Tuesday, May 4, 2021

ঘৰত বহিয়েই SBI গ্ৰাহকে আপডেট কৰক KYC, অন্যথা ৩১ মে'ৰ পিছত অচল হৈ পৰিব আপোনাৰ একাউণ্ট!

দেশত বৰ্ধিত কোৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংক (SBI)য়ে ইয়াৰ গ্ৰাহকসকলৰ কেৱাইচি (KYC ) আপডেটৰ সময়সীমা ৩১ মে'লৈ বৃদ্ধি কৰিছে। বেংকে এক জাননীযোগে ইয়াৰ গ্ৰাহকসকলক ৩১ মে'ৰ ভিতৰত কেৱাইচি (KYC) আপডেট কৰিবলৈ আহ্বান জনোৱাৰ লগতে সময়সীমাৰ ভিতৰত এয়া সম্পন্ন নকৰিলে একাউণ্ট বেংকিং সেৱা বন্ধ কৰা হ'ব বুলিও উল্লেখ কৰিছে।
বেংকে জাননীত কৈছে যে গ্ৰাহকসকলে কোনো অসুবিধা নোহোৱাকৈ বেংকিং সেৱা অব্যাহত ৰাখিবলৈ ৩১ মে'ৰ ভিতৰত KYC আপডেট কৰিব লাগিব। মহামাৰী কোৰোণাৰ বাবে ৩১ মে'লৈ সময়সীমা বৃদ্ধি কৰা হৈছে অৰ্থাৎ ৩১ মে'ৰ ভিতৰত KYC আপডেট নকৰিলে একাউণ্ট ফ্ৰীজ কৰা হ'ব।
ইপিনে কোৰোণাৰ বৰ্ধিত সংক্ৰমণ আৰু বহু ৰাজ্যত চলি থকা লকডাউন আৰু নৈশ কাৰফিউৰ দৰে প্ৰতিবন্ধকতাৰ প্ৰতি লক্ষ্য ৰাখি KYC আপডেটৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে বেংকটোৱে।
ঘৰত বহি এনেদৰে কৰক KYC আপডেট - 
SBIয়ে সিদ্ধান্ত লৈছে যে ইয়াৰ গ্ৰাহকসকলে KYC আপডেট কৰিবলৈ তেওঁলোকৰ নথিপত্ৰ ই-মেইল বা পোষ্টৰ দ্বাৰা প্ৰেৰণ কৰিব পাৰে। কাগজ-পত্ৰ লৈ শাখালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। ১৭টা স্থানীয় মুখ্য কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধকৰ সৈতে আলোচনাৰ অন্তত SBIয়ে ই-মেইল বা পোষ্টৰ জৰিয়তে KYC আপডেট গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
৩১ মে'লৈ বন্ধ নহয় একাউণ্ট -
SBIয়ে KYC আপডেট নোহোৱাৰ বাবে যাতে ৩১ মে'লৈকে কোনো গ্ৰাহকৰ একাউণ্ট আংশিকভাৱে বন্ধ কৰা নহয়, তাক নিশ্চিত কৰিবলৈও কোৱা হৈছে। ইপিনে এই নিৰ্দেশনাবোৰ তাৎক্ষণিকৰূপত কাৰ্যকৰী কৰা হৈছে।
KYC আপডেটৰ বাবে কিমান দিনৰ প্ৰয়োজন -
বেংকে তেওঁলোকৰ গ্ৰাহকৰ মূল্যাংকন তেওঁলোকৰ বিপদাশংকাৰ আধাৰত কৰে। অধিক বিপদাশংকা থকা গ্ৰাহকসকলে প্ৰতি দুবছৰত কমেও এবাৰ KYC আপডেট কৰিব লাগে। যিসকল গ্ৰাহকৰ মধ্যমীয়া বিপদাশংকা আছে তেওঁলোকে প্ৰতি আঠ বছৰত এবাৰকৈ KYC আপডেট কৰিব লাগে আৰু অতি কম বিপদাশংকা থকা গ্ৰাহকসকলে প্ৰতি দহ বছৰত এবাৰকৈ KYC আপডেট কৰিব লাগে।

0 Comments:

Post a Comment

Popular Posts