Thursday, April 29, 2021

COVID 19 Vaccine Registration in Assam – How to Register Online ?

COVID 19 Vaccine Registration


In view of unprecedented Covid-19 surge, Ministry of Health and Family Welfare, Government of India has decided to vaccinate all Indian citizens in the age group of 18-44 years. For this purpose, the registration for vaccination against the Covid-19 infection for all above the age of 18 years began today (April 28) at 4 pm on the Co-WIN portal and Aarogya Setu app.
The government also made it mandatory for the 18-44 age group to register themselves on the Co-WIN portal, Aarogya Setu app and UMANG App and get an appointment for vaccination.

Online COVID Vaccine Registration Details

Name of pandemic disease: COVID-19

Eligibility: All Indian citizens

Age: People aged above 18 years

Vaccinated by: Ministry of Health and Family Welfare, Government of India

Helpline No: 1075 (Toll Free) and 01123978046

Basic Requirement/s for Online Vaccine Registration
Documents: To be vaccinated, all individual have to produce/ possess anyone of the following documents -

a. Aadhaar card

b. Driving License

c. PAN card

d. Passport

e. Pension Passbook

f. NPR Smart Card

g. Voter ID Card (EPIC)

Mobile Number: All individual wish to register themself for online vaccine registration must have an active mobile number to register their name. A number can only be used for a maximum of 4 persons.
 
Is vaccination free at all vaccination centres?।

Currently, vaccination is free at government hospitals and charged at INR 250 in private hospitals for citizens aged 45 years and above. This will cease to exist from May 1, and even those above the age of 45 years will have to pay at private facilities that cost fixed by the private hospital.

For people between 18 to 44 years, the States will announce the policy relating to payment. Govt. of Assam has announced that they will offer it for free at government centres.

However, at private vaccination sites, the cost will be decided by the private hospitals and you can see the price of each vaccine at the time of booking. 

How to Register for COVID Vaccine Registration in Assam

# Go to Important Web-links of COVID Vaccine Registration .

# Click on COVID Vaccine Registration.

# A new page will be opened.

# Enter your mobile number and hit the Get OTP button. A one-time password (OTP) will reach your phone.

# Enter the OTP you have received on your phone and click Verify.

# Now, enter details such as your name, gender, and year of birth. Click on Register.

# Click on Schedule next to the name of the person registered to book the appointment for the vaccination.
# Enter your pin code and click Search. You will see the centres available for your pin code.

# You can also search for a vaccine centre by selecting your state and district.

# Select the centre and date and time for the vaccination, and hit Confirm.
# Additionally, Click on +Add Member button to add your family member/s.

Important Web-Links of COVID Vaccine Registration

Corona Vaccine Registration: Click Here .

Official Website: Click Here .

Monday, April 19, 2021

নেমু টেঙাৰ পত্ৰ-মূকুলন কৰা পদ্ধতি

নেমু টেঙাৰ পত্ৰ-মূকুলন কৰা পদ্ধতি…
 
         পত্ৰ-মূকুলন কৰিবলৈ হলে আমাক প্ৰথমতে বৰষুন নপৰা ঠাণ্ডা ঠাইত এখন বীজতলিৰ দৰকাৰ হব ।পলসুৱা মাটি ,কেচুসাৰ বা শুকান গোৱৰৰ গুৰি আৰু বালি ২:১:১ অনুপাতত মিহলি কৰি ১ মিটাৰ বহল আৰু ৮ ইঞ্চি ওখকৈ বনাব লাগিব ।দীঘল প্ৰয়োজন অনুসৰি কৰি লব ।
    এতিয়া এটা পানীৰ পাত্ৰত পানীলৈ মধ্যম বয়সৰ নেমু পাত গছৰ পৰা কাটিলৈ পাত্ৰটোত থব ।তাৰ পিছত ফটোত দিয়া ধৰনে কাটিব আৰু পাটৰ ঠাৰিৰ গুৰি অংশত শিপা ওলোৱা হৰমন প্ৰয়োগ কৰি বীজ তলিত শাৰী শাৰীকৈ পাত বিলাক গুজি দি পাতলীয়াকৈ পানী দিব । 
      এনেদৰে বীজতলিত প্ৰয়োজন অনুসৰি পাত দিয়া হোৱাৰ পিছত সদায় পুৱা আৰু গধুলী পানী দি থাকিলে ২৫ দিন মানৰ পৰা পাত আৰু কাইটৰ মাজত থকা শুপ্ত গজালিটো বিকাশহৈ মাটি ফুটি ওলাই আহিব ।

Monday, April 12, 2021

Jadav Payeng : The Forest Man Of India (অৰণ্য মানৱ যাদৱ পায়েং)


 অৰণ্য মানৱ যাদৱ পায়েং

জন্ম : ১৯৬৩ অসম, ভাৰত
অন্য নাম : মুলাই
পেচা :অৰণ্য নিৰ্মাতা ।
সক্ৰিয় হৈ থকা সময় : ১৯৮০ চনৰ পৰা বৰ্তমানলৈ।
দাম্পত্যসঙ্গী : বিনীতা পায়েং
বঁটা, সন্মান, পুৰস্কাৰ আদি: পদ্মশ্ৰী বঁটা (২০১৫)

যাদৱ পায়েং এগৰাকী পৰিবেশ কৰ্মী।
মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা এই অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰাহৈছে । ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ ৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায়১৫ কিলোমিটাৰ ৷
১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল- অৰ্জুন,এজাৰ, গোলমোহৰ, কৰৈ, মজ,শিমলু আদি।
প্ৰাণীৰ ভিতৰত গঁড়, ঢেকিয়া পতীয়া বাঘ,হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান।শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক 'ভাৰতৰ অৰণ্যমানৱ’ (ফৰেষ্ট মেন অৱইণ্ডিয়া) উপাধি প্ৰদান কৰিছে ৷ তেওঁক ২০১৫ চনৰ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

কৰ্ম জীৱন - ১৯৭৯ চনত ষোল্ল বছৰ বয়সত যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। ১৯৮০চনত গোলাঘাট জিলাৰ বনবিভাগে ককিলামুখৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনিগ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাই ডাঙৰীয়াও আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও মুলাই ডাঙৰীয়াই অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে। এতিয়া 'মুলাই কাঠনিবাৰী 'নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ,এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ,শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন,এজাৰ, বগৰী, গমাৰি,সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। ৫৫০ হেক্টৰ জুৰি কেৱল বাঁহ গছেই আছে। ১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটা মানবছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে। ২০০৮ চনত হাতীৰ এটা জাকে হাবি খনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতী জাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বনবিষয়াক এই কথা জনায়। বনবিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে। যাদৱ পায়েঙ দেৱে হাবি খনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য।

ব্যক্তিগত জীৱন - 'মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰুএগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে। গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা। শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০ টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে।

সন্মান আৰু স্বীকৃতি - ২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ(Earth Day) লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। মেগচেচে বঁটা বিজয়ী, জলমানৱ ৰূপেখ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে অংশ লোৱা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত পায়েঙে তেখেতৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক "ভাৰতৰ অৰণ্য মানৱ" (Forest Man of India) আখ্যা দিয়ে। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

শ্বেয়াৰ কৰিব যাতে সকলোৱে এওঁৰ বিষয়ে জানিবলৈ সুবিধা পায়।🙏

অসম পৰ্য্যটন

🌹Jadav Payeng : The Forest Man Of India 🌹

Thursday, April 8, 2021

আহোম সকলৰ ৬০০ বছৰীয়া সোণালী ইতিহাস

 


৬০০ বছৰীয়া অধ্যায়

১) স্বৰ্গদেউ চাওলুং চুকাফা (১২২৮-১২৬৮)
২) স্বৰ্গদেউ চুচেওফা (১২৬৮-১২৮১)
৩) স্বৰ্গদেউ চুবিনফা (১২৮১-১২৯৩)
৪) স্বৰ্গদেউ চুখাংফা (১২৯৩-১৩৩২)
৫) স্বৰ্গদেউ চুখ্ৰাংফা (১৩৩২-১৩৬৪)
৬) স্বৰ্গদেউ চুতুফা (১৩৭০-১৩৭৬)
৭) স্বৰ্গদেউ তাওখামতি (১৩৮০-১৩৮৯)
৮) স্বৰ্গদেউ চুদাংফা (১৩৯৮-১৪০৭) [বামুণ কোঁৱৰ]
৯) স্বৰ্গদেউ চুজাংফা (১৪০৭-১৪২২)
১০) স্বৰ্গদেউ চুফাকফা (১৪২২-১৪৩৯)
১১) স্বৰ্গদেউ চুচেনফা (১৪৩৯-১৪৮৮)
১২) স্বৰ্গদেউ চুহানফা (১৪৮৮-১৪৯৩)
১৩) স্বৰ্গদেউ চুপিমফা (১৪৯৩-১৪৯৭)
১৪) স্বৰ্গদেউ চুহুংমুঙ (১৪৯৭-১৫৩৯)
১৫) স্বৰ্গদেউ চুক্লেংমুঙ (১৫৩৯-১৫৫৩)
১৬) স্বৰ্গদেউ চুখামফা (১৫৫৩-১৬০৩) [খোৰা ৰজা]
১৭) স্বৰ্গদেউ চুচেংফা (১৬০৩-১৬৬৩) [প্ৰতাপ সিংহ]
১৮) স্বৰ্গদেউ চুৰামফা (১৬৪১-১৬৪৪) [ভগা ৰজা]
১৯) স্বৰ্গদেউ চুচিংফা (১৬৪৪-১৬৪৮) [নৰিয়া ৰজা]
২০) স্বৰ্গদেউ চুতামলা (১৬৪৮-১৬৬৩) [জয়ধ্বজ সিংহ]
২১) স্বৰ্গদেউ চুপুংমুঙ (১৬৬৩-১৬৬৯) [চক্ৰধ্বজ সিংহ]
২২) স্বৰ্গদেউ চুনাৎফা (১৬৬৯-১৬৭৩) [উদয়াদিত্য সিংহ]

(১৬৭৩ ত লালুকসোলাৰ কুসন্ধিৰ বলি হ'ল ক্ৰমে স্বৰ্গদেউ চুক্লাংফা , চুহুং , চুজিনফা , চুডুলফা)

২৭) স্বৰ্গদেউ চুলিকফা (১৬৭৯-১৬৮১) [ল'ৰা ৰজা]
২৮) স্বৰ্গদেউ চুপাতফা (১৬৮১-১৬৯৬) [গদাপাণি]
২৯) স্বৰ্গদেউ চুখ্ৰাংফা (১৬৯৬-১৭০৭) [লাই]
৩০) স্বৰ্গদেউ ৰুদ্ৰসিংহ (১৭০৭-১৭১৭)
৩১) স্বৰ্গদেউ শিৱসিংহ (১৭১৭-
{৩২) বৰৰজা ফুলেশ্বৰী, ৩৩)বৰৰজা অম্বিকা, ৩৪)বৰৰজা সৰ্বেশ্বৰী (-১৭৪৪)}
৩৫) স্বৰ্গদেউ চুনেনফা (১৭৪৪-১৭৫১) [প্ৰমত্ত সিংহ]
৩৬) স্বৰ্গদেউ চুৰেনফা (১৭৫১-১৭৬৯) [ৰাজেশ্বৰ সিংহ]
৩৭) স্বৰ্গদেউ চুনেওফা (১৭৬৯-১৭৮০) [লক্ষ্মী সিংহ]
৩৮) স্বৰ্গদেউ চুহিতপাংফা (১৭৮০-১৭৯৫) [গৌৰীনাথ সিংহ]
৩৯) স্বৰ্গদেউ চুখিলিংফা (১৭৯৫-১৮১০) কমলেশ্বৰ সিংহ]
৪০) স্বৰ্গদেউ চুদিংফা (১৮১০-১৮১৮) [চন্দ্ৰকান্ত সিংহ]
৪১) স্বৰ্গদেউ পুৰন্দৰ সিংহ (১৮১৮-১৮১৯)

[বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমন]

১৮২৬ খ্ৰীষ্টাব্দত আহোম ইতিহাসৰ ৬০০ বছৰীয়া অধ্যায়ৰ পৰিসমাপ্তি।।

Wednesday, April 7, 2021

কোভিড ভেকচিন লোৱাৰ পাছত ল’বলগীয়া সাৱধানতা সমূহ

বিশ্বজুৰি ক’ৰোনা সংক্ৰমণৰ ঘটনা পুনৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। সমান্তৰালকৈ তীব্ৰ গতিত চলি আছে কোভিড ভেকচিনেচন প্ৰক্ৰিয়া। আপুনি যদি প্ৰতিষেধক ল’লে বা লোৱাৰ কথা ভাবিছে, তেন্তে মনত ৰাখিব কেইটামান অতি গুৰুত্বপূৰ্ণ কথা। অন্যথা প্ৰতিষেধকৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আপোনাৰ শৰীৰত।

ক্ষন্তেক পাছতেই কামত নধৰিবঃ কোভিড ভেকচিন লোৱাৰ পাছত তৎক্ষণাত কামত নধৰিব। ভেকচিন লোৱাৰ পাছত কমেও ২-৩ দিন আৰাম কৰা উচিত। অন্যথা প্ৰতিষেধকৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আপোনাৰ শৰীৰত।

জনসমাগমৰ পৰা দূৰত থাককঃ যদি আপুনি প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে তেন্তে জনসমাগম হোৱা স্থানৰ পৰা দূৰত থাকক। দুইপালি প্ৰতিষেধক গ্ৰহণ নকৰা পৰ্যন্ত সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা উচিত।

যাত্ৰা কৰাৰ পৰা আঁতৰি থাককঃ ক’ৰোনাৰ সংক্ৰমণ পুনৰ তীব্ৰ গতিত বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত ভেকচিন লোৱাৰ পাছত যাত্ৰা কৰা অনুচিত। আমেৰিকাৰ CDC গাইডলাইন অনুসৰিও ভেকচিন লোৱাৰ পাছত যাত্ৰা কৰাৰ পৰা বিৰত থাকিব লাগে।

সুৰাপান নকৰিবঃ আপোনাৰ যদি চিগাৰেট অথবা সুৰাপান কৰাৰ অভ্যাস আছে, তেন্তে ভেকচিন লোৱাৰ কিছুদিন পাছলৈকে এনে অভ্যাসৰ পৰা দূৰত থাকক। ইয়াৰোপৰি, ভজা-পোৰা খাদ্যও খোৱাৰ পৰা আঁতৰি থাকক।

চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰকঃ যদি আপোনাৰ কোনোধৰণৰ এলাৰ্জিৰ সমস্যা আছে তেন্তে ভেকচিন লোৱাৰ পিছত অধিক সাৱধানতা গ্ৰহণ কৰা উচিত। ভেকচিন লোৱাৰ  পিছত শৰীৰত তেনে কোনো সমস্যাই দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰকঃ ভেকচিন লোৱাৰ পাছতো মাস্ক পৰিধান কৰাটো সিমানেই গুৰুত্বপূৰ্ণ, যিটো ভেকচিন লোৱাৰ পূৰ্বে গ্ৰহণ কৰা উচিত। ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাছতো শৰীৰত এণ্টিবডি উৎপন্ন হয়। গতিকে সাধাৰণ অসাৱধানতাৰ বাবে ভেকচিন লোৱাৰ পাছতো আপুনি আক্ৰান্ত হ’ব পাৰে ক’ৰোনাত।

হাইড্ৰেটেড থাককঃ ভেকচিন লোৱাৰ ক্ষন্তেক পাছত আৰু কিছুদিনলৈ প্ৰয়োজনীয় মাত্ৰাত পানী খাব লাগে। খাদ্যৰ তালিকাত প্ৰচুৰ পৰিমানে ফল-মূল, শাক-পাচলি আৰু বাদাম জাতীয় খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।

ব্যায়াম কৰা অনুচিতঃ ভেকচিন লোৱাৰ পাছত হাতত বিষ অনুভৱ হোৱাটো স্বাভাৱিক। গতিকে ভেকচিন লোৱাৰ কিছুদিন পাছলৈকে জিম অথবা কোনো ধৰণৰ ব্যায়াম কৰিব নালাগে। অন্যথা হাতৰ বিষ বাঢ়ি যাব পাৰে।

Popular Posts