Thursday, June 20, 2019

কলাগুৰু বিষ্ণু ৰাভা - Kolaguru Bishnu Prasad Rabha

২০ জুন ৰাভা দিৱস। অসম সন্তান কলাগুৰু বিষ্ণু ৰাভা দেৱলৈ জনাইছো সশ্ৰদ্ধ প্ৰণাম 🙏🙏
১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায়। ১৯২৯ চনত কোচবিহাৰ ভিক্টোৰীয়া কলেজলৈ বদলি হয় কিন্তু তাত চৰকাৰৰ কোপ দৃষ্টিত পৰাত ঢাকা কাৰমাইকেল কলেজত নাম ভৰ্তী কৰে। আই.এচ.চি. উত্তীৰ্ণ হৈ তেওঁ `ৰিপন কলেজ’ত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু ‘ভিক্টোৰিয়া কলেজ’বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে। ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন’ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল।
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে।
১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে।
বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ’ল: উপন্যাস-সোণপাহী, মিচিং কনেং, নাটক-গেঙনি ৰেঙনি, প্ৰবন্ধ-অসমীয়া কৃষ্টিৰ চমু আভাষ,অতীত অসম,মুক্তি দেউল, গল্পসমূহ-মামীৰ হাৰ,কুৰি বছৰ জেইল,জাল কেছ,হিয়াৰ,ফুংকা (বড়ো ভাষাত ৰচিত)
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।

0 Comments:

Post a Comment

Popular Posts