Monday, June 28, 2021

ড্রেগন ফল (Dragon fruit)ৰ খেতিৰ বিষয়ে

🌵ড্রেগন ফল(Dragon fruit)ৰ খেতিৰ বিষয়ে:🌵
 
    ড্ৰেগন ফল, যাক আমি "কমলম্" বুলিও কও, ই হৈছে এক জনপ্ৰিয় আমেৰিকান ফল যি এতিয়া আমাৰ দেশতো অতি জনপ্ৰিয়। ড্ৰেগন ফলৰ গছবোৰ হৈছে এক প্ৰকাৰৰ কেকটাছ জাতীয় গছ যাৰ বৈজ্ঞানিক নাম Hylocereus undatus (হিলোকেয়াৰ্চ এণ্ডাটাছ)। মূলতঃ মধ্য আৰু দক্ষিণ আমেৰিকাৰ ফল হিচাবে জনাজাত এই ফল বিধ দক্ষিণ-পূব এছিয়া, মধ্য এছিয়াৰ লগতে আফ্ৰিকাৰো বিভিন্ন অঞ্চলত পোৱা যায়। অৱশ্যে সোৱাদ আৰু পুষ্টিগুণৰ দিশৰ পৰা অতি উত্তম ফল হিচাবে পৰিগণিত হোৱা এই ফল বিধ অসমৰ অতি কম সংখ্যক লোকেহে চিনি পায়। এই গছৰ কোনো পাত নাই। ড্ৰেগন ফলৰ গছবোৰ সাধাৰণতে ১.৫ ৰ পৰা ২.৫ মিটাৰ দীঘল হয়। এই ফলৰ আকাৰ ডাঙৰ, পকিলে ৰঙা/হালধীয়া হয়, বাকলিটো ডাঠ গুলপীয়া, তাৰোপৰি পকিলে ৰঙা আৰু বগা আৰু ৰঙৰ ৰস উলাই যিটো আমি juice হিচাপে খাব পাৰো ৷ ফলৰ গুটিবোৰ সৰু, ক'লা আৰু কোমল। এটা ফলৰ ওজন প্রায় ১৫০ গ্ৰামৰ পৰা ৬০০ গ্ৰামৰ ভিতৰত হ'ব পাৰে।
••ড্ৰেগন ফলৰ প্ৰকাৰ••
১) ৰঙা ৰঙৰ ফলৰ সৈতে অন্ত:ভাগ বগা
২) ৰঙা ৰঙৰ ফলৰ সৈতে অন্ত:ভাগ ৰঙা আৰু
৩) হালধীয়া ৰঙৰ ফলৰ সৈতে অন্ত:ভাগ বগা।

 বৰ্তমান অসমৰ বহুকেইখন জিলাতে ড্ৰেগন ফলৰ খেতি আৰম্ভ হৈছে। ইয়াৰ খেতি কেনেকৈ কৰা হয় কিছু জানো আহক:

••ভূমি নিৰ্বাচন আৰু সাজু••
      ভালদৰে বিকশিত উচ্চ আৰু মজলীয়া উচ্চ ধৰণৰ উৰ্বৰ ভূমি বাছনি কৰক ৷
••ৰোপণ পদ্ধতি আৰু ৰোপনৰ সময়••
   সমতল ভূমিত বর্গ বা ষড়ভুজ আৰু পাহাৰীয়া ঠাইত কেণ্টাৰ পদ্ধতিৰে মাটিডৰা কাটিং কৰি ৰোপন কৰিব পাৰি। ড্ৰেগন ফল ৰোপনৰ সময় এপ্ৰিলৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈ। ৰ'দ পৰা ঠাইত ১.৫ মিটাৰ x ১.৫ মিটাৰ x ১ মিটাৰ আকাৰৰ গাত বনাই তাত ২০-২৫ দিনৰ পিছত ২০-৩০ কেজি পচি যোৱা গোৱৰ, ২৫০ গ্ৰাম টি.এছ.পি, ২৫০ গ্ৰাম এম.অ'.পি, ১৫০ গ্ৰাম জিপচাম আৰু ৫০ গ্ৰাম জিংক ছালফেট সাৰ মাটিৰে মিহলাই মাটি জাপি দিব লাগে। তাৰ ১০-১৫ দিন পিছত প্ৰতিটো গাতত ৪ টাকৈ পুলি প্রত্যেকৰে মাজভাগত ৫০ ছে:মি দূৰত ৰাখি ৰুব লাগে। ইউৰিয়া প্রতি ১ মাহৰ মূৰত ১ বছৰলৈ প্ৰতিটো গাতত ১০০ গ্ৰাম প্ৰয়োগ কৰিব লাগিব।
••বংশবিস্তাৰ পদ্ধতি••
    ড্ৰেগন অঙ্গজ প্ৰণালী বা বীজৰ যোগেৰে বংশ বিস্তাৰ কৰা হয় যদিও মাতৃৰ গুনাগুণ বজাই ৰাখিবলৈ অঙ্গজ প্ৰণালীৰে কাটিং কৰি বংশ বিস্তাৰ কৰা ভাল। এনে কৰিলে প্ৰায় ১০০% ফল লগাতো নিশ্চিত আৰু অতি সোনকালে ফল লাগে ৷ কটাৰ পৰা উৎপন্ন হোৱা গছৰ পৰা ফল পাবলৈ প্রায় ১২-১৮ মাহ সময় লাগে। সাধাৰণতে, পুৰণি আৰু কঠিন ডালবোৰ ১ ৰ পৰা ১.৫ ফুটলৈ কাটিব পাৰি আৰু আঙুঠবোৰ পাতল ছাঁত কটা অংশৰ পৰা সহজে উৎপন্ন হয় ৷ তাৰ পিছত ২০ৰ পৰা ৩০ দিনৰ পিছত মূলবোৰ কটাৰ পৰা ওলাই আহিব। সঠিক পৰিৱেশত আৰু প্ৰয়োজনীয়তা অনুসৰি মাটিত পোনপটীয়াকৈ ৰোপন কৰিব পাৰি।
••অপতৃণ নিবাৰণ••
খেতি ডৰা অপতৃণ মুক্ত কৰি ৰাখিব লাগিব আৰু প্ৰয়োজন হ'লে নিয়মীয়া জলসিঞ্চন আৰু বেৰ দিব লাগিব। গছজোপা ৰোপণ কৰাৰ পিছত ১.৫ ৰ পৰা ২.৫ মিটাৰ দীঘল হ'লে প্রতিটো গাঁতৰ চাৰিওডাল পুলিত ৪ মিটাৰমান দীঘল খুটি পুটি দিব লাগিব। যেতিয়া গছজোপা ডাঙৰ হয়, ইয়াক নাৰিকলৰ ৰচীৰে বান্ধিব লাগিব যাতে খুঁটিৰ সহায় লৈ বাঢ়ি যাব পাৰে ৷

••সাৰ প্রয়োগ••
    গছজোপা বাঢ়ি অহাৰ লগে লগে, নিম্নলিখিত ধৰণে সাৰ প্রয়োগ কৰিব লাগে :
১)গছৰ বয়স ১-৩ বছৰ হলে:প্ৰতি বছৰে প্রয়োগ কৰিব লগা সাৰৰ পৰিমাণ এনে ধৰণৰ -
  প্ৰথম বছৰত~ গোৱৰ সাৰ ৪০-৫০কেজি, ইউৰিয়া ৩০০ গ্ৰাম, TSP ২৫০ গ্ৰাম, MOP ২৫০ গ্ৰাম।
ঠিক সেইদৰে,
২) ৩-৬ বছৰ হলে গোৱৰ সাৰ ৫০-৬০ কেজি, ইউৰিয়া ৩৫০ গ্ৰাম, TSP ৩০০ গ্ৰাম, MOP ৩০০ গ্ৰাম।
৩) ৬-৯ বছৰ হলে গোৱৰ সাৰ ৬০-৭০ কেজি, ইউৰিয়া ৪০০ গ্ৰাম, TSP ৩৫০ গ্ৰাম, MOP ৩৫০ গ্ৰাম। 
৪)১০ বছৰৰ উর্দ্ধৰ হলে গোৱৰ সাৰ ৭০-৮০ কেজি, ইউৰিয়া ৫০০ গ্ৰাম, TSP ৫০০ গ্ৰাম, MOP ৫০০ গ্ৰাম।
••ৰোগ আৰু প্রতিৰোধ ব্যৱস্থা গ্রহণ••
     যিকোনো খেতিৰ বাবে বেমাৰ আৰু প্রতিৰোধ বিষয়টো গুৰুত্বপূর্ণ, তেতিয়াহে ভবাধৰণে সফলতা পাব পাৰি ৷ তাৰ বাবে আমি আগতীয়াকৈ সজাগতা অৱলম্বন কৰিব লাগে ৷ অন্যথা শস্য খিনি নষ্ট হোৱাৰ সম্ভাৱনা অধিক ৷ ড্রেগন ফলত হব পৰা কেইবিধ বেমাৰ আৰু উপশমৰ বিষয়ে তলত আলোচনা কৰা হ'ল -

°°শিপা পচা ৰোগ°°
যেতিয়া গুৰিত অতিৰিক্ত পানী জমা হয়, গুৰিটো পচিবলৈ আৰম্ভ হয় ৷ এই ৰোগটো Fusarium নামৰ ভেঁকুৰৰ দ্বাৰা হয়। এই ৰোগ হলে গুৰিটো অলপ অলপকৈ মাটিৰ তললৈকে গোটেই শিপাখিনি পচি যায়। পিছত যেতিয়া গছটো ওপৰলৈ টানি অনা হয়, তেতিয়া মূল অবিহনে কেৱল গছডাল ওপৰলৈ উঠি আহে। সেয়েহে ইয়াৰ পৰা মুক্তি পাবলৈ, উচ্চ ভূমিত ফলৰ উৎপাদন কৰা ভাল। 

°°কাণ্ড পচা ৰোগ°°
    এই ৰোগ ভেঁকুৰ বা বেক্টেৰিয়াৰ ফলত হ'ব পাৰে। গছটো প্ৰথমে হালধীয়া হৈ ক'লা পৰি যায় ৷ তাৰ পিছত অংশটো পচিবলৈ আৰম্ভ হয় আৰু লাহে লাহে পচাৰ পৰিমাণ বাঢ়ি গৈ থাকে । ইয়াক প্ৰতিৰোধ কৰিবলৈ - কীট-নাশক (বেভিষ্টিন, ৰিডোমিল, থিওভিট আদি) প্ৰতি লিটাৰ পানীত ২ গ্ৰাম মিহলি কৰি চতিয়াই দিব লাগে।

°°কীট-পতংগ বা মঁকৰাৰ আক্ৰমণ°°
   এই কীট ড্ৰেগন ফলৰ বাবে অতি ক্ষতিকাৰক । এইধিধ পতংগই গছৰ কোমল অংশ আৰু পাত চুহি খায় ৷ ফলত গছৰ শাখা আৰু পাতৰ ৰং হালধীয়া হৈ পৰে লগতে গছডাল দুৰ্বল হৈ পৰে। তাৰোপৰি ইহঁতে sooty mold নামৰ ক'লা পৰা এটা ৰোগ সৃষ্টি কৰিব পাৰে ,যি উদ্ভিদৰ খাদ্যৰ উৎপাদন হ্রাস কৰে। তাৰফলত ফুল আৰু ফলৰ উৎপাদন কমি যায়। এই কীটৰ পৰা হাত সাৰিবলৈ, সুমিথিয়ন/মালাথিয়ন কীটনাশক প্ৰতি ১০ লিটাৰ পানীত ২৫ মি:লি: বা ৫ কাপ পানীত ভালদৰে মিহলাই স্প্ৰে কৰি নিয়ন্ত্রন কৰিব পাৰি ৷ 

••ড্ৰেগন ফলৰ উৎপাদন••
    ড্ৰেগন খেতিত পুলি ৰোপনৰ পৰা হিচাপ কৰিলে ১ৰ পৰা ১.৫ বছৰৰ ভিতৰত ফল সংগ্ৰহ কৰিব পাৰি। যেতিয়া ফলটো সম্পূৰ্ণ ৰঙা হয়, তেতিয়া ইয়াক সংগ্ৰহ কৰিব লাগে। গছত ফলৰ ফুল ওলোৱাৰ ৩৫-৪৫ দিনৰ ভিতৰত ফল খাব পাৰি ৷ ফলবোৰ বছৰত  ৫-৬ টা স্তৰত সংগ্ৰহ কৰিব পাৰি। প্ৰথমতে জুন-অক্টোবৰ আৰু দ্বিতীয়তে ডিচেম্বৰ-জানুৱাৰী।

••ফলৰ পুষ্টি গুণ••
    ড্রেগন ফলত ভিটামিন C, প্ৰ'টিন, কেলচিয়াম, খনিজ পদাৰ্থ আৰু যথেষ্ট পৰিমানে আঁহজাতীয় পদাৰ্থ পোৱা যায়।
      প্ৰতিটো ১০০ গ্ৰামৰ খোৱাৰ উপযুক্ত ড্রেগন ফলত এই সমূহ পুষ্টি উপাদান পোৱা যায় - 
• পানী - ৮০-৯০ গ্ৰাম
• শর্কৰা- ৯-১০ গ্ৰাম
• প্ৰটিন - ০.১৫-০.৫ গ্ৰাম
• আঁহ - ০.৩৩ -০.৯০গ্ৰাম
• শক্তি - ৩৫-৫০ কেল'ৰি
• চৰ্বি - ০.১০-০.৬০ গ্ৰাম
• কেলচিয়াম - ৬-১০ মিলি গ্ৰাম
• লো - ০.৩-০.৭ মি.গ্ৰা
• ফছফৰাছ - ১৬-৩৫ গ্ৰাম
• কেৰোটিন ( ভিটামিন A সামান্য পৰিমানে থাকে )
• ভিটামিন B- ০.২-০.৪ মি. গ্রা
  
 হাপানী আৰু ডায়বেটিছ ৰোগৰ প্রতিষেধক হিচাপে ড্রেগন ফলৰ উপকাৰিতা:
           ইয়াৰ ঠাৰিবোৰ হৈছে কাঁইট আৰু ৰসযুক্ত। ড্ৰেগন ফলত বিটা-কেৰোটিন আৰু লাইকোপিন থাকে। কেৰোটিন'ইড সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগ আৰু হৃদৰোগৰ আশংকা হ্ৰাস হয়।ই দেহত শর্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে।ড্ৰেগন ফলত এক প্ৰাকৃতিক এণ্টি-অক্সিডেণ্টৰ লগতে ফ্লেভ'ন'ইড, পেনোলিক এচিড, এচকৰ্বিক এচিড আৰু ফাইবাৰ থাকে। এই সকলোবোৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
ড্ৰেগন ফল হৃদযন্ত্ৰৰ বাবে লাভজনক:
ড্ৰেগন ফলত পোৱা সৰু ক’লা বীজবোৰ হৈছে অমেগা-3 আৰু অ'মেগা-9 ফেটি এচিডৰ ভাল উৎস, যি হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰিব পাৰে
 কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে:
ড্ৰেগন ফলৰ ফলত কলেষ্টেৰ'ল, ট্ৰাইগ্লিচাৰ'ইড আৰু নিম্ন ঘনত্বৰ লিপোপ্ৰ'টিন, কলেষ্টেৰ'ল হ্ৰাস কৰিব পাৰে। যাৰ বাবে দেহত আন ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে ৷
  পাকস্থলীৰ সমস্যাত লাভজনক:
ড্ৰেগন ফলে হজম স্বাস্থ্যকৰ কৰি ৰাখে। ই পাকস্থলী আৰু অন্ত্ৰৰ ভাল মাইক্ৰোবায়োম উদগনি দিয়ে। ই পাকস্থলী আৰু অন্ত্ৰৰ বিকাৰ আঁতৰত ৰখাত আৰু পাকস্থলী আৰু অন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰিব পাৰে। ড্ৰেগনৰ ফলবোৰ আঁহ আৰু বহুতো ভিটামিনসমৃদ্ধ, যি দেহৰ পাচন প্ৰণালী উন্নত কৰাত সহায় কৰিব পাৰে।
  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:
ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত ড্ৰেগন ফল অতি সহায়ক। ড্ৰেগন ফলত ভিটামিন চি-এ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে।
  হাড় আৰু দাঁত শক্তিশালী কৰে:
ড্ৰেগনফলে হাড় আৰু দাঁত শক্তিশালী কৰে। কেলচিয়াম আৰু ফছফৰাছৰ এক ভাল উৎস হোৱা বাবে, ই হাড় আৰু দাঁতৰ বাবে লাভজনক বুলি প্ৰমাণিত হৈছে। ড্ৰেগন ফলত থকা মেগনেছিয়ামে হাড় আৰু দাঁতৰ বাবে অতি লাভজনক ।

#তথ্য_সংগ্ৰহীত 

0 Comments:

Post a Comment

Popular Posts