Wednesday, September 8, 2021

পানীৰ তলত বিচাৰি পোৱা পৃথিৱীৰ কেইখনমান হেৰাই যোৱা প্ৰাচীন চহৰ - Underwater lost city

পানীৰ তলত বিচাৰি পোৱা পৃথিৱীৰ কেইখনমান হেৰাই যোৱা প্ৰাচীন চহৰ

পুৰাতাত্ত্বিক খনন আৰু ইতিহাস সম্পৰ্কীয় গভীৰ অধ্যয়নৰ বাবেই আমি পৃথিৱীৰ ইতিহাস বুজি পাইছো। আমি জানিব পাৰিছো যে প্ৰাচীন সভ্যতাবোৰ কেনেকুৱা আছিল আৰু আজিৰ সভ্যতাবোৰৰ প্ৰাৰম্ভিক ৰূপ কি আছিল। অতীতৰ প্ৰতি থকা আমাৰ আকৰ্ষণ তথা প্ৰচেষ্টাৰ বাবে আমি প্ৰাচীন চহৰসমূহৰ তথ্য লাভ কৰিছো য'ত বহুতো চহৰৰ সন্ধান মাটিৰ তলত পোৱা গৈছে, আনহাতে কিছুমান আজিও জলমগ্ন হৈ আছে।

পানীৰ তলত বিচাৰি পোৱা পৃথিৱীৰ কেইখনমান প্ৰাচীন চহৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

১) ভিলা ইপেকুন - আৰ্জেণ্টিনা (Villa Epecuén - Argentina):


এই চহৰখন ১৯২০ ৰ দশকত আৰ্জেণ্টিনাত বিকশিত হৈছিল বুলি ধাৰণা কৰা হয়। কিন্তু, ১৯৮০ ৰ দশকৰ শেষৰ ফালে আৰু ১৯৯০ দশকৰ আৰম্ভণিত, ই লাগো ইপেকুয়েন হ্ৰদৰ পানীৰ তলত ডুব গৈছিল।

২০০৯ চনত, পানী কিছু কমি গৈছিল, যাৰ ফলত ক্ৰমে চহৰখনৰ এক আভাস পোৱা গৈছিল। চহৰখনৰ অৱশিষ্টবোৰ আজিও তাত দেখা পোৱা যায়।

২) পাভলোপেট্ৰি - গ্ৰীচ (Pavlopetri - Greece):

গ্ৰীক চহৰখন ৫,০০০ বছৰ আগতে জলমগ্ন হৈ পৰিছিল বুলি ধাৰণা কৰা হয়। এই চহৰখন কেতিয়া বিকশিত হৈছিল আৰু ইয়াৰ প্ৰকৃত নাম কি কোনেও নাজানে। একে সময়তে, ই কোন সভ্যতাৰ আছিল সেই বিষয়ে কোনো তথ্য নাই।

পাভলোপেট্ৰি হৈছে এই চহৰখনৰ নতুন নাম। বিশ্বাস কৰা হয় যে, ই মিনোয়ান ৰাজবংশৰ অংশ আছিল। ভূমিকম্পৰ ফলত এই চহৰখন ধ্বংস হোৱা বুলি কোৱা হয়।

৩) লায়ন চিটি - চীন (Lion City - China):



চীনৰ লায়ন চিটিখনো প্ৰাচীন জলমগ্ন চহৰসমূহৰ ভিতৰত গণ্য কৰা হয়। প্ৰায় ১৩০০ বছৰ আগতে ই পানীত ডুব গৈছিল।

১৪০০ বছৰতকৈও অধিক পুৰণি চহৰখন হান সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু ই এক বৃহৎ এলেকাত বিস্তৃত আছিল।

৪) ইয়োনাগুনি জিমাৰ পিৰামিড - জাপান (Pyramids of Yonaguni Jima - Japan):



এই জলমগ্ন পিৰামিডবোৰ ৰহস্যৰে ভৰি আছে। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এইবোৰ মানৱ-নিৰ্মিত বা প্ৰাকৃতিক পৰিঘটনাৰ ফলাফল হ'ব পাৰে। উল্লেখযোগ্য যে ২,০০০ বছৰ আগতে জাপানৰ চহৰখন জলমগ্ন হৈ পৰিছিল।

এই আচহুৱা পিৰামিডবোৰ মেক্সিকো আৰু মধ্য আমেৰিকাত পোৱা পিৰামিডবোৰৰ দৰে।

৫) পোৰ্ট ৰয়েল - জামাইকা (Port Royal - Jamaica):



৪ টা ফৰ্ট আৰু ২০০০ অট্টালিকাৰে নিৰ্মিত, ১৭ শতিকাৰ পোৰ্ট ৰয়েল চহৰখন জলদস্যুৰ কাৰ্যকলাপৰ কেন্দ্ৰ আছিল। লুণ্ঠনকাৰীসকলে ইয়াৰ পৰা ধনেৰে ভৰ্তি জাহাজ লুটি ছিল।

অৱশ্যে, ১৬৯২ চনত ভূমিকম্পৰ ফলত চহৰখন কেৰিবিয়ান সাগৰত ডুব গৈছিল।

৬) দ্বাৰকা - ভাৰত (Dwarka - India):


প্ৰাচীন জলমগ্ন চহৰবোৰৰ ভিতৰত ভগৱান কৃষ্ণৰ চহৰ দ্বাৰকাও আছে। এই প্ৰাচীন চহৰখনৰ অৱশেষ গুজৰাটৰ কাম্বে উপসাগৰত সাগৰৰ ১৩১ ফুট তলত পোৱা গৈছে।

লোককথা অনুসৰি, দ্বাৰকা হৈছে ভগৱান কৃষ্ণৰ গৃহভূমি। ধ্বংসাৱশেষবোৰ আধুনিক দ্বাৰকাৰ পৃষ্ঠৰ তলত পোৱা গৈছিল। এই চহৰখনৰ বিশেষ কাৰুকাৰ্য্য আৰু সৌন্দৰ্যই আনকি বিশেষজ্ঞসকলকো হতবাক কৰি তুলিছে ।

0 Comments:

Post a Comment

Popular Posts