Sunday, January 6, 2019

Benefits of Cloves (লং আৰু ইয়াৰ উপকাৰিতা)

'শব্দ' নামক অনলাইন অভিধানমতে লং হ'ল মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ ৷ অসমীয়াৰ দৰে নাগামিজটো ই লং নামেৰেই জনাজাত৷ ইংৰাজীত Clove বুলে৷ ইয়াৰ বৈজ্ঞানিক নাম হ'ল Syzygium aromaticum ৷ আৰবী ভাষাত কুৰান ফুল,চীনা ভাষাত ডিং জিয়াং,ৰুচ ভাষাত Gvozdika,হিন্দীত বুলে লৌংগ৷ গুজৰাটীত লভিংগ, মাৰাঠীত লবংগ, তামিলত কিৰাংপু , তেলেগুত লবংগালু ,মলয়ালমত গ্ৰামপু,পঞ্জাবীত মিৰাকা,ওৰিয়াত লবংগ আৰু বাংলাত লবঁগ নামেৰে জনাজাত ৷ অন্যান্য নাম কেইটিমান হ'ল-Caryophylli Flos, Caryophyllum, Caryophyllus aromaticus, Clou de Girofle ৷
কি কি লাগতিয়াল তত্ব ইয়াত থাকে ?
প্ৰতি ১০০গ্ৰাম লঙত ৩৪গ্ৰাম ফাইবাৰ,৬৬গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬গ্ৰাম প্ৰটিন, ১০২০মিলিগ্ৰাম প'টেচিয়াম,২৭৭মিলিগ্ৰাম চ'ডিয়াম,৩%ভিটামিন-এ , ৩%ভিটামিন-চি, ৪%ভিটামিন-কে, ৬৩% কেলচিয়াম, ৬৪%মেগনেচিয়াম, ৬৪% মেংগানিজ আৰু ৬৫%আইৰণ থাকে৷ তদুপৰি কম পৰিমানত ভিটামিন-ই থাকে৷ ইয়াৰ ওপৰিও লঙত থাকে ইউজিনল (Eugenol) নামৰ প্ৰাকৃতিক এন্টিঅক্সিডেন্ট৷ শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰাৰ ক্ষেত্ৰত ইউজিনল ভিটামিন-ইৰ তুলনাত ৫গুণ অধিক শক্তিশালী৷
লঙে কৰা উপকাৰিতাৰ তালিকা - অতি প্ৰাচীন কালৰ পৰাই আমাৰ দেশত নানাবিধ ঘৰুৱা চিকিৎসাত, ৰন্ধনশালত মছলা হিচাবে আৰু মুখশুদ্ধিৰ বাবে তামোল-পাণ-চুপাৰীৰ সৈতে ব্যৱহৃত হৈ আহিছে৷ আজিকালি ইয়াৰ প্ৰয়োগ বেকাৰীৰ বিস্কুট, কেক,জুলীয়া খাদ্য পদাৰ্থ আদিত সুগন্ধ আৰু উষ্মা আনিবলৈ কৰা হয়৷ ঘাইকৈ এচিয়া আৰু দক্ষিণ আমেৰিকাত লং উৎপাদন হয়৷ ইয়াৰ কলি,শুকান ফুল,পাত আৰু গছৰ অংশ বিশেষৰ পৰা ঔষধ আৰু তেল নিৰ্মাণ কৰা হয়৷ ইয়াৰ ওপৰিও টুথপেষ্ট,চাবুন,প্ৰসাধন সামগ্ৰী,আতৰ,লংযুক্ত চিগাৰেট (Kreteks) আদিতো লঙৰ প্ৰয়োগ হয়৷
ইয়াৰ বিভিন্ন উপযোগিতা তলত উল্লেখ কৰিলোঁ : -
• দাঁতৰ বিষ - দাঁতৰ বিষৰ উপশম ঘটাবলৈ লংতেল ব্যৱহৃত হয়৷ লঙৰ তেলে দাঁতৰ আলুৰ সংক্ৰমণো কম কৰে৷
• মুখৰ দূৰ্গন্ধ দূৰ কৰা - লঙে মুখৰ ভিতৰত দূৰ্গন্ধ উৎপন্ন কৰা বেক্টেৰিয়াৰ বিনাশ ঘটায়৷ ইয়াৰ বাবে ২৷ ৩টা লং চোবাই খোৱাৰ ওপৰিও লং উতলোৱা কুহমীয়া গৰম পানীৰে কুলকুলি কৰিব পাৰে৷
• ওকালি আৰু বমি ভাৱ আতৰ কৰা - ইয়াৰ বাবে লং পিচি মৌজোলৰ সৈতে মিহলাই খাব পাৰি৷ লংতেলৰ গোন্ধ ৰুমালৰ দ্বাৰা লব পাৰি নাইবা লং সিজোৱা পানীও উপযোগী৷
• পাক প্ৰণালীৰ উপকাৰিতা - এচিডিটি,পেটৰ বিষ অজীৰ্ণ,বদহজমি আৰু বায়ুৰ সমস্যা লঙে আতৰ কৰে৷ ফাইবাৰে শৌচকচা আৰোগ্য কৰে৷ পাকস্থলীৰ ঘাঁ(Peptic ulcer)শুকুৱাত লং সহায়ক হয়৷
• লিভাৰৰ সুস্বাস্থ্যৰ বাবে উপযোগী - এন্টিঅক্সিডেন্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়৷ লিভাৰৰ চিৰচিচ ৰোগ ৰোধ কৰে৷
• হাঁড় শক্তিশালী কৰাত লোৱা ভূমিকা - মেংগানিজৰ বাবে এনে সম্ভৱপৰ৷
• মূৰৰ বিষ আতৰ কৰে - লং তেল কপালত ঘঁহিলে উপকৃত হব পাৰি৷
• কাণৰ বিষৰ চিকিৎসা - লঙৰ তেল অকলে নাইবা সামান্য অলিভ অইলৰ লগত মিহলাই কাণত দিব লাগে৷
• শালমনৰ চিকিৎসা - ইয়াৰ বাবে লং পিচি নাৰিকল তেলৰ সৈতে মিহলাই ঘঁহিব লাগে৷
• মুখৰ দাগ আতৰ কৰে - লঙৰ তেলেৰে মালিছ কৰিলে উপকৃত হব৷
• মানসিক চাপ (ষ্ট্ৰেচ) আতৰ কৰাত সহায়ক -লঙৰ সুগন্ধই মনলৈ প্ৰশান্তি আনে৷
• ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় -এন্টিঅক্সিডেন্ট,ভিটামিন আদিৰ বাবে এয়া সম্ভৱ৷
• ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী - লঙত নাইজেৰিচিন (Nigericin) নামৰ তেজৰ চুগাৰ কমাব পৰা এবিধ তত্ব থাকে৷ নাইজেৰিচিনৰ দ্বাৰা ইনচুলিন হৰমোনৰ সক্ৰিয়তা বাঢ়ে, যাৰ ফলত ডায়েবেটিজ ৰোগী উপকৃত হয়৷
• কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক- ইউজিনল আৰু আন এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে৷ টিউমাৰৰ কোষৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম৷ খাদ্যনলীৰ কৰ্কট ৰোগত ইয়াৰ প্ৰয়োগৰ বাবে গবেষণা চলি আছে৷
• বীজানুনাশক(এন্টিবেক্টেৰিয়েল) গুণযুক্ত পদাৰ্থ- ই-কলাইকে ধৰি ভালেমান বেক্টেৰিয়া বিনাশ কৰিবলৈ ই সক্ষম৷
• যৌন অক্ষমতা আৰু শীঘ্ৰে পতন (Premature ejaculation) আদিৰ চিকিৎসাত সহায়ক - লঙৰ ফুল জিনচেঙৰ শিপাৰ সৈতে মিহলোৱা ক্ৰিম পুৰুষাংগত ঘঁহিলে এনে ৰোগী উপকৃত হয়৷
• মহ খেদিবলৈ লঙৰ প্ৰয়োগ – লঙৰ গোন্ধে ৪৷৫ঘন্টালৈ মহ আতৰাই ৰাখে৷
• কাহ আৰু ডিঙিৰ সুৰসুৰণি আতৰাবলৈ - লং সামান্য নিখমৰ সৈতে সেৱন কৰিব পাৰে৷
লঙৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা : –
- শিশু,গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ ক্ষেত্ৰত কম পৰিমানত সাবধানেৰে ব্যৱহাৰ কৰা উচিত৷
- অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগীৰ ক্ষেত্ৰত - ইউজিনলে তেজ গোট মৰাত বিলম্ব ঘটায় ৷সেয়ে অপাৰেচনৰ দুসপ্তাহ আগতে লঙৰ সেৱন বন্ধ কৰা উচিত৷
- ৰক্তক্ষৰণ হৈ থকা ৰোগীৰ ক্ষেত্ৰত - লঙৰ সেৱন বন্ধ ৰখা উচিত৷
- আন দৰবৰ সৈতে হব পৰা ক্ৰিয়া(Drug interaction) - এন্টি-ক'এগুলেন্ট আৰু এন্টি-প্লেটলেট দৰব ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত সতৰ্কতাৰ আৱশ্যক৷
- কিছুমান লোকৰ মুখৰ ভিতৰৰ ছালখন (Mucus membrane) বেচি সংবেদনশীল৷ তেনেলোকে লং খাবলৈ বা লগাবলৈ লওঁতে সতৰ্ক হোৱাৰ প্ৰয়োজন৷

ডা০ ভূপেন শইকীয়া

1 comment:

  1. যৌন ক্ষমতা বঢ়াবলৈ কেনে ধৰণৰ সেৱন উপকাৰী

    ReplyDelete

Popular Posts