Saturday, February 15, 2020

চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠতম চমৎকাৰ

#অবিশ্বাস্য_হলেও_সত্য
#চিকিৎসা_বিজ্ঞানৰ_শ্ৰেষ্ঠতম_চমৎকাৰ
•••••••••••••••••••••••••••••••••••••••••••••••••••

তলৰ ছবিখনত আপুনি এগৰাকী ভদ্ৰ মহিলা দেখা পাইছে, নহয়নে ? তেওঁৰ পিঠিত ওলমি আছে বেগ । বেগত কি আছে আপুনি ক'ব পাৰিবনে ?

কোনেও নোৱাৰিব ।

ক'বতো নোৱাৰিবই, আনকি মই ক'লেও আপুনি বিশ্বাস কৰিবলৈ টান পাব । হয়, সঁচাকৈয়ে কৈছোঁ । শুনক তেনেহ'লে...... এই বেগটোত আছে তেওঁৰ 'হৃদপিণ্ড' ।

মানৱ দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ- হাৰ্ট বা হৃদপিণ্ড, যিটোৱে প্ৰতি মূহুৰ্তে আমাৰ জীৱনটো জীয়াই ৰাখে, যাৰ কাৰণে আমি জীৱিত বুলি ক'ব পাৰোঁ । সেই অবিচ্ছেদ্য অংগ বেগত ভৰাই কান্ধত লৈ ঘূৰি ফুৰে এই মহিলাগৰাকীয়ে । এয়া কোনো অলৌকিক ঘটনা নহয়, এয়া এক বাস্তৱ ঘটনা । চিকিৎসা বিজ্ঞানৰ অন্যতম সফলতাসমূহৰ এটি । ডাক্তৰে যদিও মৃত মানুহক জীৱন দান দিব নোৱাৰে, তথাপিও এয়া প্ৰত্যক্ষ কৰি বুজিব পাৰি যে ডাক্তৰক 'ভগৱান' বুলি কিয় কোৱা হয় ।

এই ভদ্ৰ মহিলাগৰাকীৰ নাম #ছেলওৱা_হুছেন । তেওঁ বৰ্তমানে পৰিপূৰ্ণ সুস্থ তথা চলা-ফিৰা কৰিব পাৰে । হাঁহিবও পাৰে, কান্দিবও পাৰে । তেওঁৰ সমূহ অনুভূতি আৰু এক্টিভিটিচ্ স্বাভাৱিক ।

আজিৰ পৰা ছমাহ পূৰ্বে ছেলওৱাই বুকুত ব্যথা অনুভৱ কৰে । লগে লগে এখন আঞ্চলিক চিকিৎসালয়লৈ যায় । তাৰ ডাক্তৰসকলে তেওঁৰ অৱস্থা সূচনীয় বুলি বুজিব পাৰি উন্নত চিকিৎসাৰ বাবে বেলেগ এখন চিকিৎসালয়ত প্ৰেৰণ কৰে । তাতো তেওঁৰ অৱস্থা বিবেচনা কৰি ডাক্তৰসকলে বৃটেইনৰ বিখ্যাত ' হেৰিফিল্ড হস্পিতাল' লৈ প্ৰেৰণ কৰে । তাতে তেওঁৰ শাৰীৰিক পৰীক্ষা নীৰিক্ষা কৰি ডাক্তৰসকলে দুঃখীত হৈ জনাই যে তেওঁৰ হাৰ্ট সচল কৰি ৰাখিব নোৱাৰিব । তেতিয়া পৰিয়ালৰ লগত আলোচনা কৰি এই ঐতিহাসিক সিদ্ধান্ত লোৱা হয় যে দেহাৰ ভিতৰৰ পৰা হাৰ্টটো উলিয়াই বেগ এখনত প্লাষ্টিৰ চেম্বাৰ বহাব পৰা যায়, যিটোৱে মানৱ দেহৰ হাৰ্টৰ দৰে কাম কৰিব । এই প্লাষ্টিকৰ চেম্বাৰ সচল কৰি ৰাখিবলৈ বায়ু চাপ সৃষ্টি কৰিব লাগিব এটি 'পাম্প' । এই পাম্প সচল কৰি ৰাখিবলৈ প্ৰয়োজন এটি মিনি মটৰৰ । সেই মটৰ সচল কৰি ৰাখিবলৈ প্ৰয়োজন দুটি বেটাৰীৰ । সেয়ে এই বেটাৰী, পাম্প আৰু মেচিনটো কঢ়িয়াই লৈ ফুৰিবলৈ পিঠিত ওলমাই ৰাখিব লাগে এটা বেগ । এই বেগত থকা পাম্পে বগা দুটি পাইপৰ মাধ্যমেৰে বায়ু প্ৰেৰণ কৰে তেওঁৰ বুকুত প্ৰতিষ্ঠা কৰা প্লাষ্টিকৰ চেম্বাৰলৈ যিটোৱে তেওঁৰ দেহাত হাৰ্টৰ কাম কৰি আছে, ৰক্ত পৰিবহন কৰি আছে, যাৰ ফলত জীয়াই আছে ছেলওৱা হুছেন ।

বিশ্বৰ ইতিহাসত তেওঁ দ্বিতীয় ব্যক্তি যিয়ে কৃত্ৰিম হাৰ্ট কঢ়িয়াই লৈ জীয়াই আছে । এই চিকিৎসাৰ বাবদ মুঠ খৰচ হয় ৯৬ লাখ টকা । হয়তো অনাগত দিনত গৱেষণা কৰি আৰু উন্নত মানৰ চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ কৰি ইয়াৰ বাবদ খৰচ হ্ৰাস কৰা হ'ব পাৰে । তেতিয়া হয়তো বহুতো লোকে এই কৃত্ৰিম হাৰ্ট কঢ়িয়াই লৈ জীয়াই থাকিব পাৰিব ।

ছেলওৱাৰ এনে কৃত্ৰিম জীৱন দান চিকিৎসা বিজ্ঞানৰ চমৎকাৰ বুলি ক'ব লাগিব । কাৰণ তেওঁ ভাৰতৰ দৰে উন্নয়নশীল দেশত থাকিলে হয়তো জীয়াই থাকিব নোৱাৰিলেহেঁতেন । আনকি নালাগে পিঠিত বেগ নাথাকিলে তেওঁ জীয়াই থাকিব নোৱাৰে । ডাক্তৰসকলৰ মতে ছেলওৱাৰ বেগত থকা মেচিনসমূহৰ যিকোনো এটিৰ যদি সামান্যতমো সমস্যাই দেখা দিয়ে তেন্তে তেওঁ ৯০ ছেকেণ্ডৰ ওপৰত জীয়াই থাকিব নোৱাৰে ।

শেষত ছেলওৱাৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ লেখাৰ ইতি টানিলো । ধন্যবাদ ।

লেখাৰ উৎসঃ বিবিচি

0 Comments:

Post a Comment

Popular Posts