Monday, October 29, 2018
Tuesday, October 23, 2018
Wednesday, October 10, 2018
11:26 AM
Kati Bihu | কাতি (কঙালী) বিহু | Happy Kati Bihu 2018 | Kongali Bihu | Kati Bihu Wihsing Image
তুলসীৰ তলে তলে মৃগ পহু চৰে । তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে ।।
সকলো লৈ আমাৰ বাপতি সাহোন লখিমী উৎসৱ কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ।
বিহু অসমীয়া জাতিৰ উমৈহতীয়া উত্সৱ । আহিন আৰু কতি মাহৰ সংক্ৰান্তিত
কাতি বিহু বা কঙালী বিহু পালন কৰা হয় । কঙালী বিহুত উলহ মালহ বেছিকৈ
নাথাকে । সেয়েহে এই বিহুটিক কোৱা হয় 'কঙালী বিহু' । কিন্তু কঙালী বুলিও এই
বিহুটি তাত্পর্যহীন নহয় । ধর্মীয় আচাৰ-অনুষ্ঠানেৰে
শৰত্কলীয়া এই কাতি বিহু যেন শৰতৰ দৰেই স্নিগ্ধসমাহিত ৰুপত আৱির্ভাব
হয় । প্ৰাচুর্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে
আলোকিত হয়।কাতি মাহত কৃষিজিৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ
দিনো হয়, কাজেই ঐহিক প্ৰাচুর্যৰ পৰিবর্তে এই বিহুত আধ্যাত্মিক প্ৰাচুর্য
হোৱা দেখা যায় । এই বিহুৰ দিনা আকাশবন্তি জ্বলায় । তুলসীৰ গুৰিত নাম
লয় । ভঁৰাল, ঢেঁকীশাল, ধাননি পথাৰ সকলোতে চাকি জ্বলায় ।সকলো লৈ আমাৰ বাপতি সাহোন লখিমী উৎসৱ কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ।