সৰুতে বাৰু আপুনি বৰশী টুপাইছিল নে! গৰৈ, চেঙা মাছ আপোনাৰ বৰশীত উঠিছিল নে! গাঁৱৰ খাল-পুখুৰীবোৰত বৰশী টুপাওতে আটাইতকৈ বেছিকৈ উঠা মাছৰ ভিতৰত অধিক আছিল গৰৈ আৰু চেঙা মাছ। গাঁৱৰ পিতনিবোৰত মাছ ধৰোতেও এই গৰৈ-চেঙা মাছবোৰেই বেচিকৈ পাইছিল মাছমৰীয়াই। অসমৰ গাঁৱত অতিকৈ সুলভ এই মাছবোৰৰ যে অতিপাত বজাৰ মূল্য আছে, সেই কথা কোনেও সপোনতো কল্পনা কৰা নাছিল।
সময়বোৰ অসম্ভৱ ধৰণে সলনি হৈছে। সময়ৰ সোঁতত, মানুহৰ হেঁচাত আমাৰ চৌপাশৰ পৰা হেৰাই হৈছে বহু বস্তু। সৰুতে আমি সুলভ বুলি ভাৱি থকা কিছুমান বস্তু-সামগ্ৰীৰ ইমান আকাশলংঘী বজাৰ মূল্য আজিও ভাৱিবলৈ কিবা টান লাগে। শেহতীয়াকৈ এটা চেঙা মাছ বিদেশত প্ৰায় ডেৰ লাখ টকাত বিক্ৰী হয় বুলি বাতৰিত দেখি আপুনিও ছাগে বিশ্বাস কৰিবলৈ টান পাইছে। কিন্তু এই বিষয়ত কিছু তথ্য গুগলত বিচাৰ-খোচাৰ কৰাৰ পাছত পোহৰলৈ আহিল আমি নজনা বহু কথা।
চেঙা মাছ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- Channa Barca. ইয়াৰ বহুকেইটা প্ৰজাতি আছে। আঁচল কথাটো হল পৃথিৱীৰ ভিতৰত এই মাছবিধ কেৱল ব্ৰহ্মপুত্ৰ অৱবাহিকাতহে পোৱা যায়। বিশেষকৈ চীন, থাইলেণ্ড, চিংগাপুৰৰ দৰে দেশত এই মাছবিধৰ দাম সোণতকৈও অধিক। অসমত তিলা চেং, গৰকা চেং, পিপলি চেং, বোৰকা চেং নামেৰে জনাজাত এই চেঙা মাছক অতিপাত দুলৰ্ভ মাছ বুলি বহু বছৰৰ আগতেই ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰ লগতে দুষ্প্ৰাপ্য চেং মাছবিধৰ ক্ৰয়-বিক্ৰয় অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ।
কিন্তু নিষিদ্ধ হলেও দীৰ্ঘদিন ধৰি অসমত সুলভ এই মাছবিধক দুষ্ট চক্ৰই বিদেশলৈ ৰপ্তানি কৰি আহিছে। সময়ে সময়ে এই মাছবিধক বিদেশলৈ ৰপ্তানি কৰাৰ সময়তে আৰক্ষীৰ জালত পৰিছে বহু মাছমৰীয়া আৰু দুষ্ট চক্ৰ। ২০১৭ চনৰ আগষ্ট মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত চোৰাং সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰিছিল বহুকেইজন লোক। অলংকাৰিক মাছখিনি কলকাতালৈ যোগান ধৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীজনে। পিছৰ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এই প্ৰজাতিৰ বহু মাছ জব্দ কৰিছিল আৰক্ষীয়ে।
২০১৯ চনৰ অক্টোবৰ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ স্থানীয় দলগাঁও আৰক্ষী থানাত গুৱাহাটীলৈ সৰবৰাহ কৰিবলৈ গৈ থকা অৱস্থাত দুজন লোকক হাটে-লুটে ধৰিছিল। খবৰ অনুসৰি তেওঁলোকে গুৱাহাটীত চাৰিগুণ দামত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই চেঙা মাছখিনি। এনেকৈয়ে আমি নজনাকৈ বহু লোকে চেঙা মাছৰ চোৰাং কাৰবাৰ কৰি ঘটি আছে লাখৰ পৰা কোটি কোটি টকা।
শেহতীয়াকৈ ডিব্ৰুগড়ত জব্দ হোৱা ৮০০টা চেঙা মাছৰ বজাৰ মূল্য প্ৰায় ৪.৫কোটি টকা বুলি ধাৰ্য কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা চেং মাছৰ দাম ১৫শ ডলাৰ। ভাৰতীয় মূল্যত এই প্ৰতিটো চেং মাছৰ দাম প্ৰায় ১.২৫ লাখ টকা। আপুনি জানি আচৰিত হব যে, অনলাইন বজাৰতো এই চেঙা মাছৰ আছে বহু দাম। এই ফটোখন চাওক-

ফটোখন ভালকৈ চাওক। এটা চেঙা মাছৰ দাম ৫৫হাজাৰ টকা। ৬ৰ পৰা ৭ ইঞ্চিৰ দৈৰ্ঘ্যৰ এটা চেঙা মাছৰ মূল্য ৫৫হাজাৰ বুলি উল্লেখ কৰা হৈছে ইণ্ডিয়া মাৰ্ট নামৰ কৰ্মাচিয়েল বেৱচাইটটোত। বিদেশত এই চেঙা মাছটোৰ মূল্য আৰু অধিক। এই ফটোখন চাওক-

লাইভষ্ট্ৰোক নামৰ এই ৱেবচাইটটোত এটা চেঙা মাছৰ মূল্য চিংগাপুৰত ১৭৫০এছ জি ডি বুলি উল্লেখ কৰা হৈছে। ভাৰতীয় মূল্যত এই দাম হয়গৈ প্ৰায় ১লাখ ৪৫হাজাৰ টকা।

মাছবিধৰ প্ৰজাতিক লৈ দামৰ ক্ষেত্ৰত কিছু ভিন্নতা আছে। তলৰ এই ফটোখন চাওক-

২০ৰ পৰা ২২ চেন্টিমিটাৰৰ এই চেঙা মাছটোৰ দাম চিংগাপুৰত ১৬৫০। ভাৰতীয় মূল্যত এই মাছটোৰ দাম ১লাখ ৩৫হাজাৰ। এনেকৈয়ে এতিয়া বিদেশৰ বজাৰত সোণতকৈ অধিক দামত বিক্ৰী হৈছে অসমৰ খালে-ডোঙে থকা সুলভ চেঙা মাছ।
0 Comments:
Post a Comment