Tuesday, December 18, 2018

আপুনি বাৰু জানেনে কোন আছিল সতী সাধিনী ?

বীৰাঙ্গনা ৰাণী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল। সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।

ৰজাই সকলো আৱশ্যকীয়া শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল। সেয়ে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰিলে। কিন্তু ৰজাই সাধনীৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব। ৰজাই পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কম দিনৰ ভিতৰতে সয়ম্বৰৰ দিন ঘোষণা কৰিলে। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে কেৰ্কেটুৱাটো বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে। পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধকনাৰায়ণৰো দায়িত্ব দি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে। ৰাজ সিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়।

নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগ তাৰিখে আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই পিছ হুঁহুকি চন্দনগিৰি পৰ্বতেৰ ওপৰত আশ্ৰয় লয়। আহোম ৰজাই তাতো আক্ৰমণ চলাই যদিও ব্যৰ্থ হয়। ৰাণী সাধনীয়ে আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ যুদ্ধত নামি পৰিল। তেওঁলোকে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। আহোমসকলে চুতীয়া সকলক বলে নোৱাৰি আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। এইবাৰ নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক কুবেৰৰ সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনালে। সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল। তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।

সেয়াই আছিল এগৰাকী সাহসী সতী অসমীয়া নাৰীৰ কাহিনী।

0 Comments:

Post a Comment

Popular Posts