Monday, May 24, 2021

মাটি-বাৰী জোখাৰ এক সাধাৰণ আভাস

মাটি-বাৰী জোখাৰ এক  সাধাৰণ  আভাস 
আয়তাকাৰ বা বৰ্গাকাৰ মাটি জোখা একেবাৰে সহজ (১ নং চিত্ৰ) | আপোনালোকে দীঘ আৰু প্ৰস্হ পূৰণ কৰি লৱ, আৰু পূৰণফলটোক ১৪৪ ৰে হৰণ কৰিলে আপুনি লোচা(লেচা) পাব| আকৌ যদিহে ২৮৮০ যে হৰণ কৰে কঠা পাব| একেধৰণে যদি ১৪৪০০ দি হৰণ কৰে বিঘা পাব |

১২ ফুট × ১২ ফুট = ১৪৪ বৰ্গফুট = ১ লোচা (লেচা)

১৪৪ বৰ্গফুট × ২০ = ২৮৮০ বৰ্গফুট =১ কঠা = ২০ লোচা ( লেচা)

২৮৮০ বৰ্গফুট × ৫ = ১৪৪০০ বৰ্গফুট= ১ বিঘা = ৫ কঠা = ১০০ লোচা

যদিহে মাটিটুকুৰা অন্য আকৃতিৰ হয়(২,৩,৪ আৰু ৫ নং চিত্ৰ) , তেতিয়া আপুনি চাৰিকোণীয়া মাটি হ'লে প্ৰথমে দীঘ আৰু প্ৰস্হ উলিওৱাই লওঁক| ২ আৰু ৩ নং চিত্ৰৰ দৰে হ'লে বিপৰীত কাষ দুটা যোগ কৰি দুইৰে হৰণ কৰক, আপুনি দীঘ আৰু প্ৰস্হৰ গড় পাই গ'ল | বাকীখিনি একে | 
উদাহৰণস্বৰূপে ৩ নং চিত্ৰৰ দীঘ ৮০ ফুট আৰু প্ৰস্থ ৬০ ফুট হ'ব| 
মাটিৰ পৰিমাণ= ৮০ ফুট × ৬০ ফুট = ৪৮০০ বৰ্গফুট = ১ কঠা ১৩.৩ লোচা

৪নং চিত্ৰ অলপ কঠিন| চিত্ৰত দিয়া জোখৰ পৰাই উলিয়াই দেখাইছো 
অৰ্ধপৰিসীমা(ক) = (৩০+২৮+৩২)/২= ৪৫ ফুট
মাটিৰ পৰিমাণ= √{ক×(ক-৩০)×(ক-২৮)× (ক-৩২)}= √{৪৫× (৪৫-৩০)×(৪৫-২৮)×(৪৫-৩২)}=√(৪৫×১৫×১৭×১৩)=√(১৪৯১৭৫)=৩৮৬.২ বৰ্গফুট= ২.৬৮ লোচা
৫ নং চিত্ৰৰ মাটি খিনি দুটা অংশত বগাই ১,২ ,৩ নং চিত্ৰৰ দৰে কৰিলেই হ'ব|

(নিজা সম্যক জ্ঞানৰ আধাৰত, কিবা ৰৈ গ'লে আপোনালোকেও যোগ দিব, তেতিয়া আমি সকলোৱেই শিকিব পাৰিম, ধন্যবাদ)

আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ বেঙ্ক একাউণ্টত মিনিটত সলনি কৰক, ইয়াত গোটেই প্ৰক্ৰিয়াটো চাওক

 


আপুনি ঘৰত বহি বা বেংকৰ এটিএম বা বেংক শাখালৈ গৈ আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ সলনি কৰিব পাৰে। পঞ্জীভুক্ত ম'বাইল নম্বৰৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, AsomiyaGFX.in য়ে আপোনালৈ বিশেষ তথ্য আনিছে । 

আজিৰ ইণ্টাৰনেট বেঙ্কিং যুগত, আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বেঙ্কিং কাৰ্যকলাপ হওঁক বা পৰিশোধ হওঁক, আপুনি কেৱল আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰলৈ অহা অ'টিপিৰ জৰিয়তে লেনদেনটো সম্পূৰ্ণ কৰিব পাৰে। কিন্তু প্ৰায়ে আমি আমাৰ পুৰণি নম্বৰটো বেংকত পঞ্জীয়ন কৰিবলৈ পাহৰি যাওঁ। লগতে, যদি আমি সেই একাউণ্টটো পুনৰ আৰম্ভ কৰিব লগা হয়, পঞ্জীভুক্ত ম'বাইল নম্বৰ অবিহনে ই অতি কঠিন হৈ পৰে। 

এনে পৰিস্থিতিত, সময়ে সময়ে আপোনাৰ নতুন ম'বাইল নম্বৰ বেঙ্কৰ সৈতে আপডেট কৰাটো অতি গুৰুত্বপূৰ্ণ। এই প্ৰক্ৰিয়াটো অতি সহজ। আপুনি ঘৰত বহি বা বেংকৰ এটিএম বা বেংক শাখালৈ গৈ আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ সলনি কৰিব পাৰে। পঞ্জীভুক্ত ম'বাইল নম্বৰৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, ইণ্ডিয়া টিভি মানিয়ে আপোনালৈ বিশেষ তথ্য আনিছে।

 বেঙ্কএটাত আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ কেনেদৰে সলনি কৰিব

আজিকালি, ভুৱা মোবাইল নম্বৰৰ জৰিয়তে বহুতো বেঙ্কিং জালিয়াতিও কৰা হয়। যদি আপুনি শিথিল, চাইবাৰ ঠগসকলে আপোনাৰ গোটেই একাউণ্টটো খালী কৰিব পাৰে। এনে ক্ষেত্ৰত, আপুনি যিমোবাইল নম্বৰ চলাই আছে; তেওঁক লগে লগে বেঙ্কত পঞ্জীয়ন কৰক। ই আপোনাক লগে লগে জনাব যে আপোনাৰ একাউণ্টত যি টকা আহি আছে বা গৈ আছে। বেংক একাউণ্টত ম'বাইল নম্বৰ সলনি কৰাৰ দুটা উপায় আছে!


অনলাইন হোম চিটিং মোবাইল নম্বৰ সলনি কৰক

যদি আপোনাৰ নেট বেঙ্কিং একাউণ্ট আছে! গতিকে আপুনি ঘৰত বহি থকা আপোনাৰ ম'বাইল বা কম্পিউটাৰৰ সহায়ত বেংক একাউণ্টৰ মোবাইল নম্বৰ সলনি কৰিব পাৰে। ইয়াত, আমি ভাৰতীয় ষ্টেট বেংকৰ উদাহৰণ লম, যি হৈছে দেশৰ সৰ্ববৃহৎ বেংক। একাউণ্টৰ ম'বাইল নম্বৰ সলনি কৰাৰ অনলাইন প্ৰক্ৰিয়াটো আমাক জনাব ।

অনলাইন মোবাইল নম্বৰ পৰিবৰ্তন কৰক

1. প্ৰথমে আপুনি বেঙ্কৰ নেট বেঙ্কিং ৱেবছাইট www.onlinesbi.com লগইন কৰিব লাগিব।

2. যেতিয়া আপুনি আপোনাৰ একাউণ্টত লগইন কৰে, আপুনি ইয়াত প্ৰ'ফাইলত ক্লিক কৰিব লাগিব।

3. এতিয়া আপুনি ব্যক্তিগত বিৱৰণত ক্লিক কৰক।

4. ইয়াত আপুনি আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ৰ প্ৰ'ফাইল পাছৱৰ্ড প্ৰবিষ্ট কৰিব লাগিব।

5. ইয়াক দাখিল কৰিলে আপোনাক আপোনাৰ ইমেইল আইডি আৰু পুৰণি নম্বৰ দেখুৱাব। ই ম'বাইল নম্বৰ সলনি কৰাৰ বিকল্পও দেখুৱাব।

6. এই নিৰ্দেশনা অনুসৰণ কৰি, আপুনি আপোনাৰ ম'বাইল নম্বৰ সলনি কৰিব ইচ্ছুক। 

বেংকলৈ যাওক আৰু ম'বাইল নম্বৰ সলনি কৰক

যদি আপুনি প্ৰযুক্তিঅনুকূল নহয় আৰু ইণ্টাৰনেট বেঙ্কিং ব্যৱহাৰ নকৰে, আপুনি বেঙ্কলৈ যাব পাৰে আৰু আপোনাৰ ম'বাইল নম্বৰ সলনি কৰিব পাৰে। আপুনি আপোনাৰ বেংকশাখালৈ যাব লাগিব আৰু মোবাইল নম্বৰ পৰিৱৰ্তন প্ৰপত্ৰলৈ গৈ মোবাইল নম্বৰ সলনি কৰিবলৈ এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আপুনি আপোনাৰ পাছবুক আৰু আধাৰ কাৰ্ডৰ ফটোকপিও প্ৰদান কৰিব লাগিব। আপুনি এই সকলোবোৰ জমা কৰিব লাগিব। আপোনাৰ ম'বাইল নম্বৰ তৎক্ষণাৎ সলনি কৰা হ'ব। 

এটিএমৰ পৰা মোবাইল নম্বৰ কেনেদৰে সলনি কৰিব

আপুনি বিচাৰিলে আপোনাৰ এ টি এমৰ পৰা আপোনাৰ ম'বাইল নম্বৰ সলনি কৰিব পাৰে। কিন্তু তাৰ বাবে আপোনাৰ ওচৰত সেই পুৰণি নম্বৰটো থাকিব লাগে। যিটো আপুনি ইতিমধ্যে বেঙ্কত পঞ্জীয়ন কৰিছে। অন্যথা এই ব্যৱস্থাই আপোনাৰ বাবে কাম নকৰিব।

Tuesday, May 18, 2021

সাঁচি গছৰ বিষয়ে জানো আহক

সাঁচি_গছ_সুগন্ধি_তেল_অগৰুধূনা_আৰু_তাৰ_লগত_সংগতি_ৰাখি_কিছু_কথা


সাঁচি গছ(Aquilaria_malaccensis)ৰ বিষয়ে আমি সকলোৱেই কম বেছি পৰিমাণে হ'লেও কিছু জানোঁ, তথাপিও প্ৰথমে কিছু থুলমুল আভাস দি লওঁ || সাঁচি গছ হৈছে এবিধ সৰু সৰু পাতৰ ৯০ ৰ পৰা ১১০ ফুট পৰ্যন্ত ওখ হোৱা ডাঙৰ কিন্তু কোমল কাঠৰ গছ, পাত আঁহযুক্ত আৰু প্লাষ্টিকৰ দৰে লিকতা হয় || আহোম যুগত বুৰঞ্জী আৰু শংকৰীযুগত এই গছৰ ছালৰপৰাই পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল, ইয়াক সাঁচিপাত বুলি কোৱা হয় || কাগজ ব্যৱহাৰ হোৱাৰ পৰা এই গছৰ ছালৰ ব্যৱহাৰ নোহোৱা হ'ল, কিন্তু এই গছৰ কাঠৰ পৰা প্ৰাকৃতিক ভাবে হোৱা কাঠধূনা যাক অগৰু বা আগৰ বুলি কোৱা হয়, আৰু সুগন্ধি তেল নিষ্কাষন কৰিবলৈ লোৱা হ'ল, তেতিয়াৰ পৰা এই গছৰ মূল্য উৰ্দ্ধমুখী হবলৈ ধৰে, লগতে ইয়াক খেতি হিচাপে লৈ বহু জেগাত বহু কৃষকে স্বাৱলম্বিতাৰ মুখ দেখিছে || কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলো জেগাতে এই গছত অগৰু ধূনা পোৱা নাযায়, কিয় পোৱা নাযায় তলত বিস্তৃত ভাবে উল্লেখ কৰিম, প্ৰথম আহো এই গছ ক'ত ক'ত পোৱা যায় ||

সাধাৰণতে ভাৰত, শ্ৰীলংকা, বাংলাদেশ, ভুটান, চীন, জাপান, ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড আদি ঠাইত সাঁচি গছ পোৱা যায় || সাধাৰণতে এই গছ ৰোপণৰ বাবে পানী জমা নোহোৱা মাটি উপযোগী || কিন্তু ইমানবোৰ ঠাইত এই গছ পোৱা যায় যদিও একমাত্ৰ অসমৰ সিমিত কিছু জেগাতহে প্ৰাকৃতিক ভাবে গছত অগৰু বা কাঠধূনা উৎপন্ন হয় ||

এতিয়া আহো এই গছৰ অগৰু আৰু তেলৰ বিষয়লৈ, প্ৰতিজুপি গছৰ পৰাই কম বেছি পৰিমানে তেল নিষ্কাষন কৰিব পাৰি যদিও সকলো গছৰ পৰা অগৰু ধূনা আহৰণ কৰিব নোৱাৰি || এই গছৰ তেল নিষ্কাষন কৰিবলৈ প্ৰথমে ইয়াক সৰু সৰু টুকুৰা কৰি পানীত তিয়াই থৈ কিছু দিন ফাৰ্মেন্টেছন হবলৈ দি অত্যাধুনিক ডিস্টিলিং প্লান্টত নিৰ্ধাৰিত তাপমানত উত্তাপিত কৰি সুৰা প্ৰস্তুত কৰাৰ দৰে তেল নিষ্কাষন কৰা হয় || তাৰ বিপৰীতে অগৰু ধূনা হাতেৰে দা বা বটালীৰ দ্বাৰা সম্পূৰ্ণ প্ৰাকৃতিক ভাবে আহৰণ কৰিব পাৰি || উজনি অসমৰ বহু জেগাত ঘৰে ঘৰে এই পদ্ধতিৰে অগৰু ধূনা সংগ্ৰহ কৰি থকা পৰিলক্ষিত হয় ||

এতিয়া আহো কোনবিলাক গছত অগৰু পোৱা যায়, এই ক্ষেত্ৰত আমাৰ অসম সৌভাগ্যবান বুলি ক'ব লাগিব, কিয়নো এতিয়ালৈকে অকল অসমৰ উজনিৰ কেইখনমান জিলাতহে প্ৰাকৃতিক ভাবে এই অগৰু পাবলৈ সক্ষম হৈছে || কিয়নো এই অগৰু পাবলৈ হ'লে এই গছত প্ৰাকৃতিক ভাবে এবিধ পোকে যাক #সাঁচি_পোক(Zeuzera conferta)বুলি কোৱা হয়, সেই পোকে গাগছৰ ভিতৰ অংশ খাব লাগিব, এই পোকে গছজোপাৰ ভিতৰি যিমান খাব গছত অগৰুৰ পৰিমানো সিমান বৃদ্ধি পাব || এই পোকে খোৱাৰ লগে লগে অগৰু উৎপন্ন নহয়, পোকে খাই নিজৰ জীৱন চক্ৰ সমাপন কৰি গছৰ পৰা ওলাই যোৱাৰ পাছত সেই পোকে খোৱা অংশত #Phaeoacremonium_parasitica নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণ হয় আৰু এই ভেকুৰ যিমান পূৰনি হয় সিমানেই অগৰুৰ মানদণ্ড উন্নত হয় ||

এতিয়া অকল অসমৰ উজনিৰ কেইখনমান জিলাতহে এই পোকে খাই অগৰু উৎপন্ন কৰা পৰিলক্ষিত হৈছে, গতিকে এইখিনিতে এটা প্ৰশ্ন উঠে, তেন্তে বাকি দেশ সমূহে কি কৰিব !! যিহেতু এজুপি গছৰ পৰা সুগন্ধি তেল নিষ্কাষন কৰিলে মাটিৰ গুনাগুণৰ ওপৰত নিৰ্ভৰ কৰি বহুত কম তেল নিষ্কাষন হয় || গতিকে এনেবোৰ দেশত কৃত্ৰিম পদ্ধতিৰে গছত ভেঁকুৰৰ আক্ৰমণ কৰোৱা হয় || সেইকেইটা হ'ল, গছত গজাল মৰা, দাৰে ঘপিওৱা, বটালী মৰা, আৰু শেষতিয়াকৈ উদ্ভাৱন হোৱা ড্ৰিলিং+ইন'কুলেচন পদ্ধতি(#Inoculation_technique)|| অসমৰ যিবিলাক অঞ্চলত প্ৰাকৃতিক ভাবে পোকে নাখায় সেই অঞ্চল বিলাকত পূৰনি কৃত্ৰিম পদ্ধতিৰে যেনে দাৰে ঘপিওৱা, বটালী মৰা, গজাল মৰা আদি পদ্ধতি অবলম্বন কৰি গছত অগৰু বা সুগন্ধি তেলৰ পৰিমান বঢ়োৱা হয়, কিন্তু এনে কৃত্ৰিম পদ্ধতিৰ দ্বাৰা যি অগৰু বা তেল নিষ্কাষন হয় তাৰ মানদণ্ড প্ৰাকৃতিক ভাবে হোৱা অগৰুৰ তুলনাত বহুত কম আৰু মূল্যও কম হয় ||

এতিয়াৰ যি নতুন কৃত্ৰিম পদ্ধতিৰে গছত অগৰু বনোৱা হয়, যাক #Inoculation_technique বোলা হয়, এই পদ্ধতিৰ ওপৰত খুব সম্ভৱ ৯০ দশকত গোলাঘাটৰ ড˚ পদ্মেশ্বৰ গগৈ ছাৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ত কিছু কাম কৰিছিল, তাৰ পাছত আজমল ফাউণ্ডেশ্যনত গৈ কিছু কাম কৰা বুলি শুনিবলৈ পাইছিলো, কিন্তু কিমান দূৰ সফল হ'ল বৰ বেছি খবৰ নাপাওঁ || কিন্তু সেই একেই পদ্ধতিৰে আজি শ্ৰীলংকাকে ধৰি মালয়েচিয়া আদি ৰাষ্ট্ৰ সফল হৈছে, আৰু ইয়াৰ বাহিৰে তেওঁলোকৰ বিকল্প নাই ||

এই পদ্ধতিত প্ৰথমে যি ভেকুৰৰ দ্বাৰা সাঁচি গছত অগৰু উৎপন্ন হয়, সেই ভেকুৰ প্ৰথমে পৰীক্ষাগাৰত পনীয়া অবস্থাত বৃদ্ধি কৰি লোৱা হয় || তাৰ পাছত গছত কৃত্ৰিম ফুটা কৰি সেই ফুটাত পনীয়া আকাৰৰ ভেকুৰ ভৰাই দি বাঁহৰ বা কাঠৰ টুকুৰাৰে সেই ফুটা বন্ধ কৰি দিয়া হয়, সেই সময়ৰ পৰা ২ ৰ পৰা ৩ বছৰৰ ভিতৰত গছৰ পৰা অগৰু সংগ্ৰহ কৰা হয় ||

এতিয়া আহো অগৰু আৰু সুগন্ধি তেলৰ ব্যৱহাৰলৈ || সাঁচি গছৰ তেল সুগন্ধি ধূপ, আতৰ, বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীকে ধৰি চিকিৎসা বিজ্ঞানৰ ভেষজ জাতীয় ঔষধ নিৰ্মাণতো প্ৰচুৰ ব্যৱহাৰ হয়, লগতে নিয়মীয়াকৈ বিশুদ্ধ অাগৰ তেল সামান্য পৰিমাণে সেৱন কৰিব পাৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাই বুলি জনা যায় || এই তেল সোণৰ দৰে তোলা হিচাপে বিক্ৰী হয় || অগৰু ধূনা মধ্যপ্ৰাচ্যৰ দেশ ডুবাই, ছৌদি আৰৱ, কাটাৰ, কোৱেইট আদি যিমানবিলাক মুচলমান ৰাষ্ট্ৰ বা দেশ আছে,  সেই দেশ সমূহত তেওঁলোকে ঘৰত ধূনা হিচাপে নিয়মিত ব্যৱহাৰ কৰে || আৰবীসকলে দিনটোত অন্ততঃ এবাৰ হ’লেও অগৰু ধূনা ব্যৱহাৰ কৰাৰ নিয়ম আছে || শুনা মতে তেওঁলোকৰ মচজিদত অগৰু ধূনা জ্বলোৱাতো এটা সামাজিক প্ৰথা || তেওঁলোকৰ বিয়া সমূহত আগৰ তেল আৰু অগৰু ধূনা ব্যৱহাৰ নকৰিলে বিয়া আধৰুৱা হয়, সেয়েহে ইয়াক বিয়া সমূহত আপুৰুগীয়া সম্পদ হিচাপে গণ্য কৰা হয়, গতিকে মধ্যপ্ৰাচ্যৰ দেশ সমূহত অগৰুৰ চাহিদা অসীম, আৰু অতি উচ্চমূল্যত বিক্ৰী কৰা হয় ||

অসমৰ সাঁচি গছ পৃথিৱীৰ সকলো ঠাইতকৈ উন্নতমানৰ বুলি জনা যায়, কিয়নো বৰ্তমান অকল অসমৰ পৰাই প্ৰাকৃতিক ভাবে পোৱা অগৰু ধুনা আৰু আগৰ তেল বিদেশলৈ ৰপ্তানি হৈছে(কিন্তু চুৰাং ভাবে)|| উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰৰ নামটি, যোৰহাট, গোলাঘাটৰ কেইটামান অঞ্চলতহে প্ৰাকৃতিক ভাবে হোৱা অগৰু ধূনা পাবলৈ সক্ষম হয় || আৰু এইকেইটা অঞ্চলৰ পৰাই মধ্য অসমৰ হোজাইত এতিয়া বৃহত্তম পাইকাৰী বিক্ৰীকেন্দ্ৰ গঢ়লৈ উঠিছে ||
শুনা মতে(কিয়নো কোনো এজন ব্যৱসায়ীয়েই ইয়াৰ সঠিক মূল্য নকয়, যি এই ব্যৱসায়ৰ লগত আন্তৰাষ্ট্ৰীয় ভাবে জড়িত তেওঁলোকেহে জানে, আৰু যেতিয়ালৈকে ই চৰকাৰী স্বীকৃতি নাপায় তেতিয়ালৈকে ইয়াৰ সঠিক মূল্য সাধাৰন মানুহে গম নাপায়)বৰ্ত্তমান আগৰ তেল আৰু অগৰু ধূনাৰ আন্তৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মূল্য হিচাপে ১ তোলা তেলৰ মূল্য ৪০ হাজাৰ পৰা ১ লাখ পৰ্যন্ত হয়, আৰু অগৰু ধূনাৰ ১ কে.জিত প্ৰায় ১ লাখৰ পৰা ১০ লাখ পৰ্যন্ত হয়(কেতিয়াবা বেছিও হ'ব পাৰে)|| অবশ্যে ইয়াৰ মূল্য আগৰ তেল আৰু অগৰু ধূনাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে ইয়াক মানদণ্ড অনুসৰি কেইবাটাও ভাগত ভাগ কৰি লোৱা দেখা যায়, যেনে A++, A+, B++, B+ আদি বা ব্যৱসায়ী সকলৰ মুখেৰে কবলৈ গলে কাঢ়ামাল, বহামাল, চিনমাল, ব'য়ামাল আদি বিভিন্ন নামেৰে ভাগ কৰি লৈছে || বাৰু যি নহওঁক এইবিলাক হ'ল ব্যৱসায়ী সকলৰ বিচাৰ্য্য ||

বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত আগৰ উৎপাদনৰ শিল্প গঢ়ি উঠিছে, ইয়াৰ ভিতৰত মালয়েছিয়া, ভিয়েটনাম,  শ্ৰীলংকা, বাংলাদেশ উল্লেখযোগ্য || এই দেশ সমূহক আগৰ খেতি আৰু অগৰু নিষ্কাষন উদ্যোগক চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ বাবে এতিয়া এই উদ্যোগটোৰ পৰা সেই দেশসমূহে বৃহৎ পৰিমাণৰ কৰ আদায় কৰিবলৈ সক্ষম হৈছে ||

কিন্তু যি অসমৰ সাঁচি গছৰ অগৰু বিশ্বৰ সকলো দেশৰ অগৰুৰ তুলনাত অতি উচ্চমানৰ, তথাপিও এই খেতি আৰু উদ্যোগটোৰ ওপৰত চৰকাৰে সঠিক পদক্ষেপ লবলৈ সক্ষম হোৱা নাই || কিছু কিছু ক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে বহু ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানী তথা প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হোৱা নাই, আজিও এই ব্যৱসায় চুৰাং প্ৰয্যায়তেই চলি থকা দেখা যায় || আগৰ তেল আৰু কেঁচামাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানীৰ বাবে সুবিধা হ’লে বছৰি হাজাৰ কোটি টকা বৈদেশিক মুদ্ৰা অৰ্জনৰ সম্ভাবনা থকা স্বত্ত্বেও আজি পৰ্যন্ত চৰকাৰে ইয়াৰ বিষয়ে সঠিক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত ন'হ'ল ||

Saturday, May 15, 2021

Colour Overlay For Image Editor Apps - PNG File Download

Colour Overlay For Image Editor Apps - PNG File Download


 For: Photoshop Express, PicsArt Photo Studio, Fotor Photo Editor, PhotoDirectorad, Snapseed,

VSCO Photo & Video Editor, Toolwiz Photos-Pro Editor, YouCam Perfect, Pixlr, Photo Lab,

Photo Editor Pro, Prisma Photo Editor & More.

PNG File Size: 1920x1080

Download Link

Friday, May 14, 2021

কৰনাৰ পৰা মুক্তি পালেও এইকেইটা পৰীক্ষা কৰক

কৰনাৰ পৰা মুক্তি পালেও এইকেইটা পৰীক্ষা কৰক 
************************
 এই সমগ্র দেশজুৰি এতিয়া ক'নাৰ আতংক । অতিমাৰী ভাইৰাছবিধৰ বিৰুদ্ধে চলি থকা যুঁজত নামি পৰিছে লক্ষ লক্ষ স্বাস্থ্যকর্মী । প্রথমশাৰীৰ এইসকলৰ যােদ্ধাৰ বাবেই বহু আক্রান্ত | লােক ক'ৰনাৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু ' কৰনাৰ পৰা পৰা মুক্তি পালেও বিশেষজ্ঞসকলে আক্রান্ত | লােকসকলক কেইটামান পৰীক্ষা কৰিবলৈ সতর্ক কৰি দিছে । আজিৰ শিতানত কৰনাৰ পৰা সুস্থ হােৱাৰ পাছত কৰিবলগা পৰীক্ষা কেইটাৰ বিষয়ে উল্লেখ কৰা হ'ল— 👇👇👇👇👇
🛑👉প’ষ্ট ৰিক’ভাৰী টেষ্টঃ কনাৰ সৈতে আটাইতকৈ বেছি । জড়িত হৈ থকা শব্দটো হৈছে ইমিউনিটী । অর্থাৎ ৰােগ প্ৰতিৰােধ ক্ষমতা । বহু ক্ষেত্ৰত দেখা গেছে যে কিছুমান লােক কৰ'নাৰ পৰা মুক্তি পােৱাৰ পাছতাে সাংঘাতিকভাবে দুর্বল অনুভৱ কৰে । সেয়ে | পষ্ট ৰিক'ভাৰী টেষ্টৰ জৰিয়তে শৰীৰৰ ইমিউন ছিষ্টেম অর্থাৎ ৰােগ প্ৰতিৰােধ ক্ষমতা কিমান সক্রিয় হৈ আছে সেই বিষয়ে জানিব | পৰা যায় ।
🛑👉 এন্টিবড়ী টেষ্ট কৰনাৰ সৈতে যুঁজাৰ সময়ত আক্রান্ত | লােকজনৰ দেহত এন্টিবউ । উৎপন্ন হয় । যিটোৱে শৰীৰক বিভিন্ন ৰােগৰ জীৱাণুৰ পৰা ৰক্ষা কৰে । সেয়ে এন্টিবউ টেষ্টৰ জৰিয়তে যিকোনাে ভাইৰাহৰ সৈতে | যুঁজিবলৈ শৰীৰ বা ইমিউন ছিষ্টেম কিমান শক্তিশালী হৈ আছে সেই বিষযে জানিব পৰা যায় । অকল সেয়াই নহয় , এন্টিবডী টেষ্টৰ জৰিয়তে কৰনাৰ পৰা মুক্তি পােৱা লােকজন প্লাজমা দান কৰিবলৈ সক্ষম হয় নে নহয় সেই বিষয়েও অৱগত হ'ব পৰা যায় । উল্লেখ্য যে ক'নাৰ ৰা মুক্ত | হােৱাৰ পিছত দেহত এন্টিবড়ী তৈয়াৰ হ'বলৈ কিছু সময়ৰ প্রয়ােজন হয় । সেয়ে চিকিৎসকৰ পৰামর্শ অনুসৰি কেইদিনমান পিছত এই পৰীক্ষা কৰা উচিত । 
🛑👉 চিৰিচি অর্থাৎ কমপ্লিট ট ব্লাড কাউন্ট : চিবিচি অর্থাৎ কমপ্লিট রাড কাউন্ট হৈছে এনে এবিধ পৰীক্ষা যাৰ জৰিয়তে বিভিন্ন | ধৰণৰ ৰক্তকোষ ( আৰ বি চি , ডব্লিউ বি চি , প্লেটলেট ) আদিৰ পৰিমাণৰ বিষয়ে জানিব পৰা যায় । লগতে কৰনাত আক্রান্ত হৈ থকাৰ সময়ত এই ৰক্ত কোষসমূহে দেহত কেনেধৰণৰ প্রতিক্রিয়া কৰিছিল বা কেনেধৰণে কাম কৰিছিল সেই বিষয়ে জানিব পৰা যায় । 
🛑👉 মুক’জ , কলেষ্টেৰল টেষ্ট কৰ'না মুক্ত হােৱাৰ পাছত এই | পৰীক্ষা কৰাটো অতি জৰুৰী । কিয়নাে কৰ'নাত আক্রান্ত হ'লে | দেহৰ গ্লুক’জ আৰু কলেষ্টেৰলৰ মাত্ৰাৰ সাল - সলনি ঘটে । তদুপৰি । | যিসকল লােকৰ তেজত শৰ্কৰাৰ পৰিমাণ অধিক , তেওঁলােকে এই পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী ।

Sunday, May 9, 2021

অসমৰ ৫ বিধ গগনাৰ বিষয়ে জানো আহক

//ক্ষেত্ৰ ভিত্তিক অধ্যয়ন মতে আমাৰ অসমত এই ৫ বিধ গগনাৰ উৎস পোৱা গৈছে//
১/  বৰ গগনা
২/  চুঙা গগনা
৩/  লাহৰী গগনা
৪/  ৰামধন গগনা
৫/  শালিকী ঠুটিয়া গগনা
               ইয়াৰ ভিতৰত বৰ গগনা, চুঙা গগনা আৰু শালিকী ঠুটিয়া গগনা বিধ আজি আমাৰ সমাজৰ পৰা লুপ্ত প্ৰায়। আমাৰ আহোম সমাজত তাহানিতেই এই গগনা কেইবিধৰ  প্রচলিত আছিল বুলি জনা যায়। বাকী লাহৰী আৰু ৰামধন গগনা দুবিধ অসমৰ প্ৰায় সকলো জিলাতেই বৰ্তমান প্ৰচলিত। আকাৰত ডাঙৰ বাবে বৰ গগণা, বাঁহৰ চুঙাৰে সজা বাবে চুঙা গগনা আৰু শালিকা চৰাইৰ ঠোঁট সদৃশ আৰু নিচেই সৰু বাবে ইয়াক শালিকী ঠুটিয়া গগনা বুলি জনাজাত আছিল। ইয়াৰে শালিকী ঠুটিয়া গগনা বিধ সেই তাহানিৰ বোৱাৰী সকলে শাহু-শহুৰে নেদেখাকৈ উৰণীৰ তলত, খোপাত গুজি লৈ নৈৰ ঘাটৰ পৰা পানী আনিবলৈ যাওঁতে লৈ গৈছিল  আৰু নৈৰ ঘাটতেই কেইজনীমান বোৱাৰী লগ হৈ বিহু জুৰিছিল বুলি জনমত আছে ।
#সংগ্ৰহ

Friday, May 7, 2021

PUBG Mobile India Relaunch in IndiaIndia - Comming Soon

 Krafton announces PUBG Mobile to return as ‘Battlegrounds Mobile India’; registrations to open soon


পিইউবিজি ম'বাইল ইণ্ডিয়াৰ খেলৰ সকলো অনুৰাগীৰ বাবে কিছু ভাল খবৰ আছে। কোম্পানীটোৱে ইয়াৰ সামাজিক মাধ্যমৰ মঞ্চত এখন নতুন পোষ্টাৰ মুকলি কৰিছে যিয়ে প্ৰকাশ কৰিছে যে খেলখন সঁচাকৈয়ে যুদ্ধক্ষেত্ৰ মোবাইল ইণ্ডিয়া হিচাপে মুকলি হ'ব।

যোৱা সপ্তাহত, পিইউবিজি ম'বাইল ইণ্ডিয়াই ইয়াৰ অফিচিয়েল ইউটিউব চেনেলত এটা টিজাৰ পোষ্ট কৰিছিল, কেৱল ইয়াৰ পিছতে ইয়াক বিলোপ কৰিবলৈ। অফিচিয়েল টিজাৰ পোষ্টাৰে লিকটো নিশ্চিত কৰিছে। উৎক্ষেপণৰ সময়সীমা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

অফিচিয়েল পোষ্টাৰত পিইউবিজি ম'বাইল ইণ্ডিয়াক বেটেলগ্ৰাউণ্ডচ ম'বাইল ইণ্ডিয়া হিচাপে অহা দেখুওৱা হৈছে। পিইউবিজি ম'বাইল ইণ্ডিয়াৰ সামাজিক মাধ্যমৰ হেণ্ডেলটো বেটেলগ্ৰাউণ্ডচ ম'বাইল ইণ্ডিয়ালৈ সলনি কৰা হৈছে।

 পিইউবিজি ম'বাইল ইণ্ডিয়াৰ ফেচবুক হেণ্ডেল আৰু ইউটিউব পৃষ্ঠাৰ পোষ্টাৰ এতিয়া বেটেলগ্ৰাউণ্ডছ ম'বাইল ইণ্ডিয়ালৈ সলনি কৰা হৈছে। অৱশ্যে টুইটাৰ হেণ্ডেলটো একেই আছে।  এই সত্যটো অস্বীকাৰ কৰিব নোৱাৰি যে ক্ৰাফ্টনে পিইউবিজি ম'বাইল ইণ্ডিয়া পুনৰ মুকলি কৰিবলৈ সকলো পদক্ষেপ ল'ব বিচাৰে আৰু এনে লাগে যে কোম্পানীটোৱে এতিয়া এই উদ্দেশ্যৰ বাবে খেলৰ নাম সলনি কৰিবলৈও ইচ্ছুক। উল্লেখ্য যে, ২০২০ চনৰ ডিচেম্বৰত ক্ৰাফ্টনে "পিইউবিজি ম'বাইল ইণ্ডিয়া" বেনাৰত পিইউবিজি ম'বাইলৰ ভাৰতলৈ উভতি অহাৰ বিষয়ে নিশ্চিত কৰি এটা ৱেবছাইট মুকলি কৰে। 

এইটো লক্ষণীয় যে গোপনীয়তাৰ চিন্তাৰ বাবে ২০২০ চনৰ ছেপ্টেম্বৰত ভাৰত চৰকাৰে পিইউবিজি ম'বাইল ইণ্ডিয়া নিষিদ্ধ কৰিছিল। যদিও পিইউবিজি বিকাশকাৰীসকলে এতিয়াও পিইউবিজি ম'বাইল ইণ্ডিয়া পুনৰ মুকলি কৰাৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, পিইউবিজি ম'বাইল ইণ্ডিয়া শীঘ্ৰেই পুনৰ মুকলি কৰা হ'ব বুলি জল্পনা-কল্পনা চলি আছে। লিংকডইনত কোম্পানীৰ দ্বাৰা নিৰন্তৰ চাকৰিৰ তালিকাভুক্তিৰ বাবে খেলখনৰ উভতি অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

Tuesday, May 4, 2021

ঘৰত বহিয়েই SBI গ্ৰাহকে আপডেট কৰক KYC, অন্যথা ৩১ মে'ৰ পিছত অচল হৈ পৰিব আপোনাৰ একাউণ্ট!

দেশত বৰ্ধিত কোৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংক (SBI)য়ে ইয়াৰ গ্ৰাহকসকলৰ কেৱাইচি (KYC ) আপডেটৰ সময়সীমা ৩১ মে'লৈ বৃদ্ধি কৰিছে। বেংকে এক জাননীযোগে ইয়াৰ গ্ৰাহকসকলক ৩১ মে'ৰ ভিতৰত কেৱাইচি (KYC) আপডেট কৰিবলৈ আহ্বান জনোৱাৰ লগতে সময়সীমাৰ ভিতৰত এয়া সম্পন্ন নকৰিলে একাউণ্ট বেংকিং সেৱা বন্ধ কৰা হ'ব বুলিও উল্লেখ কৰিছে।
বেংকে জাননীত কৈছে যে গ্ৰাহকসকলে কোনো অসুবিধা নোহোৱাকৈ বেংকিং সেৱা অব্যাহত ৰাখিবলৈ ৩১ মে'ৰ ভিতৰত KYC আপডেট কৰিব লাগিব। মহামাৰী কোৰোণাৰ বাবে ৩১ মে'লৈ সময়সীমা বৃদ্ধি কৰা হৈছে অৰ্থাৎ ৩১ মে'ৰ ভিতৰত KYC আপডেট নকৰিলে একাউণ্ট ফ্ৰীজ কৰা হ'ব।
ইপিনে কোৰোণাৰ বৰ্ধিত সংক্ৰমণ আৰু বহু ৰাজ্যত চলি থকা লকডাউন আৰু নৈশ কাৰফিউৰ দৰে প্ৰতিবন্ধকতাৰ প্ৰতি লক্ষ্য ৰাখি KYC আপডেটৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে বেংকটোৱে।
ঘৰত বহি এনেদৰে কৰক KYC আপডেট - 
SBIয়ে সিদ্ধান্ত লৈছে যে ইয়াৰ গ্ৰাহকসকলে KYC আপডেট কৰিবলৈ তেওঁলোকৰ নথিপত্ৰ ই-মেইল বা পোষ্টৰ দ্বাৰা প্ৰেৰণ কৰিব পাৰে। কাগজ-পত্ৰ লৈ শাখালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। ১৭টা স্থানীয় মুখ্য কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধকৰ সৈতে আলোচনাৰ অন্তত SBIয়ে ই-মেইল বা পোষ্টৰ জৰিয়তে KYC আপডেট গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
৩১ মে'লৈ বন্ধ নহয় একাউণ্ট -
SBIয়ে KYC আপডেট নোহোৱাৰ বাবে যাতে ৩১ মে'লৈকে কোনো গ্ৰাহকৰ একাউণ্ট আংশিকভাৱে বন্ধ কৰা নহয়, তাক নিশ্চিত কৰিবলৈও কোৱা হৈছে। ইপিনে এই নিৰ্দেশনাবোৰ তাৎক্ষণিকৰূপত কাৰ্যকৰী কৰা হৈছে।
KYC আপডেটৰ বাবে কিমান দিনৰ প্ৰয়োজন -
বেংকে তেওঁলোকৰ গ্ৰাহকৰ মূল্যাংকন তেওঁলোকৰ বিপদাশংকাৰ আধাৰত কৰে। অধিক বিপদাশংকা থকা গ্ৰাহকসকলে প্ৰতি দুবছৰত কমেও এবাৰ KYC আপডেট কৰিব লাগে। যিসকল গ্ৰাহকৰ মধ্যমীয়া বিপদাশংকা আছে তেওঁলোকে প্ৰতি আঠ বছৰত এবাৰকৈ KYC আপডেট কৰিব লাগে আৰু অতি কম বিপদাশংকা থকা গ্ৰাহকসকলে প্ৰতি দহ বছৰত এবাৰকৈ KYC আপডেট কৰিব লাগে।

Popular Posts