Wednesday, January 30, 2019

Benefits of Aloe Vera (ঘৃতকুমাৰী বা চালকুঁৱৰী)

ঘৃতকুমাৰী বা চালকুঁৱৰী বা লেটিন ভাষাত পৃথিৱীৰ সৰ্বত্ৰে জনাজাত ALOEVERA অসমৰ
বহুতৰে পিৰালীত সৌন্দৰ্য্যৰ বাবে টাবত ৰোৱা দেখা যায় । ইয়াৰ পৰা বনোৱা নানা ঔষধ বা প্ৰসাধন সামগ্ৰীও বহুতে ব্যৱহাৰ কৰি আহিছে । কিন্তু বহুতে ইয়াৰ ঘৰুৱা ব্যৱহাৰ আৰু গুনাগুন সঠিকভাৱে নজনাৰ বাবে কিছু সংক্ষিপ্ত বিৱৰন
ৰাইজলৈ বুলি আগবঢ়ালো ।
ঘৃতকুমাৰী হল আমাৰ দেহৰ নানা ৰোগৰ বাবে ভগৱানে দিয়া এক সঞ্জিৱনী স্বৰুপ ওষধী বনদৰব । ইয়াৰ বহুতো প্ৰজাতি আছে । চিকিৎসা বৈজ্ঞানিকৰ
মতে ই এনে এবিধ ৰসায়ন যত ১২বিধ ভিটামিন, ১৮বিধ এমাইনো এচিড,২০বিধ খনিজ পদাৰ্থ থকাৰ লগতে ৭৫ বিধ পুস্তিগুনযুক্ত পোষক দ্ৰব্য(Micro nutrient) আদিৰ লগতে ইয়াৰ এন্টি বায়োতিক, এন্টিচেপ্তিক,এন
্টি ওক্সিডেন্ট,আৰু এন্টি বেক্টেৰিয়েল আদি গুন থকাৰ বাবে আমাৰ শৰীৰৰ নানা ৰোগ আৰোগ্য তথা দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে ।
আজিকালি গোটেই বিশ্বত ঘৃতকুমাৰীৰ দ্বাৰা প্ৰস্তুত কৰা নানা দামী ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ বৃহত ব্যৱসায় গঢ়ি উঠিছে । সেইবোৰৰ নানা কাৰনত গুনগত মান কম হোৱাতো স্ৱাভাৱিক । সেয়ে ১০০% গুণাগুন পাবলৈ সঠিক পদ্ধতিৰে ঘৰুৱা ভাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰোহক ।
#ব্যৱহাৰ --- ঘৃতকুমাৰীৰ সদৃশ২০০ৰো অধিক প্ৰজাতি আছে , তাৰে ৩/৪বিধ মানহে ঔষধ হিচাবে ব্যৱহৃত হয়। অঞ্চল ভেদে ইয়াৰ গুনগুনৰো ব্যৱধান আছে । অসমত লিখনীৰ তলত দিয়া প্ৰজাতিটো উপযোগী বুলি ভাবো । (অন্য ভাল প্ৰজাতিৰ বিষয়ে মোৰ অৱগত নহয়)
ঘৃতকুমাৰীৰ পাত দেখাত আনাৰসৰ দৰে হলেও পাততো ডাঠ আৰু ফালিলে ভিতৰত ওলোৱা ৰসাল সাহখিনি বাহ্যিক প্ৰয়োগ আৰু খোৱা দৰব হিচাবে ব্যৱহৃত হয় । ঘৃতকুমাৰী গছ নাপালে আয়ুৰ্বেদিক দোকানত কুমাৰ্যাসৱ নামৰ বৰৱৰ বতল পাব ।
#খোৱাৰ__পৰিমান :----বয়স অনুসৰি ৫ৰ পৰা ২০মি:লি:(১ৰ পৰা ৪ চামুচ )। পৰিস্কাৰ পানীত মিহলায়ো খাব পাৰি। খাবলৈ তিতা আৰু সাধাৰন টেঙা । অসুবিধা পালে মৌ মিহলাই খাব পাৰে । খোৱাৰ সময় শুদাপেটত ৰাতিপুৱা/ গধুলি ।
#ৰোগ__আৰু__গুনাগুণ :---
১। পেটৰ পাচন ক্ৰীয়া জনীত যিকোনো ৰোগত
২চা: ৰস ২চা: মৌৰ লগত খাব ।
২। শৌচ কচা ৰোগ তথা ইয়াৰ পৰা হোৱা নানা উপসৰ্গত ঘৃতকুমাৰী উপকাৰী । সৰু কেচুৱা হলে অলপ হিং মিহলাই নাভীত লেপ দিব ।
৩। যিকোনো ঘা, ফোহোৰা হলে অলপ হালধী মিলাই লেপ দিলে ঘা শুকায় আৰু ফোহোৰা পকি পুজ বাহিৰ হৈ যায় । মুখৰ ভিতৰত যিকোনো ঘা, চাল উঠা আদি হলে ঘৃতকুমাৰী লগালে উপসম হয় ।
৪। সৰ্দি কাহ হলে ৫গ্ৰাম ৰস আৰু মৌ মিহলাই খাব
৫। বেচিকৈ জ্বৰ মুৰত উঠিলে আৰু মুৰৰ বিষ হলে
মুৰত /কপালত ভোৰন বা ৰস লগালে আৰাম
পায় ।
৬। চুলি সৰা, পকা , ফটা , টকৌৱে খোৱা, শুকান হোৱা আদি যিকোনো সমস্যাত ঘৃতকুমাৰী খোৱা আৰু সপ্তাহত ১দিন মুৰত ঘহিব । লগত আমলখি
মিহলাব পাৰে ।
৭। চালৰ বাবে ঘৃতকুমাৰী অতি উত্তম মহৌষধী ॥
চাল সোতোৰা, ৰুক্ষ্য ,দাগ , ৰ'দৰ তাপত চালৰ ৰোগ বা যিকোনো সমস্যা হলে ইয়াৰ ৰস মুখত বা গাত ঘহিলে (কেচুৱাৰ গাধোৱা পানীত মিহলাই ধুৱালে) চালৰ ৰোগ আৰোগ্য হোৱাৰ লগতে চাল নিমজ মসৃন আৰু চালৰ পৰা হবপৰা ৰোগ প্ৰতিৰোধ কৰায় ।
সৌন্দৰ্য্যৰ বাবে নানা প্ৰসাধন ব্যৱহাৰ কৰি বহুতৰে চালৰ ৰোগ বা পাৰ্শক্ৰীয়া হোৱা দেখা যায় । ঘৃতকুমাৰী এই ক্ষেত্ৰত যথেস্থ ফলপ্ৰসু । নিয়মিত খোৱা আৰু চালত ঘহিলে মুখৰ বা গাৰ চাল সুন্দৰ
মসৃন হৈ পৰে ।
এন্টি এজিং জেল হিচাবে চালত ঘহিলে আৰু নিয়মিত খালে বয়সৰ চাপ নপৰে ।
৮। দাড়ি খুৰাই উঠি ইয়াৰ ৰস চেভিং লোচন হিচাবে ব্যৱহাৰ কৰিলে গালৰ কোনো সমস্যা নহয় ।
৯। শৰীৰত ভিটামিন ,কেলচিয়াম, ফলিক এচিদ , আইৰন , জিন্ক বা বিভিন্ন খনিজৰ অভাৱত হব পৰা ৰোগ নিৰাময় হয় ।
১০ চকু, দাঁত, হাড় আদিৰ ৰোগত উপকাৰী
১১। গাঠিৰ বিষ হলে হালধীসহ এই ৰস লেপ দিব অৰু নিয়মিত খাব ।
১২। ঘৃতকুমাৰী খালে দেহৰ ব্লাড কলেস্ত্ৰল কমি যায়। তেজ পৰিস্কাৰ কৰে আৰু দেহৰ অপ-পদাৰ্থ বাহিৰ কৰায় ।
১৩। দেহৰ ওজন নিয়ন্ত্ৰন কৰে । নিয়মিত সেবন কৰিলে অধিক শকত বা ক্ষীন লোক স্বাভাৱিক ওজনৰ হয় । বিশেষ ৰোগজনীত কাৰনত হলে ডক্তৰক শুধি খাব ।
১৪। মধুমেহ বা চুগাৰ জনীত ৰোগত ১০গ্ৰামকৈ
ঘৃতকুমাৰী আৰু কেৰেলা নিয়মিত খালে উপসম হয় ।( কিছুদিন খাই পৰীক্ষা কৰাব)
১৫। ঘৃত কুমাৰী কৰ্কত ৰোগ প্ৰতিৰিোধক , এই ৰোগ হোৱাৰ পিচতো ডক্তৰৰ পৰামৰ্শ লৈ খাব পাৰে
১৬। হৃদয় ৰোগতো ইয়াৰ ৰস উপকাৰী ॥
কবলৈ গলে ঘৃতকুমাৰী দেহৰ বিভিন্ন ৰোগত উপকাৰী তথা দেহত হব পৰা ৰোগ প্ৰতিৰোধকাৰী।
🛡 নিৰোগী লোকেও মাজে মাজে খালে দেহ মন প্ৰফুল্ল থাকে । ব্য়সীয়াল লোকে খাই থাকিলে বিভিন্ন বৃদ্ধাৱস্থাৰ ৰোগৰ সমস্যা দুৰ হ্য় ।
১। সথিক প্ৰজাতি চিনিহে খাব
২। বহুদিনলৈ একেৰাহে নাখাব
৩। গৰ্ভৱতী বা মাহেকীয়া ঋতুস্ৰাবৰ সময়ত মহিলা সকলে নাখাব ।
৪। জটিল কোনো ৰোগত চিকিৎসকক নুশুধাকৈ নাখাব ।
৫। পিত্তাশয় বা গোলব্লাডাৰৰ ৰোগ থাকিলে নাখাব ।
৬) কেচা পাত অধিক দিনলৈ সাচি থৈ নেখাব ।
👭তিনি বছৰ বয়সৰ তলৰ শিশুক নুখুৱাব ।
🍎 মোৰ অনুৰোধ -- প্ৰত্যেক গৃহস্থ্যই এনেহেন মহৌষধীৰ পোখা এটি সযতনে ৰোৱক আৰু নিয়মিত ব্যৱহাৰ কৰিব ॥
শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিলো।

0 Comments:

Post a Comment

Popular Posts