Tuesday, May 18, 2021

সাঁচি গছৰ বিষয়ে জানো আহক

সাঁচি_গছ_সুগন্ধি_তেল_অগৰুধূনা_আৰু_তাৰ_লগত_সংগতি_ৰাখি_কিছু_কথা


সাঁচি গছ(Aquilaria_malaccensis)ৰ বিষয়ে আমি সকলোৱেই কম বেছি পৰিমাণে হ'লেও কিছু জানোঁ, তথাপিও প্ৰথমে কিছু থুলমুল আভাস দি লওঁ || সাঁচি গছ হৈছে এবিধ সৰু সৰু পাতৰ ৯০ ৰ পৰা ১১০ ফুট পৰ্যন্ত ওখ হোৱা ডাঙৰ কিন্তু কোমল কাঠৰ গছ, পাত আঁহযুক্ত আৰু প্লাষ্টিকৰ দৰে লিকতা হয় || আহোম যুগত বুৰঞ্জী আৰু শংকৰীযুগত এই গছৰ ছালৰপৰাই পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল, ইয়াক সাঁচিপাত বুলি কোৱা হয় || কাগজ ব্যৱহাৰ হোৱাৰ পৰা এই গছৰ ছালৰ ব্যৱহাৰ নোহোৱা হ'ল, কিন্তু এই গছৰ কাঠৰ পৰা প্ৰাকৃতিক ভাবে হোৱা কাঠধূনা যাক অগৰু বা আগৰ বুলি কোৱা হয়, আৰু সুগন্ধি তেল নিষ্কাষন কৰিবলৈ লোৱা হ'ল, তেতিয়াৰ পৰা এই গছৰ মূল্য উৰ্দ্ধমুখী হবলৈ ধৰে, লগতে ইয়াক খেতি হিচাপে লৈ বহু জেগাত বহু কৃষকে স্বাৱলম্বিতাৰ মুখ দেখিছে || কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলো জেগাতে এই গছত অগৰু ধূনা পোৱা নাযায়, কিয় পোৱা নাযায় তলত বিস্তৃত ভাবে উল্লেখ কৰিম, প্ৰথম আহো এই গছ ক'ত ক'ত পোৱা যায় ||

সাধাৰণতে ভাৰত, শ্ৰীলংকা, বাংলাদেশ, ভুটান, চীন, জাপান, ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড আদি ঠাইত সাঁচি গছ পোৱা যায় || সাধাৰণতে এই গছ ৰোপণৰ বাবে পানী জমা নোহোৱা মাটি উপযোগী || কিন্তু ইমানবোৰ ঠাইত এই গছ পোৱা যায় যদিও একমাত্ৰ অসমৰ সিমিত কিছু জেগাতহে প্ৰাকৃতিক ভাবে গছত অগৰু বা কাঠধূনা উৎপন্ন হয় ||

এতিয়া আহো এই গছৰ অগৰু আৰু তেলৰ বিষয়লৈ, প্ৰতিজুপি গছৰ পৰাই কম বেছি পৰিমানে তেল নিষ্কাষন কৰিব পাৰি যদিও সকলো গছৰ পৰা অগৰু ধূনা আহৰণ কৰিব নোৱাৰি || এই গছৰ তেল নিষ্কাষন কৰিবলৈ প্ৰথমে ইয়াক সৰু সৰু টুকুৰা কৰি পানীত তিয়াই থৈ কিছু দিন ফাৰ্মেন্টেছন হবলৈ দি অত্যাধুনিক ডিস্টিলিং প্লান্টত নিৰ্ধাৰিত তাপমানত উত্তাপিত কৰি সুৰা প্ৰস্তুত কৰাৰ দৰে তেল নিষ্কাষন কৰা হয় || তাৰ বিপৰীতে অগৰু ধূনা হাতেৰে দা বা বটালীৰ দ্বাৰা সম্পূৰ্ণ প্ৰাকৃতিক ভাবে আহৰণ কৰিব পাৰি || উজনি অসমৰ বহু জেগাত ঘৰে ঘৰে এই পদ্ধতিৰে অগৰু ধূনা সংগ্ৰহ কৰি থকা পৰিলক্ষিত হয় ||

এতিয়া আহো কোনবিলাক গছত অগৰু পোৱা যায়, এই ক্ষেত্ৰত আমাৰ অসম সৌভাগ্যবান বুলি ক'ব লাগিব, কিয়নো এতিয়ালৈকে অকল অসমৰ উজনিৰ কেইখনমান জিলাতহে প্ৰাকৃতিক ভাবে এই অগৰু পাবলৈ সক্ষম হৈছে || কিয়নো এই অগৰু পাবলৈ হ'লে এই গছত প্ৰাকৃতিক ভাবে এবিধ পোকে যাক #সাঁচি_পোক(Zeuzera conferta)বুলি কোৱা হয়, সেই পোকে গাগছৰ ভিতৰ অংশ খাব লাগিব, এই পোকে গছজোপাৰ ভিতৰি যিমান খাব গছত অগৰুৰ পৰিমানো সিমান বৃদ্ধি পাব || এই পোকে খোৱাৰ লগে লগে অগৰু উৎপন্ন নহয়, পোকে খাই নিজৰ জীৱন চক্ৰ সমাপন কৰি গছৰ পৰা ওলাই যোৱাৰ পাছত সেই পোকে খোৱা অংশত #Phaeoacremonium_parasitica নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণ হয় আৰু এই ভেকুৰ যিমান পূৰনি হয় সিমানেই অগৰুৰ মানদণ্ড উন্নত হয় ||

এতিয়া অকল অসমৰ উজনিৰ কেইখনমান জিলাতহে এই পোকে খাই অগৰু উৎপন্ন কৰা পৰিলক্ষিত হৈছে, গতিকে এইখিনিতে এটা প্ৰশ্ন উঠে, তেন্তে বাকি দেশ সমূহে কি কৰিব !! যিহেতু এজুপি গছৰ পৰা সুগন্ধি তেল নিষ্কাষন কৰিলে মাটিৰ গুনাগুণৰ ওপৰত নিৰ্ভৰ কৰি বহুত কম তেল নিষ্কাষন হয় || গতিকে এনেবোৰ দেশত কৃত্ৰিম পদ্ধতিৰে গছত ভেঁকুৰৰ আক্ৰমণ কৰোৱা হয় || সেইকেইটা হ'ল, গছত গজাল মৰা, দাৰে ঘপিওৱা, বটালী মৰা, আৰু শেষতিয়াকৈ উদ্ভাৱন হোৱা ড্ৰিলিং+ইন'কুলেচন পদ্ধতি(#Inoculation_technique)|| অসমৰ যিবিলাক অঞ্চলত প্ৰাকৃতিক ভাবে পোকে নাখায় সেই অঞ্চল বিলাকত পূৰনি কৃত্ৰিম পদ্ধতিৰে যেনে দাৰে ঘপিওৱা, বটালী মৰা, গজাল মৰা আদি পদ্ধতি অবলম্বন কৰি গছত অগৰু বা সুগন্ধি তেলৰ পৰিমান বঢ়োৱা হয়, কিন্তু এনে কৃত্ৰিম পদ্ধতিৰ দ্বাৰা যি অগৰু বা তেল নিষ্কাষন হয় তাৰ মানদণ্ড প্ৰাকৃতিক ভাবে হোৱা অগৰুৰ তুলনাত বহুত কম আৰু মূল্যও কম হয় ||

এতিয়াৰ যি নতুন কৃত্ৰিম পদ্ধতিৰে গছত অগৰু বনোৱা হয়, যাক #Inoculation_technique বোলা হয়, এই পদ্ধতিৰ ওপৰত খুব সম্ভৱ ৯০ দশকত গোলাঘাটৰ ড˚ পদ্মেশ্বৰ গগৈ ছাৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ত কিছু কাম কৰিছিল, তাৰ পাছত আজমল ফাউণ্ডেশ্যনত গৈ কিছু কাম কৰা বুলি শুনিবলৈ পাইছিলো, কিন্তু কিমান দূৰ সফল হ'ল বৰ বেছি খবৰ নাপাওঁ || কিন্তু সেই একেই পদ্ধতিৰে আজি শ্ৰীলংকাকে ধৰি মালয়েচিয়া আদি ৰাষ্ট্ৰ সফল হৈছে, আৰু ইয়াৰ বাহিৰে তেওঁলোকৰ বিকল্প নাই ||

এই পদ্ধতিত প্ৰথমে যি ভেকুৰৰ দ্বাৰা সাঁচি গছত অগৰু উৎপন্ন হয়, সেই ভেকুৰ প্ৰথমে পৰীক্ষাগাৰত পনীয়া অবস্থাত বৃদ্ধি কৰি লোৱা হয় || তাৰ পাছত গছত কৃত্ৰিম ফুটা কৰি সেই ফুটাত পনীয়া আকাৰৰ ভেকুৰ ভৰাই দি বাঁহৰ বা কাঠৰ টুকুৰাৰে সেই ফুটা বন্ধ কৰি দিয়া হয়, সেই সময়ৰ পৰা ২ ৰ পৰা ৩ বছৰৰ ভিতৰত গছৰ পৰা অগৰু সংগ্ৰহ কৰা হয় ||

এতিয়া আহো অগৰু আৰু সুগন্ধি তেলৰ ব্যৱহাৰলৈ || সাঁচি গছৰ তেল সুগন্ধি ধূপ, আতৰ, বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীকে ধৰি চিকিৎসা বিজ্ঞানৰ ভেষজ জাতীয় ঔষধ নিৰ্মাণতো প্ৰচুৰ ব্যৱহাৰ হয়, লগতে নিয়মীয়াকৈ বিশুদ্ধ অাগৰ তেল সামান্য পৰিমাণে সেৱন কৰিব পাৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাই বুলি জনা যায় || এই তেল সোণৰ দৰে তোলা হিচাপে বিক্ৰী হয় || অগৰু ধূনা মধ্যপ্ৰাচ্যৰ দেশ ডুবাই, ছৌদি আৰৱ, কাটাৰ, কোৱেইট আদি যিমানবিলাক মুচলমান ৰাষ্ট্ৰ বা দেশ আছে,  সেই দেশ সমূহত তেওঁলোকে ঘৰত ধূনা হিচাপে নিয়মিত ব্যৱহাৰ কৰে || আৰবীসকলে দিনটোত অন্ততঃ এবাৰ হ’লেও অগৰু ধূনা ব্যৱহাৰ কৰাৰ নিয়ম আছে || শুনা মতে তেওঁলোকৰ মচজিদত অগৰু ধূনা জ্বলোৱাতো এটা সামাজিক প্ৰথা || তেওঁলোকৰ বিয়া সমূহত আগৰ তেল আৰু অগৰু ধূনা ব্যৱহাৰ নকৰিলে বিয়া আধৰুৱা হয়, সেয়েহে ইয়াক বিয়া সমূহত আপুৰুগীয়া সম্পদ হিচাপে গণ্য কৰা হয়, গতিকে মধ্যপ্ৰাচ্যৰ দেশ সমূহত অগৰুৰ চাহিদা অসীম, আৰু অতি উচ্চমূল্যত বিক্ৰী কৰা হয় ||

অসমৰ সাঁচি গছ পৃথিৱীৰ সকলো ঠাইতকৈ উন্নতমানৰ বুলি জনা যায়, কিয়নো বৰ্তমান অকল অসমৰ পৰাই প্ৰাকৃতিক ভাবে পোৱা অগৰু ধুনা আৰু আগৰ তেল বিদেশলৈ ৰপ্তানি হৈছে(কিন্তু চুৰাং ভাবে)|| উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰৰ নামটি, যোৰহাট, গোলাঘাটৰ কেইটামান অঞ্চলতহে প্ৰাকৃতিক ভাবে হোৱা অগৰু ধূনা পাবলৈ সক্ষম হয় || আৰু এইকেইটা অঞ্চলৰ পৰাই মধ্য অসমৰ হোজাইত এতিয়া বৃহত্তম পাইকাৰী বিক্ৰীকেন্দ্ৰ গঢ়লৈ উঠিছে ||
শুনা মতে(কিয়নো কোনো এজন ব্যৱসায়ীয়েই ইয়াৰ সঠিক মূল্য নকয়, যি এই ব্যৱসায়ৰ লগত আন্তৰাষ্ট্ৰীয় ভাবে জড়িত তেওঁলোকেহে জানে, আৰু যেতিয়ালৈকে ই চৰকাৰী স্বীকৃতি নাপায় তেতিয়ালৈকে ইয়াৰ সঠিক মূল্য সাধাৰন মানুহে গম নাপায়)বৰ্ত্তমান আগৰ তেল আৰু অগৰু ধূনাৰ আন্তৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মূল্য হিচাপে ১ তোলা তেলৰ মূল্য ৪০ হাজাৰ পৰা ১ লাখ পৰ্যন্ত হয়, আৰু অগৰু ধূনাৰ ১ কে.জিত প্ৰায় ১ লাখৰ পৰা ১০ লাখ পৰ্যন্ত হয়(কেতিয়াবা বেছিও হ'ব পাৰে)|| অবশ্যে ইয়াৰ মূল্য আগৰ তেল আৰু অগৰু ধূনাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে ইয়াক মানদণ্ড অনুসৰি কেইবাটাও ভাগত ভাগ কৰি লোৱা দেখা যায়, যেনে A++, A+, B++, B+ আদি বা ব্যৱসায়ী সকলৰ মুখেৰে কবলৈ গলে কাঢ়ামাল, বহামাল, চিনমাল, ব'য়ামাল আদি বিভিন্ন নামেৰে ভাগ কৰি লৈছে || বাৰু যি নহওঁক এইবিলাক হ'ল ব্যৱসায়ী সকলৰ বিচাৰ্য্য ||

বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত আগৰ উৎপাদনৰ শিল্প গঢ়ি উঠিছে, ইয়াৰ ভিতৰত মালয়েছিয়া, ভিয়েটনাম,  শ্ৰীলংকা, বাংলাদেশ উল্লেখযোগ্য || এই দেশ সমূহক আগৰ খেতি আৰু অগৰু নিষ্কাষন উদ্যোগক চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ বাবে এতিয়া এই উদ্যোগটোৰ পৰা সেই দেশসমূহে বৃহৎ পৰিমাণৰ কৰ আদায় কৰিবলৈ সক্ষম হৈছে ||

কিন্তু যি অসমৰ সাঁচি গছৰ অগৰু বিশ্বৰ সকলো দেশৰ অগৰুৰ তুলনাত অতি উচ্চমানৰ, তথাপিও এই খেতি আৰু উদ্যোগটোৰ ওপৰত চৰকাৰে সঠিক পদক্ষেপ লবলৈ সক্ষম হোৱা নাই || কিছু কিছু ক্ষেত্ৰত নিষেধাজ্ঞাৰ বাবে বহু ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানী তথা প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হোৱা নাই, আজিও এই ব্যৱসায় চুৰাং প্ৰয্যায়তেই চলি থকা দেখা যায় || আগৰ তেল আৰু কেঁচামাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰপ্তানীৰ বাবে সুবিধা হ’লে বছৰি হাজাৰ কোটি টকা বৈদেশিক মুদ্ৰা অৰ্জনৰ সম্ভাবনা থকা স্বত্ত্বেও আজি পৰ্যন্ত চৰকাৰে ইয়াৰ বিষয়ে সঠিক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত ন'হ'ল ||

0 Comments:

Post a Comment

Popular Posts