Monday, December 17, 2018

কুৱেইল চৰাইৰ মাংস আৰু কণীৰ ৰোগ প্ৰতিৰোধক গুণ | Japanese Quail Bird


কুৱেইল চৰাইৰ মাংস আৰু কণীৰ ৰোগ প্ৰতিৰোধক গুণ
১) কেন্সাৰ ৰোগৰ নিৰাময়ত সহায় কৰে ।
২) বহুমূত্ৰ ৰোগ (Diabetes) নিৰাময়ত সহায় কৰে ।
৩) উচ্চ ৰক্ত-চাপ (High bloud pressure) আৰু নিম্ন ৰক্ত-চাপ (Low bloud pressure) নিৰাময়ত সহায় কৰে ।
৪) হাপানী ৰোগ নিৰাময়ত সহায় কৰে ।
৫) চকুৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত সহায় কৰে ।
৬) ৰক্তহীনতা দুৰ কৰে ।
৭) গাঁঠিৰ বিষ আৰু বাত বিষ দুৰ কৰে ।
৮) পেটফুলা (Gastritis) ৰোগ নিৰাময়ত সহায় কৰে ।
৯) হৃদযন্ত্ৰ (Heart) ৰ বিভিন্ন ৰোগ উপশম কৰে ।
১০) স্মৃতিশক্তিৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে ।
১১) এলাৰ্জি নিৰাময়ত সহায় কৰে ।
 ========

অসমৰ অৰ্থনীতিৰ নতুন সংযোজন জাপানিজ কুইল চৰাই পালন কৰি স্বাৱলম্বী হওঁ আহক
আৰম্ভণিঃ
জাপানিজ কুইল চৰাই কি?
জাপানিজ কুইল চৰাই(Japanese quail, অসমীয়াত বতা চৰাই) হৈছে চৰাইৰ এটা ক্ষুদ্ৰ প্ৰজাতি৷ অসমৰ ধাননি পথাৰত সচৰাচৰ দেখিবলৈ পোৱা বতা চৰাইতকৈ এইবিধ চৰাইৰ আকাৰ সামান্য ডাঙৰ৷ কম চৰ্বীযুক্ত আৰু অধিক প্ৰটিন সমৃদ্ধ ইয়াৰ কণী আৰু মাংসৰ গুণাগুণ প্ৰচাৰিত হোৱাৰ পিছত জাপানত প্ৰথমে আৰম্ভ কৰা কুইল পালন বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই আদৰি লৈছে৷
অসমৰ পশু-পক্ষী পালনৰ ক্ষেত্ৰখনত কুইল পালন এক অনন‍্য সংযোজন৷ বৰ্তমান ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহত ব‍্যৱসায়ভিত্তিত কুইল পালনৰ সম্ভাৱনা খুব উজ্জ্বল৷ এই ক্ষেত্ৰত চুবুৰীয়া দেশ বাংলাদেশে মূখ‍্য ভূমিকা লৈ আছে৷
জাত আৰু বৈশিষ্ট্য‍্য-
সমগ্ৰ বিশ্বত বৰ্তমানলৈকে কুইলৰ ১৮টা প্ৰজাতি আৱিস্কৃত হৈছে৷ প্ৰজাতিভেদে ইয়াৰ পাখিৰ ৰং, ওজন, আকাৰ, কণীৰ পৰিমাণ আদিৰ প্ৰভেদ দেখা যায়৷
বৈশিষ্ট্য‍্যসমূহ-
১) ওজন সৰ্বোচ্চ ৪০০ গ্ৰামলৈকে হয়৷
২)গড় আয়ুস ৩ বছৰ কাল৷
৩)বছৰত ২৯০-৩০০টা কণী পাৰে৷ অৱশ্যে দ্বিতীয় বছৰৰপৰা কণীৰ পৰিমাণ কমি যায়৷
৪)এটা সুস্থ সবল কুইলে ৪৫ দিন বয়সৰ পৰাই কণী পৰা আৰম্ভ কৰে৷
৫)কণীৰ আকাৰ সৰু, ওজন প্ৰায় ১০ গ্ৰাম৷
৬)কনীৰ বাকলিত ফুটুকা-ফুটুকী আঁচ দেখা যায়৷
৭)ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি৷
পালন পদ্ধতি-
এই বিধ চৰাই বন্ধ পিঞ্জৰাৰ ভিতৰত পালন কৰা প্ৰয়োজন কিয়নো প্ৰকৃততে ই বনৰীয়া হোৱাৰ বাবে উৰি যাব বিচাৰে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে অন‍্য চৰাইৰ তুলনাত ইয়াক ঘনকৈ ৰাখিলেও স্বাভাৱিক ভাৱেই থাকে বাবে কম ঠাইতে অধিক কুইল পালন কৰিব পাৰি৷
বাঁহ নিৰ্মাণঃ
কুইল পালন কৰিবলৈ হ’লে প্ৰথমে আপোনাক এটা নিৰাপদ পিঞ্জৰাৰ প্ৰয়োজন হব৷ উল্লেখযোগ্য যে যিমানে
কম খৰচেৰে আপুনি বাঁহ নিৰ্মাণ কৰিব, সিমানে আপোনাৰ বিনিয়োগ কমিব আৰু আপোনাৰ লাভৰ পৰিমাণ বাঢ়িব৷
* ৫ফুট দীঘল, ২ফুট বহল আৰু ১ফুট ওখ পিঞ্জৰা এটাত ৫০টা কুইল পালন কৰিব পাৰি৷
২)কম ঠাইত অধিক পালন কৰিব পাৰি৷
৩)৪৫ দিন বয়সতে মাংসৰ বাবে উপযুক্ত হৈ উঠে৷
৪)ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক বাবে মৃত্যুৰ হাৰ কম আৰু কোনোধৰণৰ চিতা দিয়াৰ প্ৰয়োজনীয়তা নাথাকে৷
৫)পোহনীয়া আন চৰাইৰ তুলনাত খাদ্যৰ পৰিমাণ কম আৰু অপচয় নকৰে৷
৬)কণীৰ পৰিমাণ অধিক বাবে মাংস আৰু কণী দুয়োটা দিশৰ পৰাই লাভান্বিত হব পাৰি৷
৭) ব্ৰয়লাৰ পালনৰ দৰে কুইল পালনত অধিক খাটনিৰ প্ৰয়োজন নাই৷
৮)ব‍্যৱসায় ভিত্তিত নহলেও সৰু আকাৰৰ পিঞ্জৰাত কমকৈ পালন কৰি ঘৰুৱা চাহিদা পুৰণ কৰিব পাৰি৷
৯) ইয়াৰ কণী আৰু মাংসৰ ক্ৰমবৰ্ধমান চাহিদা অনুপাতে যোগান কমি থকাৰ বাবে পালকসকল অধিক লাভান্বিত হব পাৰে৷
১০) ইয়াৰ বিষ্ঠাসমূহ সাৰ হিচাবে ব‍্যৱহাৰ কৰিব পাৰি৷
কুইলৰ কণী আৰু মাংসৰ গুণাগুণঃ
১)মগজুৰ সক্ৰিয়তা বঢ়ায়ঃ
ইয়াৰ কণী আৰু মাংস প্ৰ’টিন আৰু এমিন’এছিডৰ উৎকৃষ্ট ভাণ্ডাৰ৷ এমিন’এছিডে মগজুৰ কোষসমূহক নিৰাপত্তা দিয়ে আৰু মৃতকোষ পুনৰ গঠনত সহায় কৰে৷
২)এনিমিয়া ৰোধ কৰেঃ
গৱেষণাৰ পৰা গম পোৱা গৈছে যে কুইলৰ কণী আৰু মাংস গ্ৰহণ কৰা মহিলাসকল এনিমিয়াত ভোগাৰ সম্ভাৱনা নাথাকে৷
৩) তেজ পৰিশোধকঃ
কুইলৰ কণীত থকা এমিন’এছিডে মাৰ্কাৰীসদৃশ নিচাজাতীয় ধাতু তেজৰ পৰা আঁতৰাই তেজ পৰিশোধক হিচাবে কাম কৰে৷
৪)শিশুৰ শাৰীৰিক বিকাশ ঘটায়ঃ
অধিক প্ৰ’টিন সমৃদ্ধ হোৱা বাবে ই মানৱ দেহৰ বিকাশত অগ্ৰণী ভূমিকা লয় আৰু সবল অংগ সঞ্চালনত সহায় কৰে৷
৫) ডায়েবেটিজ ৰোধকঃ
কুইলৰ কণীত থকা leucine নামৰ এমিন’এচিডে তেজত চুগাৰৰ পৰিমাণ সুস্থ হাৰত বৰ্তাই ৰাখে৷ সেয়ে ই ডায়েবেটিজ ৰোগীৰ বাবে উত্তম খাদ্য হিচাবে বিবেচিত হৈছে৷
৬)চাল আৰু চুলিলৈ সৌন্দৰ্য‍্য আনেঃ
কুইলৰ কনী আৰু মাংসত থকা ক’লেজিন নামৰ প্ৰ’টিনে চাল সতেজ, উজ্জ্বল কৰি ৰখাৰ লগতে চাললৈ অহা বয়সৰ চাপ আঁতৰায়৷ স্বাস্থ‍্যৱান চুলিৰ হেতু ই উত্তম খাদ্য৷
৭)বাহুত মাংসপেশীৰ সৃষ্টি কৰেঃ
নিয়মিত ব‍্যায়াম, যোগ কৰা আৰু স্বাস্থ‍্যসচেতন সকলে কুইলৰ কণী আৰু মাংস গ্ৰহণ কৰা প্ৰয়োজন৷
৮)হৃদৰোগ নিয়ন্ত্ৰন কৰেঃ
ইয়াৰ কণী আৰু মাংসত থকা ভিটামিন E য়ে হৃদৰোগৰ সম্ভাৱনীয়তা ২৪% হ্ৰাস কৰে৷ ( Lee ৰ সমীক্ষা অনুসৰি, ২০১০)
৯)দৃষ্টিশক্তি বঢ়ায়ঃ
দৃষ্টিশক্তি অটুট ৰাখিবলৈ কুইলৰ কণী আৰু মাংসৰ নিয়মীয়া গ্ৰহণ অতি প্ৰয়োজনীয়৷ ইয়াত থকা ভিটামিন A চকুক সবলতা প্ৰদান কৰে৷
১০)ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ
কুইলৰ কণী আৰু মাংসত অকল প্ৰ’টিনেই নহয়, যথেষ্ট পৰিমাণে ফেটি এছিডো থাকে, যিয়ে মানৱ দেহত ৰক্তচাপ নিয়ন্ত্ৰক হিচাবে কাম কৰে৷
ইত্যাদি...
সামৰণিঃ
উপৰোক্ত আলোচনাৰ পৰা দেখিলো যে জাপানিজ কুইল চৰাই পালনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে৷ কিন্তু অসমৰ বজাৰত ইয়াৰ চাহিদা অনুপাতে যোগান এতিয়াও সীমিত৷ গতিকে আমি নৱ প্ৰজন্মই অসমত ব‍্যৱসায় আৰু বৈজ্ঞানিক ভিত্তিত ’কুইল ফাৰ্মিং’ ত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷

0 Comments:

Post a Comment

Popular Posts