Saturday, March 16, 2019

Benefits of Curry Leaves - নৰসিংহ পাতৰ উপকাৰিতা

নৰসিংহ, ইংৰাজী-curry leaves, হিন্দী-কঢ়িপাত্তা বা মিঠানিম, বৈঃনাঃ Murraya koenigii. নৰসিংহৰ স্বাস্থ্য জনিত লাভৰ বিষয়ে জানো আহক।
১. ৰক্তচাপ নিয়ন্ত্ৰণ- উচ্চ ৰক্তচাপ ৰোগীয়ে পুৱা খালি পেটত ৭-৮ খিলা নৰসিংহ পাত চোবাই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
২. হাগনী/সাঁওপৰা- ১০-১৫ খিলা পাত এগিলাচ পানীত উতলাই চেকি ঠাণ্ডা কৰি খালে নিৰাময় হয়।
৩. ছাঁত শুকুৱা নৰসিংহ পাতৰ চুৰ্ণ ২ গ্ৰাম নিতৌ পানীৰ লগত খালে দৃষ্টি শক্তি উন্নত হয় আৰু কুকুৰীকনা ৰোগ আৰোগ্য হয়।
৪. পুৱা ১ গ্ৰামকৈ নৰসিংহ গছৰ ছাল মৌৰ লগত খালে শুক্ৰাণু বৃদ্ধি হয়। শুক্ৰাণুহীণতা জনিত পুৰুষ বন্ধ্যাত্ব নিৰাময় হয়।
৫. গছৰ ছাল অথবা শিপাৰ চূৰ্ণ ১ গ্ৰাম, গাখীৰৰ উতলাই মিচিৰিৰ লগত মিহলাই খালে পুৰুষৰ যৌন উত্তেজনা বৃদ্ধি পায় আৰু শৰীৰ শক্তিশালী হয়।
৬. নৰসিংহৰ বীজৰ তেল উৎকৃষ্ট কীটনাশক।একজিমা নিৰাময়ত আৰু ঘাঁ শুকুৱাত ফলপ্ৰশূ।ঘাঁ বা ক্ষতত বীজ পিহি মলমৰ দৰে লেপ দিব লাগে।
৭. নৰসিংহ এক এন্টিডাইবেটিক এজেন্ট।ইয়াৰ সেবনে শৰীৰৰ ইনচুলিনৰ গতিবিধি নিয়ন্ত্ৰণ কৰি ৰক্তশৰ্কৰা কমায়। স্থূলতা বা অবেচিটি নিৰাময় কৰে।
৮. শুকান কফ, ছাইনাছাইটিছ আৰু বুকুত কফ জমা হলে ১ চামুচ ছাঁত শুকুৱা নৰসিংহ পাতৰ পাউডাৰৰ লগত ১ চামুচ মৌ মিহলাই দিনত দুবাৰ খালে কফ ওলাই উপশম পাব। নৰসিংহত ভিটামিন-চি/এৰ লগতে এন্টিফাংগাল আৰু এন্টি বেক্টেৰিয়েল এজেন্ট থাকে। যি জমা হৈ থকা কফ উলিওৱাত সহায় কৰে।
৯. মদ্যপান আদিৰ পৰা হব পৰা দুস্প্ৰভাৱৰ পৰা নৰসিংহ লিভাৰক সুৰক্ষা দিব পাৰে।নৰসিংহ পাতে লিভাৰক অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা (যি মদ্যপানৰ ফলত লিভাৰত পৰে) সুৰক্ষা দিয়ে। বিশুদ্ধ গাই ঘীউৰ লগত একাপ পাতৰ ৰস, পিহি লোৱা চেনী পাউডাৰ আৰু জালুকৰ গুৰি মিহলাই কম জুইত উতলাই ঠাণ্ডা কৰি কুহুমিয়া গৰম অৱস্থাত ৰোগীক খুৱাব লাগে।

১০. নৰসিংহ পাতত আয়ৰণ আৰু ফলিক এচিড উচ্চ মাত্ৰাত থাকে। এনিমিয়া ৰোগৰ ক্ষেত্ৰত অকল শৰীৰত আয়ৰণৰ অভাবেই মুখ্য কাৰণ নহয়, শৰীৰে আয়ৰণ শোষণ কৰিবলৈ অক্ষম হোৱাটোও কাৰণ।শৰীৰে আয়ৰণ শোষণ কৰিবলৈ ফলিক এচিডৰ প্ৰয়োজন। ফলিক এচিডে শৰীৰক আয়ৰণ শোষণত সহায় কৰে। এনিমিয়া ৰোগীয়ে এটা খেজুৰৰ লগত দুখিলা সতেজ নৰসিংহ পাত পুৱা খালি পেটত কিছুদিন খালে এনিমিয়াৰ পৰা আৰোগ্য হয়।
১১. নৰসিংহ পাতত ব্লাড কলেস্টৰেল কমাব পৰা গুণ আছে।যি গুণে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ই এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে কলেস্টৰেল অক্সিকৰণ হোৱাত বাধা দিয়ে। আচলতে অক্সিকৃৎ কলেস্টৰেলে বেড কলেস্টৰেল শৃষ্টি কৰে। যিয়ে হৃদৰোগ আমন্ত্ৰণ কৰে।সেয়ে ৰন্ধা দালি/আঞ্জাৰ লগত ৰান্ধি অথবা কেঁচাপাত কেইখিলা মান নিতৌ চোবাই খালে হৃদস্বাস্থ্য উন্নত আৰু সুস্থ থাকে।
১২. চুলি সৰা সমস্যাত ১০০ মিলি নাৰিকল তেলৰ লগত ৫০ গ্ৰাম নৰসিংহ পাত কম জুইত পাত ক'লা পৰাকৈ পগাই ঠাণ্ডা কৰি বটলত ভৰাই থৈ ব্যৱহাৰ কৰিলে ১৫ দিনত চুলি সৰা বন্ধ হৈ নতুন চুলি গজে আৰু অকাল পক্কতা বন্ধ হয়। উফিৰ সমস্যা থাকিলে তৈয়াৰী কৰি লোৱা তেলত ২/৪ ডুখৰ খোৱা কৰ্পূৰ গুৰি কৰি মিহলাই লব।

0 Comments:

Post a Comment

Popular Posts