Monday, June 28, 2021

Mulberry Benefits: কৰ্কটৰ পৰা হৃদযন্ত্ৰৰ জটিল ৰোগলৈ সমাধান, এইবিধ ফলৰ বিষয়ে জানি লওক

Mulberry shahtoot fruit benefits: এই পৃথিৱীত আমি প্ৰকৃতিৰ পৰাই সকলো আহৰণ কৰিছো। স্বাস্থ্যসন্মত বিষয়তো বহু ক্ষেত্ৰত প্ৰকৃতিৰ অমূল্য অৱদানসমূহে আমাৰ স্বাস্থ্য সুচাৰুৰূপে বৰ্তি থকাত সহায় কৰে। বিশেষকৈ প্ৰাকৃতিকভাৱে উৎপাদিত খাদ্য, যিসমূহ বিভিন্ন পুষ্টি আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণেৰে সমৃদ্ধ। বহুতো ফল আৰু পাচলি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু আজি আমি আপোনাক এটা নিৰ্দিষ্ট ফলৰ কিছু গুণাগুণ সম্বন্ধে অৱগত কৰিম। দৰাচলতে আমি আপোনাক অৱগত কৰিব বিচৰা ফলবিধ হৈছে নুনি বা মালবেৰী (mulberry)। সাধাৰণতে আপোনাৰ অঞ্চলত বা বহু লোকৰ বাৰীত মালবেৰী গছ থাকে। এই ফল আমাৰ শৰীৰৰ বাবে অতি পুষ্টিকৰ, খোৱাৰ বাবে সুস্বাদু আৰু ইয়াৰ বহুতো স্বাস্থ্য সম্বন্ধীয় গুণাগুণ আছে। এই ফলটোৰ বিশেষত্বসমূহ জানো আহক ।

কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস কৰে
ৰাষ্ট্ৰীয় জৈৱ প্ৰযুক্তি তথ্য কেন্দ্ৰৰ মতে, মালবেৰীত কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ সম্ভাৱনা আছে। ইয়াত উদ্ভিদ আধাৰিত যৌগ যেনে পলিফেনল আৰু ফ্লেভোনইড (Polyphenols and Flavonoids) থাকে, যি কৰ্কট কোষ হ্ৰাস কৰাত সহায়ক। চিকিৎসক আৰু গৱেষকসকলে প্ৰদান কৰা তথ্যই দেখুৱাইছে যে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে মালবেৰী হৈছে এক সৰ্বশ্ৰেষ্ঠ ফল। যিটো শৰীৰৰ বাবে সকলো ধৰণে উপকাৰী। যদি আপোনাৰ ঘৰত অথবা অঞ্চলত এই ফল আছে, তেন্তে আপুনিও ইয়াক গ্ৰহণ কৰি স্বাস্থ্যৱান হৈ থাকক।

মালবেৰী ছাল আৰু চুলিৰ বাবে উপকাৰী
উচ্চ এণ্টি অক্সিডেণ্টৰ বাবে মালবেৰীয়ে ছাল আৰু চুলিৰ প্ৰাকৃতিক ৰং বজাই ৰাখে। ই নখ, চুলি সৰা আদি সমস্যা হ্ৰাস কৰাত সহায় কৰে। শুকান আৰু সংবেদনশীল ছালৰ বাবেও ই প্ৰাকৃতিক আশীৰ্বাদস্বৰূপ।

মালবেৰীয়ে এই ৰোগবোৰৰ পৰা সুৰক্ষা দিয়ে
মালবেৰী হৃদযন্ত্ৰ, চকু, হাড়, মানসিক স্বাস্থ্য আৰু অন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই ফলৰ হজম শক্তি উন্নত কৰা আৰু শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰো ক্ষমতা আছে। কেৱল সেয়াই নহয়, ই বৰ্ধিত কলেষ্ট'ৰেল আৰু যকৃতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ই দাঁতৰ বিভিন্ন সমস্যা সমাধানতো কাৰ্যকৰী।

আয়ুৰ্বেদিক চিকিৎসকে ক'লে মালবেৰীৰ বিশেষত্ব
আয়ুৰ্বেদিক বিশেষজ্ঞ দীক্ষা ভাৱচাৰেও সামাজিক মাধ্যমৰ জৰিয়তে মালবেৰীৰ লাভালাভ সম্বন্ধে উল্লেখ কৰিছে। এই ফলটোক গুজৰাটী ভাষাত 'শ্বেতুদা' আৰু ইংৰাজীত মালবেৰী বুলি জনা যায়। মালবেৰী ভিটামিন কে, চি আৰু পটাছিয়াম সমৃদ্ধ।
চিকিৎসকৰ মতে, মালবেৰীত কাৰ্বোহাইড্ৰেট থাকে, যি চেনিক গ্লুকোজলৈ ৰূপান্তৰ কৰে আৰু কোষবোৰক শক্তি প্ৰদান কৰে। মালবেৰী গ্ৰহণে আপোনাৰ শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি কৰে আৰু কলাবোৰক পৰ্যাপ্ত অক্সিজেন যোগান ধৰে।

মালবেৰী সন্দৰ্ভত গৱেষণাই কি কয়
নেচনেল চেণ্টাৰ ফৰ বায়োটেকন'লজী ইনফৰ্মেচন (এনচিবিআই)ত প্ৰকাশিত এক গৱেষণা অনুসৰি, মালবেৰীত বৃহৎ পৰিমাণৰ পুষ্টিগত মূল্য আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে, যি মানৱ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। অধ্যয়নটোত প্ৰকাশ হৈছিল যে মালবেৰীত চাইনাইড ৩ গ্লুকোচাইড (cyanidin 3 glucoside) নামৰ এটা উপাদান থাকে, যি কেৱল তেজ বিশুদ্ধ কৰাই নহয় ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও বৰ্তাই ৰাখে। দৈনিক এটা সৰু বাটিত মালবেৰী সেৱনে আমাক বহুতো লাভালাভ প্ৰদান কৰে।

মালবেৰীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
মালবেৰীত জিংক আৰু মেংগানিজ থাকে। জিংক সেৱনে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰি ৰাখে। আমি ইয়াক প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক বুলি ক'ব পাৰো। ইয়াৰ উপৰি, মালবেৰীত থকা মেংগানিজে কোষবোৰক মুক্ত ৰেডিকেলৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে।

0 Comments:

Post a Comment

Popular Posts