Saturday, March 23, 2019

Bohag Bihu (Rongali Bihu) festival of - অসমৰ জাতীয় উৎসৱ বহাগ বিহু

ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে ।

বিহু শব্দৰ উৎপত্তি-

বহাগ বিহুটি অসমীয়া জাতিৰ বাপতি সাহোন । বিহুৰ উৎস ক’ত, সঠিক উত্তৰ নাই যদিও ই যে বিষুৱ শব্দৰ পৰা উৎপত্তি হৈছে এই কথা মানি লব পাৰি । পৃথিৱীৰ সোঁমাজেৰে পুৱা পশ্চিমাকৈ এডাল ঘূৰনীয়া ৰেখা কল্পনা কৰা হৈছে । পৃথিৱীয়ে সূৰ্য্যৰ ফালে কিছু হেলনীয়াকৈ ঘূৰি থাকোতে কেতিয়াবা উত্তৰ মেৰুত সূৰ্য্যৰ পোহৰ পোনভাবে পৰে । কিন্তু সূৰ্য্যৰ কিৰণ বিষুৱৰ ওপৰত লম্বভাবে পৰে । বিষুৱৰ কাষৰ ঠাইত সদায় জহকালৰ মাত্ৰা বেছি । পৃথিৱীৰ সকলো ঠাইতে এই সময়তে বিষুৱৰ লগত সম্বন্ধ থকা উৎসৱ পালন কৰা হয় । সেইদিনা সূৰ্য্য বিষুৱ ৰেখা পাৰ হৈ উত্তৰায়নলৈ ঢাপলি মেলে । গতিকে জ্যোতিষৰ মতে বিষুৱক্ৰান্তি বোলে ।

অসমৰ জাতীয় উৎসৱ বহাগ বিহুৰ বিষয়ে-

 বহাগ এটা মাহ- বহাগ মানেই ঢোল পেপাৰ গগনাৰ মাত, বহাগ মানেই চৌদিশে বিহু নামৰ জাত, বহাগ মানেই বিহু নাচ নাচিবলৈ ওলাই অহা শাৰী-শাৰী গাভৰুৰ জাক। বহাগ এটি লোক উৎসৱ। বৰ লুইতৰ পাৰৰ লোক উৎসৱ, অসমৰ ই জাতীয় উৎসৱ। বহাগ মাহ, ঋতু বসন্ত- যৌৱনৰ জীবন্ত প্ৰতীক। বসন্ত মাহ প্ৰকৃতিৰ যৌৱন, বসন্ত কালত ধৰিত্ৰী গাভৰু হয়, যৌৱনেই জীৱনৰ বসন্ত কালৰ দৰে, বসন্তৰ লগে লগে প্ৰকৃতিয়ে পৃথিৱীত সৃষ্টি কৰে উৎসৱ মূখৰ এক মধুৰ পৰিৱেশ। যৌৱন সূৰনভ উন্মাদনাত প্ৰাণে প্ৰাণে জাগি উঠে প্ৰেম প্ৰীতিৰ ভাবৰ লহৰ। প্ৰেমত যেনেকৈ লুকাই থাকে মিলনৰ বাসনা তেনেকৈয়ে সেই মিলনতো লুকাই থাকে সৃষ্টিৰ সম্ভাৱনা। বহাগ আহিলেই বৰদৈচিলা মাকৰ ঘৰলৈ আহে, “বৰদৈচিলা সৰুদৈচিলা বহাগী বিহুৰে বাতৰি দিলা” সেইজনী বৰদৈচিলাৰ চিনাকি হৈছে, পুৰণি কাহিনীৰ মতে জটায়ুৰ জীয়াৰী আৰু গৰুড়ৰ বোৱাৰী বৰদৈচিলাই হেনু দলদোপে হেন্দোলদোপে, শিলে বৰষুনে, লগত লৈ মাকৰ ঘৰলৈ বিহু খাবলৈ আহে। বড়ো সকলে আকৌ বৰদৈচিলা নামেৰে গোঁসানী এগৰাকীক পূজা কৰিছিল। তেওঁলোকৰ মতে বাৰ মানে বতাহ বা ধুমুহা, দৈ মানে পানী বা বৰষুন, চিখলা মানে গাভৰু বা গোঁসানী বা অপেস্বৰী। চমুকৈ বৰদৈচিখলা মানে হৈছে ধুমুহা বা বৰষুনৰ গোঁসানী। এই বৰদৈচিখলাৰ পৰাই বৰদৈকলা, বৰদৈচিহিলা, বৰদৈচিলা হৈছে বুলি অনুমান কৰা হৈছে।

 অসমৰ কৃষিজীৱি মানুহৰ উৰ্ব্বৰা বিশ্বাসৰ ভেটিত জন্ম হোৱা জাতীয় জীৱনৰ ৰং, আনন্দ, আবেগ, অনুভূতিৰ উৎসৱ বহাগ বিহুৰ আগমনৰ বাতৰি পাই সাৰ পাই উঠে অসমৰ প্ৰকৃতি, নৈ-নিজৰা, পৰ্ব্বত-পাহাৰ, চৰাই-চিৰিকটি, দিহিং-দিচাং-দিখৌ-জাঁজি-ভোগদৈ, কপিলি, নিশাৰী আৰু বৰলুইতৰ পাৰ। সৃষ্টি যেনেকৈ মাটিত হয়, প্ৰকৃতিৰ বুকুত হয়, তেনেকৈ মানুহৰ জীৱনতো হয়। সেই সৃষ্টিৰ স্বত:ৰ্সফুত ভাব হৈছে বিহু। বিহু গাৱলীয়া কৃষি আৰু সৃষ্টিৰ এটা অংগ। অকল জনজীৱনতে নহয়, বৰ লুইতৰ পাৰৰ জাতীয় জীৱনটো বহাগ বিহুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তাৰ এক স্বকীয় ৰূপ আৰু সূকীয়া তাৎপৰ্য্য আছে। এই স্বকীয়তাৰ পটভূমিত আছে মহামিলনৰ তীৰ্থস্বৰূপ, মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত যুগ যুগ ধৰি নানা জাতি উপজাতিৰ মাজত বিৰাজ কৰি থকা সম্বন্বয় আৰু সংমিশ্ৰনৰ এক গৌৰবোজ্বল ঐতিহ্য। এই সম্বন্বয় আৰু সংমিশ্ৰনৰ চিন্তা চেতনাক সজীৱ কৰিবৰ বাবেই যেন প্ৰতি বছৰে বহাগ আহে লুইতৰ পাৰলৈ।

 বিভিন্ন জনগোষ্ঠীৰ মহাসিন্ধু অসম। অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠী যেনে- বড়ো, ডিমাচা, ৰাভা, লালুং, তিৱা, দেউৰী, চুতীয়া, সোনোৱাল কচাৰী, মিচিং, ঠেঙাল আদিয়ে স্বকীয় বৈশিষ্ট্যৰে বিহু উদযাপন কৰি আহিছে। বসন্ত কালত প্ৰত্যেক জনগোষ্ঠীয়ে স্বকীয় ৰীতি নীতিৰে ভিন্ন ভিন্ন নামেৰে বিহু উৎসৱ পালন কৰে। চুতীয়া সকলে বহাগ বিহুক বিচু, ডিমাচা সকলে বিষু আৰু বড়ো সকলে বিহু বোলে। অসমৰ পশ্চিমীয়া বড়ো সকলে ইয়াক বৈচাগা বোলে(বৈচা মানে বছৰ, গা মানে জন্ম)গতিকে সেই দিনাৰ পৰাই বছৰৰ জন্ম হয় বুলি ধৰা হয়।

 বিহুক অসমৰ জাতীয় উৎসৱ বুলি স্বীকৃতি দিয়া হৈছিল আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত। (১৫৯৫-১৭১৪) স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুত গছৰ তলত ডেকা গাভৰুৱে নাছ নছাৰ বাতৰি পাই কটকীৰ যোগেৰে তেওঁলোকক মতাই আনি আনুষ্ঠানিক ভাৱে বিহু উপভোগ কৰিবলৈ সুবিধা দি ৰজাঘৰীয়া স্বীকৃতিৰ পথ প্ৰশস্ত কৰিছিল। অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল স্বৰ্গদেউ শিৱসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ আদিয়ে পৰবৰ্ত্তীকালত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত বিহু পতাৰ লগতে মহযুঁজ, কুকুৰা যুঁজ আদিৰ আয়োজন কৰিছিল। আহোম ৰজাৰ দিনতে পথাৰৰ আহঁত গছৰ তলৰ পৰা গৃহস্থৰ ঘৰৰ চোতাললৈকে বিহুক ৰাজকীয় স্বীকৃতি দিলে। ৰঙত ৰঙীয়াল প্ৰত্যেক জন অসমীয়াই দেহে কোহ এই বহাগ বিহু বা ৰঙালী বিহু বিবিধ ধৰণেৰে পালন কৰিবলৈ আয়োজন কৰে। ডেকা সকলে হাবিলৈ গৈ তামোলৰ লগত চালিৰে ওঠ ৰঙা কৰিবলৈ আৰু গাভৰু সকলক ৰাংঢালি কৰি সমাজলৈ দেৱা লাগে আৰু টেপৰ চাল কাটি ঘৰলৈ আনি যতনাই থয়। কোনো কোনোৱে হাবিৰ পৰা সাতবিধ আৰু কিছুমানৰ মতে এশবিধ তিতা যোগাৰ কৰি থয়। বিহুৰ দিনা খাবলৈ বিহুলৈ আৰু বেছি দিন নাই। গাভৰু জীয়ৰী বোৱাৰী সকলে ভাৱৰীত মূগা বা পাটৰ সূতা কাটি চেৰেকী পকাই লেচাই ভৰাই থয়, এচামে কপাহ নেওঠনিত নেওঠি যতঁৰত সূতা কাটি উঘাত পকাই থয়। জীয়ৰী বোৱাৰী সকলে চোতালত কোব মৰা খুটা দুফালে পুতি শাৰীয়ে শাৰীয়ে উঘাৰ পাকঘূৰনি তুলি তাঁত বাটি কাঢ়ি, শালত টোলোঠাত পকাই, ৰাহত সূতা ভৰাই ব’ তুলি, গৰকাৰ খুটিত গৰকা মাৰি, মাকো ইপাৰ-সিপাৰ কৰি, দোৰপতিৰ বুকুত থকা ৰাহত তাঁৰ মাৰি কান-মাৰিৰে টোলোঠা পকাই, নানা ধৰণেৰে ফুলবাচি মূখত বিহুনাম গাই, গা-মোচা, বুটা বচা, গাড়ী দিয়া, গুনাবটা, মূগাবুলীয়া, টিটা কুৰীয়া, বন কৰা, কাৰচিপি গোমছেং, মেজাংকৰী ৰিহা মেখেলা, চাদৰ, চেলেং খনিয়া চাদৰ বৈ উলিয়াই বিহুৰ বাবে সাজু কৰি ৰাখে। গাৱৰ গাভৰুহঁতে হাবিৰ পৰা কেতেকি ফুল চিঙি সুদাবাহৰ চুঙাত ভৰাই বেৰত গুজি থয়, বিহুতলীত নাচনীৰ খোপাত গুজি নাচিবৰ বাবে। বিহুৰ আগদিনা উৰুকাৰ নিশা গাভৰুসকলে পতা শিলত জেতুকা পিহি হাতৰ আৰু ভৰিৰ নখত জেতুকা লগাই ৰাখে। ৰাতি হাতীখুজীয়া বাতিত মাহ হালধী যোগাৰ কৰি ৰাখে। পিচদিনা কাউৰীয়ে কা কা কৰাৰ আগতেই দোকমোকালিতে উঠি ঘৰৰ সকলোৱে নিজৰ নিজৰ কামত লাগি যায়। মাহ হালধী পিহি ডেকা চামে গোঁহালিৰ পৰা গৰু, ম’হ উলিয়াই নিয়ে, ওচৰতে থকা বিল, জান-জুৰি বা নদীলৈ।

গৰুক তেল সানি মাহ হালধীৰে গা ধুৱাই, আগৰে পৰা গোটাই ৰখা কাঠিৰ লাউ, বেঙেনা, ঠেকেৰা, হালধী ডোখৰ ডোখৰকৈ গৰু ম’হৰ গাত দলিয়াই গাবলৈ ধৰে- “লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা”। গধূলি সময়ত গোঁহালিৰ কাষত “দীঘলতিৰ দীঘলপাত, মাখি মাৰো জাত জাত” বুলি চপাই অনা গৰু ম’হৰ জাকক কোবাই কোবাই ন-পঘাৰে বান্ধি মাখিয়তি আৰু তৰাপাত জ্বলাই জাগ দিয়া হয়। গৰুক পিঠা খুওৱা হয়। ঘৰৰ ডেকা সকলে চুকৰ টুমৰ পৰা কণী উলিয়াই কণী যুঁজ লগাই, আৰু বুঢ়া সকলে ঘৰত নাম গায়। জ্যেষ্ঠজনে গনকৰ হতুৱাই বৰ্ষফল গননা কৰে আৰু নাহৰ পাতত বাৰুণি মন্ত্ৰ লিখাই ভকতিৰে ঘৰৰ চালত সেই পাতখিলা খুটি থয় যাতে ব্ৰজপাত নপৰে। জ্যেষ্ঠজনক কনিৰ্ষজনে প্ৰনাম জনায় বছৰটোৰ মংগলৰ বাবে। “গৰুবিহু দিনাখন লবি আৰ্শীব্বাদ, তেহে পাবি বৈকুন্ঠত ঠাই” বুলি সকলোৱে ভাবে। ডেকা চামে ধোপ খেলাই ধোপ খেলে, গগনা বজায়, সুৰীয়া মাতেৰে বিহু গায়, হাতৰ চাপৰীয়ে চাপৰীয়ে, তালে তালে, চেৱে চেৱে, সুৰে সুৰে নতুন সাজ পিন্ধি ৰং ধেমালি কৰে।

এই বহাগ বিহু দুবিধ- বৰ বিহু আৰু বহুৱা বিহু। ভৈয়ামত যি বিহু সচৰাচৰ পতা হয়, সেয়ে বৰ বিহু। বহুৱা বিহু আজিকালি প্ৰায়ে লুপ পাইছে। বহুৱা বিহুত ঢোলৰ চেৱে চেৱে তালৰ তালত এচাম ডেকাই ধেনুকাড় লৈ চিকাৰীৰ বেশেৰে যায়। এই বিহুক জিং বিহুও বোলে।
বহাগ বিহুৰ সাতদিনলৈকে সাতবিহু বুলি কোৱা হয়। জ্যেষ্ঠজনে কোৱা মতে এই সাতবিহুৰ ভিতৰত গৃহস্থৰ ঘৰত কোনো নাম কীৰ্ত্তনৰ দৰে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিলে গোটেই বছৰটো অপায় অমংগলৰ পৰা হাত সাৰি থাকে বুলি প্ৰবাদ আছে। এই সাতবিহু হৈছে- গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, চেনেহী বিহু, কুটুম বিহু, মেলা বিহু, চেৰা বিহু বা এৰা বিহু- বহাগ বিহুৰ পিচদিনাৰ পৰাই হুচৰী গোৱা আৰম্ভ হয়। মোৱামৰীয়া বিদ্ৰোহৰ পৰাই অসমৰ বুৰঞ্জীত বহাগ বিহুত হুচৰী গোৱাৰ কথা উল্লেখ আছে। সৰু ল’ৰাই ধূতি বা গামোচা পিন্ধি ককাঁলত ঢোল লৈ আৰু ছোৱালী বিলাকে মূগাৰ সাঁজ পিন্ধি খোপাত কপৌফুল গুজি বিহু নাছে- “নাচনীৰ খোপাত কপৌফুল এপাহি কেতেকিৰ থোৰালি পাহি, ককাঁল চাই মেখেলা পিন্ধিবি লাহৰী মূখত মিচিকিয়া হাঁহি”। এইদৰে গৃহস্থত চোতালত বিহু গীত গাই গৃহস্থক গোটেই বছৰটো কুশলে থাকিবলৈ আৰ্শীব্বাদ দিয়ে। বিনিময়ত গৃহস্থই হুচৰী দলটোক গুৱাপান এযুৰি সহ অৰিহনা দি সেৱা কৰে।
মিচিং সমাজটো এইদৰে হুচৰী গোৱাৰ নিয়ম আছে যদিও অলপ বেলেগ ধৰণৰ। মিচিং ডেকা গাভৰু সকলে ইজনে সিজনৰ হাতে হাতে ধৰি বহাগ বিহুত গায়। এই কাৰ্যত “আচতি” গোৱা বুলি কোৱা হয়। বিহুগীত বা বিহুনৃত্য ক্ষন্তেক সময় উপভোগ কৰিলেই অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ কিছু আভাষ পোৱা যায়। অতীতৰ বিহু নামবোৰত ডেকা গাভৰুৰ জীৱন যৌৱনৰ, বিৰহ মিলনৰ বহি: প্ৰকাশ ঘটিছিল। লগতে প্ৰকাশ কৰিছিল জীৱন নিৰ্ব্বাহৰ লগত সাঙোৰ খাই থকা বিভিন্ন দিশ- “সৰুতে পিতাদেউ জাকৈ সাজি দিছিলা, নালতো বিন্ধিলে ঘূণে, দিখৌ পাৰ কৰি বিয়া দিবা মোক, সৰু মাছ মাৰিব কোনে”? শিমলু গছৰ তলত কমুৱা তুলাৰ দৰে উৰি ফুৰা মনৰ, গাভৰু হতঁৰ লগত গগনা, টকা, ঢোল, পেপা লৈ ডেকাহতে গাইছিল- “ঘৰতো নবহে মন ঐ লাহৰী, পথাৰতো নবহে মন, শিমলু তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন” বিহু গীতৰ মনমোহা অন্তদৰ্হা আবেগ অনুভুতি বোৰে নাচনীৰ প্ৰাণ চঞ্চলা কৰে। এই গীতবোৰ যৌৱনৰ গীত, প্ৰেমৰ গীত হোৱাৰ বাবে ডেকা গাভৰুৰ শৰীৰৰ বিভিন্ন অংগৰ ৰূপ লাবন্য আৰু শৰীৰৰ শোভাবৰ্দ্ধক সাজপাৰ আৰু প্ৰসাধন সামগ্ৰীৰ উল্লেখ আছে। বিহুগীতত আছে গাভৰুৰ বিভিন্ন অলংকাৰৰ নাম জোনবিৰি, ঢোলবিৰি, গলপতা, দোগদোগী, কেৰমনি, থুৰীয়া, লোকাপাৰ, গাম খাৰু ইত্যাদি। বিহুগীতত আছে- হালবোৱা, কঠিয়াতুলা, ভুই ৰোৱা, ধান কটা, মৰনা মৰা আদি কৃষিৰ লগত জড়িত কাৰ্য্যই কৃষিজীৱি সমাজ খনৰ কৰ্মময় জীৱনৰ পূৰ্ণ প্ৰতিফলন ঘটাইছে।
বৰ্ত্তমান সময়ৰ গতিত, শিক্ষাৰ অগ্ৰগতিৰ লগে লগে সমাজৰ অনেক পৰম্পৰাগত বৈশিষ্ট্য বাদ পৰি গৈছে যদিও অনেক নতুনৰ সংযোজনা হৈছে এই প্ৰক্ৰিয়াৰে লৌকিক সমাজ জীৱনৰ ওপৰত ভিত্তি কৰি মানৱ সমাজে আধুনিক সভ্যতা সংস্কৃতিৰ শিখৰত উঠিছেহি। লৌকিক আদিম অসমীয়া সমাজত কৃষি হোৱা কৃষি উৎসৱটোৱে কালক্ৰমত বিহু উৎসৱ হিচাবে পৰিচিত আৰু স্বীকৃত হৈ সমাজ আৰু সংস্কৃতিৰ লগতে অনেক পৰিবৰ্ত্তনৰ মাজেৰে বিহু উৎসৱটো বৰ্ত্তমান জাতীয় উৎসৱ হিচাবে অসমত প্ৰতিষ্ঠিত।

লেখিকা-মালাশ্ৰী বৰা

0 Comments:

Post a Comment

Popular Posts