Monday, May 24, 2021

মাটি-বাৰী জোখাৰ এক সাধাৰণ আভাস

মাটি-বাৰী জোখাৰ এক  সাধাৰণ  আভাস 
আয়তাকাৰ বা বৰ্গাকাৰ মাটি জোখা একেবাৰে সহজ (১ নং চিত্ৰ) | আপোনালোকে দীঘ আৰু প্ৰস্হ পূৰণ কৰি লৱ, আৰু পূৰণফলটোক ১৪৪ ৰে হৰণ কৰিলে আপুনি লোচা(লেচা) পাব| আকৌ যদিহে ২৮৮০ যে হৰণ কৰে কঠা পাব| একেধৰণে যদি ১৪৪০০ দি হৰণ কৰে বিঘা পাব |

১২ ফুট × ১২ ফুট = ১৪৪ বৰ্গফুট = ১ লোচা (লেচা)

১৪৪ বৰ্গফুট × ২০ = ২৮৮০ বৰ্গফুট =১ কঠা = ২০ লোচা ( লেচা)

২৮৮০ বৰ্গফুট × ৫ = ১৪৪০০ বৰ্গফুট= ১ বিঘা = ৫ কঠা = ১০০ লোচা

যদিহে মাটিটুকুৰা অন্য আকৃতিৰ হয়(২,৩,৪ আৰু ৫ নং চিত্ৰ) , তেতিয়া আপুনি চাৰিকোণীয়া মাটি হ'লে প্ৰথমে দীঘ আৰু প্ৰস্হ উলিওৱাই লওঁক| ২ আৰু ৩ নং চিত্ৰৰ দৰে হ'লে বিপৰীত কাষ দুটা যোগ কৰি দুইৰে হৰণ কৰক, আপুনি দীঘ আৰু প্ৰস্হৰ গড় পাই গ'ল | বাকীখিনি একে | 
উদাহৰণস্বৰূপে ৩ নং চিত্ৰৰ দীঘ ৮০ ফুট আৰু প্ৰস্থ ৬০ ফুট হ'ব| 
মাটিৰ পৰিমাণ= ৮০ ফুট × ৬০ ফুট = ৪৮০০ বৰ্গফুট = ১ কঠা ১৩.৩ লোচা

৪নং চিত্ৰ অলপ কঠিন| চিত্ৰত দিয়া জোখৰ পৰাই উলিয়াই দেখাইছো 
অৰ্ধপৰিসীমা(ক) = (৩০+২৮+৩২)/২= ৪৫ ফুট
মাটিৰ পৰিমাণ= √{ক×(ক-৩০)×(ক-২৮)× (ক-৩২)}= √{৪৫× (৪৫-৩০)×(৪৫-২৮)×(৪৫-৩২)}=√(৪৫×১৫×১৭×১৩)=√(১৪৯১৭৫)=৩৮৬.২ বৰ্গফুট= ২.৬৮ লোচা
৫ নং চিত্ৰৰ মাটি খিনি দুটা অংশত বগাই ১,২ ,৩ নং চিত্ৰৰ দৰে কৰিলেই হ'ব|

(নিজা সম্যক জ্ঞানৰ আধাৰত, কিবা ৰৈ গ'লে আপোনালোকেও যোগ দিব, তেতিয়া আমি সকলোৱেই শিকিব পাৰিম, ধন্যবাদ)

0 Comments:

Post a Comment

Popular Posts