Monday, April 19, 2021

নেমু টেঙাৰ পত্ৰ-মূকুলন কৰা পদ্ধতি

নেমু টেঙাৰ পত্ৰ-মূকুলন কৰা পদ্ধতি…
 
         পত্ৰ-মূকুলন কৰিবলৈ হলে আমাক প্ৰথমতে বৰষুন নপৰা ঠাণ্ডা ঠাইত এখন বীজতলিৰ দৰকাৰ হব ।পলসুৱা মাটি ,কেচুসাৰ বা শুকান গোৱৰৰ গুৰি আৰু বালি ২:১:১ অনুপাতত মিহলি কৰি ১ মিটাৰ বহল আৰু ৮ ইঞ্চি ওখকৈ বনাব লাগিব ।দীঘল প্ৰয়োজন অনুসৰি কৰি লব ।
    এতিয়া এটা পানীৰ পাত্ৰত পানীলৈ মধ্যম বয়সৰ নেমু পাত গছৰ পৰা কাটিলৈ পাত্ৰটোত থব ।তাৰ পিছত ফটোত দিয়া ধৰনে কাটিব আৰু পাটৰ ঠাৰিৰ গুৰি অংশত শিপা ওলোৱা হৰমন প্ৰয়োগ কৰি বীজ তলিত শাৰী শাৰীকৈ পাত বিলাক গুজি দি পাতলীয়াকৈ পানী দিব । 
      এনেদৰে বীজতলিত প্ৰয়োজন অনুসৰি পাত দিয়া হোৱাৰ পিছত সদায় পুৱা আৰু গধুলী পানী দি থাকিলে ২৫ দিন মানৰ পৰা পাত আৰু কাইটৰ মাজত থকা শুপ্ত গজালিটো বিকাশহৈ মাটি ফুটি ওলাই আহিব ।

2 comments:

Popular Posts