপমাত্ৰা ৩২ ডিগ্ৰী চেলছিয়াছ।

 আই এম ডিৰ গড় বতৰৰ তথ্য অনুসৰি আজিৰ সৰ্বোচ্চ উষ্ণতা ঋতুৰ স্বাভাৱিকতকৈ ৩ ডিগ্ৰী ওপৰত হ’ব। যোৱা বছৰৰ মাৰ্চ মাহত সৰ্বোচ্চ উষ্ণতা ৩৩.৯ ডিগ্ৰী চেলছিয়াছ আৰু তাৰ আগৰ বছৰত ৩৯.৬ ডিগ্ৰী চেলছিয়াছ।

 

 

 

 

0 Comments:

Post a Comment

Popular Posts