Wednesday, April 10, 2019

Benefit of Pumpkin Seed (ৰঙালাও গুটিৰ উপকাৰীতা)

ৰঙালাও গুটিৰ আছে কিছুমান অপৰিহাৰ্য গুণ l সামান্য গুটি এটাৰ ইমানবোৰ গুণ থকা বুলি কলে আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ অসুবিধা পাব l কিন্তু বহুজনে এই বিষয়ে জানে নিশ্চয় l
# ৰঙা লাওৰ গুটিত ফেটি এচিড যথেষ্ট পোৱা যায় l ক্ষতিকাৰক কলেষ্টৰেল কমায় আৰু ওজন কমাব পাৰে l
# ৰঙালাওৰ গুটি খালে হৃদযন্ত্ৰ ভালে থাকে কাৰণ ইয়াত আছে প্ৰয়োজনীয় চৰ্বি , ফাইবাৰ আৰু বিভিন্ন এন্টিঅকচিডেন্ট - যি হৃদযন্ত্ৰ সুস্থ ৰাখিব পাৰে l

# ডায়েবেটিচৰ কাৰণে ৰঙালাওৰ গুটি ইনচুলিন স্বৰূপ , ই তেজৰ চেনিৰ পৰিমাণ কম কৰে l
# ৰঙা লাওৰ গুটি খালে ভাল টোপনি আহে , ই স্নায়ুবোৰ নিয়ন্ত্ৰণ কৰে কাৰণে ৰঙা লাওৰ গুটিক প্ৰাকৃতিক টোপনিৰ বড়ি বোলা হয় l
# লাওৰ গুটিয়ে বাত বিষ কমাব পাৰে , এই ৰোগ থকা সকলে নিয়মিত ৰঙা লাওৰ গুটি খোৱা উপকাৰী l

# ৰঙালাওৰ গুটিত জিঙ্ক থকাৰ কাৰণে পুৰুষৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে l ই প্ৰষ্টেট কেন্সাৰো কমাব পাৰে l
# প্ৰচুৰ পৰিমাণে এন্টিঅকচিডেন্ট থকাৰ কাৰণে ই ৰোগ প্ৰতিৰোধ কৰিব পাৰে l
ৰঙালাওৰ গুটি কেচাঁতেও খাব পাৰি নাইবা ভাজিও খাব পাৰি l

0 Comments:

Post a Comment

Popular Posts