Wednesday, January 30, 2019

Health Benifits of Bay Leaves (তেজপাত)

তেজপাত আমি সকলোৱে খাই আহিছোঁ ।
অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা এই ঔষধী সুগন্ধী উদ্ভিদ জোপাই আমাৰ শৰীৰত কি কি উপকাৰ কৰে জানো আহঁক ------
তেজপাতত থকা উপাদানসমুহ ;-
ইয়াত যথেস্থ পৰিমানে কেলচিয়াম', আইৰন',ক'পাৰ , পটেচিয়াম, চেলিনিয়াম 'মেংগানীজ' এম্টি অক্সিডেন্ট আদিৰে ভৰপুৰ ।

#ঔষধী_হিচাৱে_ব্যৱহাৰ_বিধি :----
সচৰাচৰ দাইল তৰকাৰী আদিৰ লগত তেজপাতৰ পাত খোৱাৰ উপৰি ৰোগৰ ঔষধী গুণাগুণৰ বাবে কেচা বা শুকান পাতৰ ক্কাথ বা ৪/৫টা পাত বা শুকান গুৰি ৩গ্ৰাম পানীত কিছুসময় উতলাই নাইবা চাহৰ নিচিনাকৈ বনাই খাব পাৰে , বা আধা চা:তেজপাত গুড়ি বা কেচা ৰস এচামুচ মৌ ,গুড় , তুলসিপাত বা আদা মিহলাই খাব পাৰে ।
১। তেজপাতে পাচন তন্ত্ৰ সৱল কৰে , বদহজম, , বেয়া উগাৰ অহা,,অৰুচী,অভোক
৫। #বহুমুত্ৰ ৰোগীৰ বাবে উপকাৰী ।
৬। #হৃদয়_ৰোগ বা হৃদ যন্ত্ৰ দুৰ্বল বা বুকুৰ ধপধপনি কৰা, সোনকালে ভাগৰি যোৱা ব্যক্তিৰ বাবে যথেস্ঠ উপকাৰী! ( তেজপাত ৪ টা গোলাপ ফুলৰ পাহী ৪টা আৰু জনীগুটি (অজৱাইন) ১বা২গ্ৰাম উতলাই চাহৰ দৰে দিনে ২/৩বাৰ খাব ॥
৭। #অনিদ্ৰা ৰোগত তেজপাত উপকাৰী
৮। তেজপাত ভিজোৱা পানীৰে
চকু ধুলে জলা পোৰা ভাল হয় । দাঁতৰ ৰোগত সিজোৱা পানীৰে কুলু কুলু কৰিব ।
৯। #মহিলাৰ_ৰক্তস্ৰা / পেটৰবিষ বা প্ৰসৱৰ পিচত গৰ্ভাসয়ৰ সমস্যাৰ বাবে তেজপাতৰ চাহ ( উতলোৱাপানী ) উপকাৰী
নাক বা দাঁতেৰে তেজযোৱা ৰোগতো একেদৰে খাব পাৰে ।
১০। চুলিৰ নানা সমস্যা ওকনী আদিতো তেজপাতৰ ৰস বা উতলোৱা পানী সানি কিছুসময় বান্ধি ৰাখিলে সমস্যা দুৰ হয় ।
১১। তেজপাত উতলোৱা পানী চতিয়ালে কীটপতঙ্গ কমে । বায়ু বিশুদ্ধ কৰে । শৌচ কচা আদি দুৰ কৰে । পেটৰ মন্দাগ্নি, গেচ (বায়ু) পিত্ত , দুৰ কৰাৰ লগতে অখাদ্য গ্ৰহনৰ পৰা হবলগা ৰোগ প্ৰতিৰোধ কৰে ॥ ূ
তেজপাত সিজোৱা পানীত আদা ,সন্ধা নিমখ বা ক'লা নিমখ দি খাব ।
২। কাহ চৰ্দি হাপানি , স্বৰভংগ (মাতভঙা) #এলাৰ্জী ৰোগত তেজপাত , তুলসী, আদা বা শোথ ,পিপলী ,গুড় বা চেনী সহ বেচিকৈ উতলাই চাহৰ নিচিনা দিনে ২---৩বাৰ খালে উপসম হয় ।
৩। মুৰৰ বিষ ,, #গাথিবিষ' বা অন্নান্য বিষত তেজপাতৰ চাহ খোৱাৰ লগতে তেজপাত আৰু এৰাপাত বতি লেপ লগালে উপসম হয় । ।
৪। প্ৰস্ৰাৱ ৰ যাৱতীয় ৰোগ তথা #কিডনী ৰ ৰোগ বা পাথৰী ৰোগত তেজপাতৰ চাহ বা উতলোৱা পানী খোৱাতো উপকাৰী ।

0 Comments:

Post a Comment

Popular Posts