Wednesday, May 8, 2019

Met Gela 2019 - কেইগৰাকী মান তাৰকাৰ অদ্ভুত বেশভূষা

Met Gala 2019, প্ৰিয়ংকা চোপ্ৰা আৰু তোমালোকৰ অজ্ঞতা ।
বহুত দেখিছোঁ প্ৰিয়ংকা চোপ্ৰাৰ বিষয়ে ঠাট্টা, ইতিকিংসূচক পোষ্ট, meme, ফটুৱামী ভৰা লিখনি!! কিন্ত সমাজৰ নৈতিক অভিভাৱক সকল, আৰু sense of humour ৰ নামত ফটুৱা সকল, যাৰ মাজত নাৰীৰ সংখ্যা ও খুব কম নহয়, জানা নে তোমালোকে met gala কি বস্তু হয়? কিয় অনুষ্ঠিত কৰা হয়? কেতিয়াৰ পৰা কৰা হৈ আহিছে অথবা met gala ৰ এটা theme থাকে প্ৰতি বছৰে?
মইও নাজানিছিলোঁ। এতিয়া অলপ net খুচৰি জানি ল'লো। মোৰ বাবে জানিব লগা বিষয়ৰ কোনো সীমাবদ্ধতা নাই। যি বিষয় দেখোঁ তাকেই খুচৰি চাওঁ অকণমান হ'লেও ধাৰণা কৰিবলৈ। Fashion industry ৰ বিষয়ে একো ধাৰণাই নাছিল মোৰ। আজি অলপ সময় খৰছ কৰি খুচৰি চাই গম পালোঁ যে global fashion, art, film and music ৰ বাবে met gala এক উল্লেখযোগ্য event! যাৰ জানিবলৈ ইচ্ছা আছে, নিজেই চাব পাৰে। যিটো android লৈ প্ৰিয়ংকা চোপ্ৰাৰ get up ক লৈ digital বিয়নী মেল মাৰি আছে, সেইটো ফোনতে google নামৰ app টোত অকণমান আঙুলিৰে চুই met gala type কৰি দিলেই ওলাই যাব তথ্যৰ ভাণ্ডাৰ এই বিষয়ে।
চমুকৈ এইটোৱেই কওঁ, met gala 2019 ৰ theme টো আছিল Love of unnatural: of Artifice and Exaggerations. এতিয়া বুজিছা নে তোমালোকে যে প্ৰিয়ংকা চোপ্ৰাই সেইখিনি অদ্ভুত style কৰা নাছিল, মাথোঁ theme টো আটাইতকৈ ভালকৈ আৰু সাহসেৰে follow কৰিছিল।
International Fashion Ramp বোৰ কেতিয়াবা হ'লেও তো চাইছা টিভিত? দেখিছা তো মডেল বোৰে বেছিভাগেই যি ধৰণৰ বেশ ভূষা প্ৰসাধন লৈ ওলায়, আমি সাধাৰণ দৈনন্দিন জীৱনত ভাবিবও নোৱাৰো তেনে কৈ কোনোবা ওলোৱাৰ কথা! কিয় পাহৰি যোৱা যে যি প্ৰিয়ংকা চোপ্ৰা ৰ style লৈ আজি পিৰালী চুকৰ বিয়নী মেল মৰা দি ডিজিটেল পৰচর্চা কৰি আছা, সেই প্ৰিয়ংকা চোপ্ৰা আন্তঃৰাষ্ট্ৰীয় fashion ত এগৰাকী super model তথা এগৰাকী প্ৰাক্তন Miss World আছিল!!
নজনা টো লাজৰ কথা নহয়, জানিবলৈ ইচ্ছা নকৰা টো হে খুব লাজৰ কথা। আঙুলিৰ টিপত তথ্য উলিয়াই ল'ব পৰা মোবাইল ফোন তোমালোকে ব্যৱহাৰ কৰি আছা digital বিয়নী মেল মৰাত!! ২০১৯ চনত!! আৰু যেন এগৰাকী মডেল বা অভিনেত্ৰীৰ style বাদ দি ৰাজহুৱা মঞ্চ এখনত আলোচনা কৰিবলগীয়া বিষয় একেবাৰেই নোহোৱা হৈ গৈছে !
 1. Priyanka Chopra & Nick Jonas
2. Deepika Padukone
3. Ciara
4. Katy Perry

5. Winnie Harlow

6. Lady Gaga
7. Kim Kardashian
8. Abbey Lee Kershaw
 9. Amber Valletta
 10. Celine Dion
 11. Emma Roberts
 12. Gigi Hadid
 13. Joan Smalls
 14. Billy Porter
 15. Cara Delevingne
 16. Cardi B
 17. Cody Fern
 18. Emily Ratajkowski
 19. Ezra Miller
 20. Hailey Bieber
 21. Halsey
 22. Jared Leto
 23. Jennifer Connelly
 24. Julia Garner
  25. Michael Urie
 26. Nina Dobrev
 27. Rachel Brosnahan
 28. Tessa Thompson

0 Comments:

Post a Comment

Popular Posts