Monday, April 12, 2021

Jadav Payeng : The Forest Man Of India (অৰণ্য মানৱ যাদৱ পায়েং)


 অৰণ্য মানৱ যাদৱ পায়েং

জন্ম : ১৯৬৩ অসম, ভাৰত
অন্য নাম : মুলাই
পেচা :অৰণ্য নিৰ্মাতা ।
সক্ৰিয় হৈ থকা সময় : ১৯৮০ চনৰ পৰা বৰ্তমানলৈ।
দাম্পত্যসঙ্গী : বিনীতা পায়েং
বঁটা, সন্মান, পুৰস্কাৰ আদি: পদ্মশ্ৰী বঁটা (২০১৫)

যাদৱ পায়েং এগৰাকী পৰিবেশ কৰ্মী।
মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰাহৈছে । ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ ৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায়১৫ কিলোমিটাৰ ৷
১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল- অৰ্জুন,এজাৰ, গোলমোহৰ, কৰৈ, মজ,শিমলু আদি।
প্ৰাণীৰ ভিতৰত গঁড়, ঢেকিয়া পতীয়া বাঘ,হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান।শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক 'ভাৰতৰ অৰণ্যমানৱ’ (ফৰেষ্ট মেন অৱইণ্ডিয়া) উপাধি প্ৰদান কৰিছে ৷ তেওঁক ২০১৫ চনৰ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

কৰ্ম জীৱন - ১৯৭৯ চনত ষোল্ল বছৰ বয়সত যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। ১৯৮০চনত গোলাঘাট জিলাৰ বনবিভাগে ককিলামুখৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনিগ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাই ডাঙৰীয়াও আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও মুলাই ডাঙৰীয়াই অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে। এতিয়া 'মুলাই কাঠনিবাৰী 'নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ,এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ,শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন,এজাৰ, বগৰী, গমাৰি,সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। ৫৫০ হেক্টৰ জুৰি কেৱল বাঁহ গছেই আছে। ১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটা মানবছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে। ২০০৮ চনত হাতীৰ এটা জাকে হাবি খনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতী জাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বনবিষয়াক এই কথা জনায়। বনবিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে। যাদৱ পায়েঙ দেৱে হাবি খনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য।

ব্যক্তিগত জীৱন - 'মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰুএগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে। গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা। শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০ টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে।

সন্মান আৰু স্বীকৃতি - ২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ(Earth Day) লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। মেগচেচে বঁটা বিজয়ী, জলমানৱ ৰূপেখ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে অংশ লোৱা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত পায়েঙে তেখেতৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক "ভাৰতৰ অৰণ্য মানৱ" (Forest Man of India) আখ্যা দিয়ে। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

শ্বেয়াৰ কৰিব যাতে সকলোৱে এওঁৰ বিষয়ে জানিবলৈ সুবিধা পায়।🙏

অসম পৰ্য্যটন

🌹Jadav Payeng : The Forest Man Of India 🌹

0 Comments:

Post a Comment

Popular Posts