Thursday, July 30, 2020

শিক্ষা নীতি 2020 - Education Policy 2020

✨কি আছে নতুন শিক্ষানীতি ২০২০ ত ?

• ডিগ্ৰী এতিয়াৰ পৰা তিনিবছৰৰ ঠাইত চাৰি বছৰীয়া হ'ব। কিন্তু কোনোবাই যদি এবছৰ পঢ়ি এৰি দিয়ে তাৰো স্বীকৃতি পাব। কিয়নো ১ বছৰ পঢ়িলে চাৰ্টিফিকেট পাব, ২বছৰ পঢ়িলে ডিপ্লমা, তিনি বছৰ পঢ়িল ডিগ্ৰী আৰু চাৰিবছৰ পঢ়িলে ডিগ্ৰীৰ সৈতে ৰিচাৰ্চ চাৰ্টিফিকেট পাব। কিমান বছৰ পঢ়ে সেয়া আপোনাৰ ইচ্ছা। পিজিৰ ক্ষেত্ৰতো ১ বছৰীয়া আৰু ২ বছৰীয়াৰ অপচন থাকিব।

• ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত কোৱাৰ দৰেই শিক্ষাখণ্ডত মুঠ জিডিপিৰ ৬% ব্যৱহাৰ কৰা হ'ব। যিটো বৰ্তমান ৩%

• বৰ্তমানৰ ১০+ ২ ৰ পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো ৫+৩+৩+৪ ত বিভক্ত হ'ব।

• পৰীক্ষাবোৰ ক্লাছ ৩য় ,৫ ম আৰু ৮ম হ'ব। অৰ্থাৎ ক্লাছ ৮ লৈ প্ৰতিবছৰে পৰীক্ষা নাথাকে।মাত্ৰ তিনিটা পৰীক্ষা হ'ব। যিয়ে পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত বহুখিনি সংশোধন আনিব।

• ৬ষ্ঠ শ্ৰেণীৰ পৰা কোডিং বাধ্যতামূলক হ'ব। সময়ৰ লগত চলিবলৈ‌ এইটো খুউৱ প্ৰয়োজন আছিল।

• স্কুলতে বৃত্তিমূখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব ।

• ৫ ম শ্ৰেণীলৈ ( যদি প্ৰয়োজন ৮ ম শ্ৰেণীলৈ) মাতৃভাষাত পাঠদানৰ ব্যৱস্থা কৰা হ'ব।

• সকলো শ্ৰেণীতে সংস্কৃত ভাষা উপলব্ধ হ'ব আৰু মাধ্যমিকৰ পৰা বিদেশী ভাষা লোৱাৰ সুবিধা থাকিব। অৱশ্যে কোনো ভাষা বাধ্যতামূলক নহয়।

• IIT ৰ দৰে প্ৰতিষ্ঠানবোৰ সামগ্ৰিক শিক্ষা লাভৰ অনুষ্ঠান হিচাপে ৰূপান্তৰ কৰা হ'ব। অৰ্থাৎ বিজ্ঞানৰ ছাত্ৰৰ বাবেও কলা বিভাগৰ বিষয় বা আন আন বিষয়বোৰো উপলব্ধ হ'ব। or vice versa

•  সমগ্ৰ দেশত বিশ্ববিদ্যালয়ৰ নামভৰ্ত্তিৰ বাবে এটায়েই entrance হ'ব। যিটো খুউৱ ভাল সিদ্ধান্ত।

•  নতুন শিক্ষা নীতি অনুসৰি বিজ্ঞান , কলা , বাণিজ্যৰ কঠোৰ ভাগ কৰা নাথাকিব। অৰ্থাৎ পদাৰ্থ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান একেলগে পঢ়িব পাৰিব।

• এতিয়াৰ পৰা নাথাকিব m.phil পাঠ্যক্ৰম।

• বিশ্বৰ শীৰ্ষ এশখন বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ পাতিব  অনুমতি দিয়া হ'ব।

• HECI ক চাৰিটা ভাগত ভাগ কৰা হ'ব। National Higher Education Regulatory Council for regulation, General Education Council to set standards, Higher Education Grants Council for funding and National Accreditation Council for accreditation.

আৰু বহুত আছে‌ ।  মুঠতে সঁচাকৈয়ে এখন সুন্দৰ শিক্ষানীতি‌ । পিছত এই নতুন শিক্ষানীতি সেই নালাণ্ডাৰ সময়ৰ দৰে শক্তিশালী শিক্ষা ব্যৱস্থা এটাও গঢ় দিব প্ৰয়াস কৰিছে।

**Copied ....

0 Comments:

Post a Comment

Popular Posts