Thursday, March 14, 2019

Adha Khula Photo Lyrics By Zubeen Garg & Priyanka Bharali - New Assamese Song 2019

আধা খোলা ফটো Lyrics
Singer: Zubeen Garg & Priyanka Bharali Lyricist: Debesh Roy Tune: Debesh Roy Music-Mix-Mastering: Dipkesh Borgohain
------------
Male:
আধা খোলা ফটো খনি চাই
ওৰে নিশা টোপনি মোৰ নাই
Mobile On কৰি
ঘনাই চাওঁ খুলি
কিজানিবা মন মোৰ জুৰাই !!
Female:
আধা খোলা ফটো খনি চাই
সীমা আৰু নাযাবা চেৰাই
আধাতেই বাধা
তাতেই হে মজা
হেঁপাহ বোৰ আছে যে লুকাই !!
( ১)
Male:
বেলিও আনিম
তৰাও বুটলিম
তোমালৈ জান তোমালৈ
পাহাৰো বগাম
সাগৰ সাঁতুৰিম
তোমাৰ হৈ জান তোমাৰ হৈ
Female:
বেলি নহলেও তৰা নাথাকিলেও
লাগে মৰম সঁচা হৃদয়ৰ
Male:
ৰাধা হ'বা মই হ'ম কানাই
মৰম বিলাম আমি দুজনাই
বাঁহীৰ মাত শুনি
নিজকে পাহৰি
মনে তাতে থাকিব জিৰাই !!
(২)
Female:
মৰম ও যাঁচিম
সপোনবোৰ ৰচিম
তোমালৈ জান তোমালৈ
আশাবোৰ সিঁচিম
ওৰে জীৱন থাকিম
তোমাৰ হৈ জান তোমাৰ হৈ
Male:
মনে মিলিলে দুখনি হিয়াৰে
বাধা দিয়ে কোনে আমাক ঐ
Female:
বাধা দিলে মা দেউতাই
বুজাম মই কাষত বহুৱাই
মৰমে ৰাখিব
সুখেৰে খুৱাব
থাকিম সুখৰ পঁজাটি সজাই !!!

0 Comments:

Post a Comment

Popular Posts