Thursday, March 14, 2019

Benefits of Lady Finger/Okra - ভেণ্ডীৰ উপকাৰিতা

ভেণ্ডী ৷ ইংৰাজী-Lady finger/Okra. হিন্দী-ভিণ্ডী, বাংলা-ঢ্যাড়স৷ বৈঃনাঃ Abelmoschus esculentus. এক উচ্চ খাদ্যগুণ সম্পন্ন পাচলি৷ Okra নামটো নাইজেৰিয়ান শব্দ okwuru ৰ পৰা ochra আৰু পিছলৈ okra হৈছে৷
ভেণ্ডীক USAত Gumbo, Spainত Guini gumbo, পৰ্তুগীজত Guibeiro, ইজিপ্তত Banya বুলি কয়৷
ভাৰতবৰ্ষই পৃথিৱীৰ আটাইতকৈ বেছি অৰ্থাৎ বিশ্বৰ মুঠ উৎপাদনৰ ৭০% বা ৩.৫ মিলিয়ন টন ভেণ্ডী উৎপাদন কৰে৷ ভেণ্ডীৰ আহাৰ মূল্য আৰু স্বাস্থ্য ৰক্ষাত ইয়াৰ অৱদান মনকৰিব লগীয়া৷
ভেণ্ডী এবিধ চুপাৰফুড বুলি কব পাৰি৷ ভেণ্ডীয়ে মধুমেহ বা ডাইবেটিচ নিয়ন্ত্ৰণ আৰু নিৰাময় কৰাৰ উপৰিও ভেণ্ডীৰ পৰা স্বাস্থ্যলাভৰ তালিকা দীঘলিয়া৷

১. ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ আৰু ডাইবেটিচ প্ৰতিৰোধঃ গৱেষণাত পোৱা গৈছে যে ভেণ্ডীৰ তেজৰ শৰ্কৰা লেভেল নৰ্মেল কৰিব পৰা ক্ষমতা আছে৷ Intrnational journal of research in pharmacy and chemistryত প্ৰকাশ পোৱা সুব্ৰমন্যমৰ গৱেষনাই কৈছে ভেণ্ডীৰ এন্টি-ডাইবেটিক গুণে ৰক্তশৰ্কৰা কমাব পাৰে৷
আন এক গৱেষণাত Laxmi memorial college of nursingৰ deptt. of community health nursingৰ Sarika Davis আৰু Jennifer D'souzaই International journal of scientific researchত প্ৰমান কৰিছে যে ভেণ্ডীৰ ৰসে ৰক্ত শৰ্কৰা লেভেল কমাই ডাইবেটিচ নিয়ন্ত্ৰণ কৰিব পাৰে৷ বিষেশকৈ টাইপ-২ ডাইবেটিচ৷
২. কলেস্টৰেলৰ পৰা মুক্তিঃ কলেস্টৰেল শৰীৰৰ এক হানিকাৰক উপাদান যিয়ে বিভিন্ন স্বাস্থ্য সমস্যাৰ শৃষ্টি কৰে৷ Harvard health publication journalত প্ৰকাশ পোৱা এক গৱেষণাই প্ৰমান কৰিছে যে ভেণ্ডী নিয়মীয়াকৈ খালে তেজৰ কলেস্টৰেল কমাব পাৰি৷ অৱশ্যেই লগতে উচ্চ চৰ্বীযুক্ত আহাৰ খোৱা বন্ধ কৰিব লাগিব৷ ভেণ্ডীৰ প্ৰাকৃতিক ফাইবাৰে দেহৰ আৱৰ্জনা উলাই যোৱাত সহায় কৰে৷ ভেণ্ডী সম্পূৰ্ণ non-toxic আৰু পাৰ্শপ্ৰতিক্ৰিয়
াহীণ পাচলি৷
৩. কেপিলাৰী ফাংচন উন্নত কৰেঃ ভেণ্ডীয়ে ফাইবাৰৰ দ্বাৰা কলেস্টৰেল বাহিৰ কৰি কেপিলাৰী আৰু ৰক্তবাহী নলী সমূহৰ কাৰ্যকাৰীতা উন্নত কৰে৷ ফাইবাৰে কলেস্টৰেল কেপিলাৰী ৱালত লাগি ধৰাত বাধা দি উলিয়াই দিয়ে আৰু Atheroskeresis হোৱাৰ পৰা ৰক্ষা কৰে৷
৪.উন্নত হৃদস্বাস্থ্যঃ ভেণ্ডীয়ে হৃদস্বাস্থ্য উন্নত কৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰে৷ ভেণ্ডীয়ে কেপিলাৰী সমূহ আৰু ৰক্তবাহী নলীবোৰৰ পৰা কলেস্টৰেল পৰিস্কৰণেৰে হৃদস্বাস্থ্য উন্নত কৰে আৰু হৃদৰোগৰ পৰা ৰক্ষা কৰে৷ ভেণ্ডীত থকা পটাচিয়ামে হৃদযন্ত্ৰৰ কাৰ্য সুচাৰু ৰুপে চলায় শৰীৰৰ স্নায়ু সমূহৰ কাৰ্যক্ষমতা বঢ়ায়৷
৫. কোষ্ঠকাঠিন্যঃ ভেণ্ডীৰ জুলাপ গুণে বৃহদান্ত্ৰ পিছল ৰখাত সহায় কৰে৷ ফাইবাৰে পানী শোসন কৰি মল নিৰ্গমনত সহায় কৰে৷ ইয়াৰ বিজল ফাইবাৰে পিছল গুণৰ বাবে শৰীৰৰ আবৰ্জনা বা মল আৰামদায়ক ভাৱে নিৰ্গমনত সহায় কৰে৷
৬.পাচন বা হজমঃ ভেণ্ডীত ফাইবাৰৰ প্ৰাচুৰ্যই পেটৰ উপকাৰী বেক্টেৰীয়া (probiotic)সমূহক আহাৰ্য যোগান ধৰি পৰিপাক বা পাচন উন্নত কৰে৷ পাচনতন্ত্ৰৰ probiotics সমূহে হানীকাৰক বেক্টেৰীয়া বৃদ্ধি প্ৰতিৰোধ কৰি বিভিন্ন স্বাস্থ্য সমস্যাৰ পৰা ৰক্ষা কৰে৷
৭. আই বি এচ ( IBS ) প্ৰতিৰোধঃ IBS বা Irritable bowel syndrom এনে এক সমস্যা যি বৃহদান্ত্ৰ আক্ৰমন কৰে৷ IBS হলে পেট কামোৰণী, পেটফুলা, পেটপকোৱা, ডাইৰীয়া, পেটৰ বিষ আদি লক্ষন দেখা দিয়ে৷ ভেণ্ডীৰ ফাইবাৰ আৰু musilage এ পেটৰ স্বাস্থ্য উন্নত কৰি IBS প্ৰতিৰোধ কৰিব পাৰে৷
৮. অৱসাদ Depressionঃ ভেণ্ডীৰ পটাচিয়ামে শৰীৰৰ স্নায়ুবোৰ শান্ত কৰি শাৰিৰীক, মানসিক অৱসাদ, উদ্বিগ্নতা আৰু দুৰ্বলতা দুৰ কৰে৷ ১০০ গ্ৰাম ভেণ্ডীয়ে ৫৭ mg মেগনেচিয়াম শৰীৰক যোগান ধৰে৷
৯. গেস্ট্ৰিক আলচাৰঃ ইয়াৰ ফাইটোকেমিকেল, ফাইবাৰ আৰু আন আন পুষ্টিগুণে গেস্ট্ৰিকে উৎপন্ন কৰা এচিড প্ৰশমন কৰে ৷ ভেণ্ডীয়ে গেস্ট্ৰিকৰ pH পৰিবৰ্তন কৰি পাচন তন্ত্ৰক অতি ক্ষাৰকীয় অস্থায়ী আৱৰণেৰে সুৰক্ষা দিয়ে৷
১০. ভেণ্ডীৰ antioxidant এ হাওঁফাওঁ সমস্যা দুৰ কৰি কাৰ্যক্ষমতা বঢ়ায়৷ চৰ্দি পানীলগাত ডিঙিত সংক্ৰমন হৈ বিষ, সুৰসুৰণি আদি সমস্যাই দেখা দিয়ে৷ পানী বা আহাৰ গিলাত কষ্ট হয়৷ ভেণ্ডীৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক গুণে এই সমস্যা নিৰাময় কৰিব পাৰে৷ ভেণ্ডী ৰাতিটো তিয়াই থোৱা পানী সেবন কৰিলে এই সমস্যা দুৰ হয়৷ ই কাঁহ পানীলগা দুৰ কৰে৷
১১. হাঁপানীঃ ইয়াৰ Vitamin C এ হাঁপানী ৰোগত সকাহ দিয়ে৷ হাঁপানী ৰোগীৰ আহাৰত ভেণ্ডী থাকিলে ঘৰুৱা উপচাৰ হয়৷
১২. কেনচাৰ প্ৰতিৰোধঃ ভেণ্ডীত উচ্চ এন্টিঅক্সিডেন্ট আছে৷ এই উপাদানে কেনচাৰৰ কাৰক ফ্ৰি-ৰেডিকেল্চৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷ শৰীৰৰ কেনচাৰগ্ৰস্ত কোষ Proliferation বা বিস্তাৰত বাধা দিয়ে৷
১৩. চৰ্মস্বাস্থ্যঃ শৰীৰৰ ফ্ৰি ৰেডিকেল্চে বাৰ্দ্ধক্য (aging) আৰু ছাল সোতোৰা কৰে৷ ইয়াৰ ভিটামিন c আৰু আন পুষ্টিউপাদান সমূহে ফ্ৰি ৰেডিকেল্চ নাইকীয়া কৰি ছাল উজ্বল আৰু যৌৱনদীপ্ত কৰে৷ ভেণ্ডীৰ বিজল (musilage বা slime) ছালকুৱঁৰীৰ দৰে ব্যৱহাৰ কৰি ছাল moisturize কৰিব পাৰি৷ ইয়াৰ ভিটামিন Aও চৰ্মস্বাস্থ্য উন্নত কৰে৷ মুখৰ শালমন আৰু দাগত ভেণ্ডীৰ বীজল প্ৰলেপ ললে শালমন আৰু দাগ নোহোৱা হয়৷
১৪. দৃষ্টি স্বাস্থ্যঃ ইয়াৰ প্ৰচুৰ ভিটামিন A বিটাকেৰটিন, জেনটিন, লিউটেইন(ফাইট'কেমিকেল্চ আৰু ফ্লেভ'নয়ড) দৃষ্টিশক্তি উন্নত কৰে৷ চকুৰ ছানি পৰা বা cataract প্ৰতিৰোধ কৰে৷
১৫. অস্থিস্বাস্থ্যঃ কেলচিয়াম আৰু Kভিটামিনে হাড় মজবুত কৰে৷ kভিটামিনে হাড়ৰ প্ৰয়োজনীয় কেলচিয়াম শোষণত সহায় কৰে৷ যাৰ দ্বাৰা হাড়ৰ কোষ পুনৰ্গঠনত সহায় হয়৷ কেলচিয়ামে হাড়ৰ ঘনত্ব ৰক্ষা কৰি অস্টেঅপৰ'চিচ প্ৰতিৰোেধ কৰে৷
১৬. সুস্থ মেটাবলিজিমঃ ইয়াত থকা নিয়াচিন, ভিটামিন B-6 আদি B complex গোটৰ ভিটামিন সমূহ (পাইৰিডক্সিন) আৰু থিয়ামিন, পেন্ট'থেনিক এচিড থাকে৷ এই ভিটামিন Bগোটৰ উপাদান সমূহে শৰীৰৰ এঞ্জাইমেটিক ফাংচন সুচাৰুৰূপে চলাই মেটাবলিজিম প্ৰক্ৰিয়াৰে শক্তি উৎপাদন কৰে৷
ভেণ্ডীত কেলৰী অতি কম(১০০gm ত ৩০ cal) আৰু চৰ্বী তথা কলেস্টৰেল নাথাকে৷ ইয়াত উচ্চ মাত্ৰাত পোষক তত্ত্ব যেনে ডায়েট্ৰী ফাইবাৰ, খনিজ, ভিটামিন আদি পৰ্যাপ্ত মাত্ৰাত থাকে৷ সেয়ে শৰীৰৰ ওজন কমোৱা প্ৰচেষ্টাৰ সময়ত ভেণ্ডী সেবন উপযোগী৷
১৭. গৰ্ভাৱস্থাত উপযোগীঃ ভেণ্ডীত কিছুপৰিমানে ফলেট থাকে৷ ১০০ গ্ৰাম ভেণ্ডীয়ে দৈনিক প্ৰয়োজনৰ ২২% ফলেট যোগান দিয়ে৷ গৰ্ভাৱস্থাত দৈনিক ভেণ্ডী সেবনে গৰ্ভস্থ ভ্ৰূণৰ সুস্থ প্ৰগতিৰ লগতে নিউৰেল টিউব বিকৃত শিশু বা অসুস্থ শিশু জন্ম দিয়া প্ৰতিৰোধ কৰে৷
১৮. বৃক্ক স্বাস্থ্যঃ ২০০৫ চনত Jilin medical journalত প্ৰকাশ পোৱা গৱেষণাত ভেণ্ডীয়ে বৃক্ক সমস্যাৰ সম্ভাৱনা কমাব পাৰে কোৱা হৈছে৷ ডাইবেটিচ ৰোগীৰ বৃক্ক নষ্ট হোৱাৰ সম্ভাৱনা অধিক৷ সেয়ে ডাইবেটিক ৰোগীয়ে দৈনিক সঠিক পৰিমানে ভেণ্ডী সেবন কৰা উচিত৷
১৯. ৰোগ প্ৰতিৰোধঃ ইয়াৰ ভিটামিন C শ্বেতৰক্ত কনিকা শৃষ্টি কৰে আৰু wbc সুস্থ সবল কৰি পেথ'জেন আৰু সংক্ৰমন প্ৰতিৰোধেৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
২০. এনিমিয়াঃ ইয়াত থকা আইৰণ আৰু কপাৰে শৰীৰৰ লোহিত ৰক্তকনিকা সুস্থ আৰু সবল কৰে ৷ নতুন rbc আৰু হিম'গ্লবিন শৃস্টিত সহায় কৰে৷ হিমগ্লবিন সৰ্বশৰীৰত অক্সিজেন কঢ়িওৱাৰ বাবে অপৰিহাৰ্য৷
*** সাবধানতাঃ ভেণ্ডী এক নিৰাপদ পাচলি যদিও ভেণ্ডী খাওঁতে কেইটামান দিশত পাৰ্শপ্ৰতিক্ৰিয়াৰ প্ৰতি সাৱধান হব লাগে৷
ক. এইটো প্ৰমানিত হৈছে যে ভেণ্ডীয়ে ডাইবেটিচ ৰোগীৰ গ্লোকোজ লেভেল কমাব পাৰে৷ কিন্তু Metforonin hydrochlyde নামৰ ঔষধবিধ খাই থকা ৰোগীয়ে ভেণ্ডী নাখাব৷
খ. ডাইবেটিচ ৰোগীয়ে অতি বেছি পৰিমাণে ভেণ্ডী খালে ৰক্তশৰ্কৰা একেবাৰে কমি যাব বুলি নিৰ্দিষ্ট পৰিমাণতকৈ অত্যধিক বেছি ভেণ্ডী নাখাব৷ অত্যধিক সেবনে উলোটা ফলাফলেৰে বিপদত পেলাব পাৰে৷
গ. ভেণ্ডীত ভিটামিন K থাকে৷ যি উপাদানে blood clotting(তেজ গোট মৰা) কৰে৷ ৰক্ত পাতল কৰাৰ চিকিৎসা লৈ থকা আৰু coumadin (warfin) জাতীয় ঔষধ সেবন কৰি থকা ৰোগীয়ে ভেণ্ডী নাখাব৷

0 Comments:

Post a Comment

Popular Posts